Logo
image

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ই খলকনি তুলিছে বিহাৰ নিৰ্বাচনত

◼️ বিহাৰ নিৰ্বাচনৰ মাজতেই ছ’চিয়েল মিডিয়াত ভাইৰেল প্ৰয়াত কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাচৱানৰ পুত্ৰ লোকজনশক্তি পাৰ্টীৰ সভাপতি চিৰাগ পাচৱানৰ এটা ভিডিঅ’।

আমাৰ অসম, ২৯ অক্টোবৰঃ বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ পৰিৱেশৰ মাজতেই লোকজনশক্তি পাৰ্টীৰ সভাপতি চিৰাগ পাচৱানৰ ভাইৰেল হোৱা এটা ভিডিঅ’ই চৰ্চাৰ বিষয় হৈ পৰিছে। ভিডিঅ’টোত চিৰাগ পাচৱানে তেওঁৰ পিতৃ ৰামবিলাস পাচৱানৰ মৃত্যুৰ কিছু দিনৰ পাছতেই নিজৰ ঘৰত এটা ভিডিঅ’ তৈয়াৰ কৰি থকাৰ মুহূৰ্ত ভাইৰেল হোৱাৰ লগে লগেই সমালোচনাৰ লক্ষ্য কৰি লৈছে বিৰোধীৰ লগতে বহুতো লোকে। চিৰাগ পাচৱানৰ ভাইৰেল হোৱা এই ভিডিঅ’টোক সমালোচনাৰ লক্ষ্য কৰি জনতা দল য়ুনাইটেডে কয় যে, এই ভিডিঅ’টোত চিৰাগ পাচৱানৰ আচল চৰিত্ৰ, চেহেৰা প্ৰকাশ পালে। ভাইৰেল হোৱা ভিডিঅ’ৰ প্ৰসংগত বিৰোধীয়ে চিৰাগ পাচৱানক কৰা সমালোচনাৰ প্ৰত্যুত্তৰত চিৰাগ পাচৱানে কয় যে, “মই নাজানো কি উদ্দেশ্যৰে এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে। মই মোৰ পিতৃৰ মৃত্যুত মৰ্মাহত হোৱা কথাটোত মই প্ৰমাণ দিব লাগিব নেকি? মুখ্যমন্ত্ৰীয়ে এনে ধৰণৰ ৰাজনীতি কৰিব বুলি মই আশা কৰা নাছিলো।”