Logo
image

স্বাস্থ্যসেৱাৰ অস্বাস্থ্যকৰ অৱস্থা

দীৰ্ঘদিন স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত থকা ড॰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই প্ৰকাশ কৰিছিল যে তেওঁৰ শাসনকালতে অসমক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত এখন কৰিব৷ দীৰ্ঘদিন ধৰি অসমৰ স্বাস্থ্যখণ্ডৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি দাবী কৰি অহা ড॰ শৰ্মাই স্বাস্থ্যখণ্ডৰ কিমান উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে, সেই কথা বাৰে বাৰে পোহৰলৈ আনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সমীক্ষাই৷ চিকিৎসালয়, স্বাস্থকেন্দ্ৰসমূহৰ গৃহ হ’লেই স্বাস্থ্যখণ্ডৰ মান উন্নত নহয়; প্ৰতিখন হাস্পতালতে উপযুক্ত পৰিমাণে চিকিৎসক, চিকিৎসাকৰ্মী আৰু চিকিৎসা সঁজুলিৰ ব্যৱস্থা কৰিব পাৰিলেহে জনসাধাৰণে চৰকাৰী হাস্পতাল বা স্বাস্থ্যকেন্দ্ৰত চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব৷ চৰকাৰী হাস্পতালত দুখীয়া পৰিয়ালৰ ৰোগীয়ে কি যমৰ যাতনা ভোগে, সেয়া হাস্পতালবোৰ পৰিদৰ্শন কৰিলেই অনুমান কৰিব পাৰি৷ চৰকাৰী হাস্পতালত ৰোগীয়ে বহু সময়ত উপযুক্ত চিকিৎসা লাভ নকৰে বুলি প্ৰায়েই অভিযোগ উঠে৷ ফলত ৰোগীয়ে মৃত্যুৰে যুঁজিবলগীয়া হয়৷ সেইবাবেই অৱস্থাসম্পন্ন লোকে চিকিৎসাৰ বাবে ব্যক্তিগত খণ্ডৰ হাস্পতাললৈহে ঢাপলি মেলে৷ শেহতীয়াকৈ প্ৰকাশ পোৱা এক ৰাষ্ট্ৰীয় সমীক্ষাৰ প্ৰতিবেদনে ৰাজ্যৰ চিকিৎসা খণ্ডৰ ফোঁপোলা স্বৰূপ প্ৰকট কৰিছে৷ ১৩ মাৰ্চত দেশৰ মহাপঞ্জীয়কে প্ৰকাশ কৰা মেটাৰনেল মৰ্টেলিটী ৰেচিঅ’-২০২২ সমীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে প্ৰসূতিৰ মৃত্যুৰ হাৰ দেশৰ ভিতৰতে অসমতে সৰ্বাধিক৷ সমীক্ষাটোত প্ৰকাশ পোৱা মতে, দেশত প্ৰতিলাখ প্ৰসূতিৰ ভিতৰত ১০৩গৰাকীয়ে অনাকাংক্ষিত মৃত্যুক আঁকোৱালি লয়৷ কিন্তু অসমত প্ৰসূতিৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ বহু বেছি৷ সমীক্ষাত প্ৰকাশ পোৱা মতে, অসমত প্ৰতি লাখ প্ৰসূতিৰ ভিতৰত ২০৫গৰাকীয়ে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি লয়৷ প্ৰসূতিৰ মৃত্যুৰ এই হাৰ যদিও পূৰ্বৰ হাৰতকৈ কম, তথাপি দেশৰ ভিতৰতে সৰ্বাধিক৷ মূলতঃ অসমৰ স্বাস্থ্যখণ্ডৰ পুতৌলগা অৱস্থাৰ বাবেই প্ৰসূতিৰ মৃত্যুৰ হাৰ সৰ্বাধিক৷ মাতৃত্বৰ অযুত হেঁপাহেৰে সপোনৰ ঘৰখন সজাবলৈ গৰ্ভত ধাৰণ কৰা সন্তানক পৃথিৱীৰ পোহৰ দেখুৱাবলৈ চিকিৎসকৰ কাষ চপা গৰ্ভৱতীয়ে সন্তান জন্ম দিয়াৰ পাছতে উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুক আঁকোৱালি লয়৷ তদুপৰি নৱজাতকৰ মৃত্যুৰ ক্ষেত্ৰতো অসমে ৰাষ্ট্ৰীয় গড়ৰ সমপৰ্যায় পাবলৈ এতিয়াও বহু বাকী৷ এনে অৱস্থাত অসমৰ চিকিৎসা সেৱাৰ মান উন্নত হোৱা বুলি ক’ব পাৰিনে? ৰাষ্ট্ৰসংঘই বহনক্ষম উন্নয়নৰ লক্ষ্যৰে বিশ্বত প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি লাখত ৭০গৰাকীৰ তললৈ নিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে যদিও ভাৰতে এই লক্ষ্যত উপনীত হ’বলৈ বহুদূৰ৷ আনহাতে, এই দিশত অসমৰ স্বাস্থ্যসেৱাৰ মান অতি শোচনীয়৷ এনে অৱস্থাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কোৱা দেশৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত অসমক স্থান দিবলৈ সক্ষম হ’বনে? তদুপৰি অসমৰ চিকিৎসালয়সমূহত এতিয়াও বহু চিকিৎসকৰ অভাৱ৷ আনকি চৰকাৰী চিকিৎসা মহাবিদ্যালয়কেইখনতে প্ৰয়োজনীয় শিক্ষকৰ অভাৱ৷ ৰাজ্যত নতুন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে যদিও প্ৰায়বোৰ চিকিৎসা মহাবিদ্যালয়তে নানা সমস্যা আছে৷ তদুপৰি চিকিৎসকসকলেও চৰকাৰী চিকিৎসালয়ত দায়িত্বসহকাৰে আৰু সেৱাৰ মনোভাবেৰে ৰোগীক চিকিৎসা নকৰা বুলিও অভিযোগ শুনা যায়৷ আনকি চৰকাৰী হাস্পতাল বা স্বাস্থ্যকেন্দ্ৰত কাম কৰাতকৈ চিকিৎসকসকলে নাৰ্ছিংহোম আৰু ব্যক্তিগত চেম্বাৰতহে চিকিৎসা সেৱা আগবঢ়োৱাত গুৰুত্ব দিয়ে৷ এনেবোৰ ব্যৱস্থাৰ বাবেও দুখীয়া আৰু হোজা লোকসকলে চৰকাৰী হাস্পতালত দুৰ্ভোগ ভুগিবলগীয়া হয়৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অসমৰ স্বাস্থ্যসেৱাৰ মান উন্নত কৰাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিলেহে স্বাস্থ্যখণ্ডৰ মান উন্নত হ’ব আৰু জনসাধাৰণে প্ৰয়োজনীয় চিকিৎসা সেৱা লাভ কৰিব৷