Logo
image

নাটোত অন্তৰ্ভুক্ত নহয় ইউক্ৰেইন

যুদ্ধৰ ২১ দিনৰ দিনা জেলেনস্কিৰ ঘোষণা

আমাৰ অসম, ১৭ মাৰ্চঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধই ২১ দিন অতিক্ৰম কৰিছে৷ যুদ্ধৰ মাজতে দুয়োখন দেশৰ মাজত আলোচনা চলি আছে যদিও কোনোধৰণৰ সমাধান ওলোৱা নাই৷ গতিকে ৰাছিয়াই ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰাখিছে৷ ৰাছিয়াই চলোৱা আক্ৰমণৰ ২১ দিনৰ দিনা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে ঘোষণা কৰে যে তেওঁৰ দেশে কেতিয়াও ‘নাটো’ত যোগ নিদিয়ে৷ নাটো বাহিনীৰ সদস্য নহয় বুলি তেওঁ ঘোষণা কৰাৰ পাছত ৰাছিয়াৰ খং মাৰ যাব বুলি আশা কৰা হৈছে৷ উল্লেখ্য, ৰাছিয়াই কেতিয়াও বিচৰা নাই যে ইউক্ৰেইন ইউৰোপ আৰু নাটো বাহিনীত অন্তৰ্ভুক্ত হওক৷ গতিকে এতিয়া জেলেনস্কিয়ে স্পষ্টকৈ ‘নাটো’ৰ সদস্য নহয় বুলি ঘোষণা কৰাৰ পাছত ৰাছিয়া শান্ত হ’ব বুলি আশা কৰা হৈছে৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে বিচাৰিছে যে যিকোনো প্ৰকাৰে এই যুদ্ধ হ্ৰাস পাওক৷ গতিকে তেওঁ এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে৷ ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ সৰহভাগ চহৰেই ক্ষতিগ্ৰস্ত হৈছে৷ বহু সেনা, সাধাৰণ লোকে প্ৰাণ হেৰুৱাইছে, বহুতে হাস্পতালত চিকিৎসা গ্ৰহণ কৰি আছে৷