Logo
image

আমেৰিকাক ৰাছিয়াৰ কঠোৰ প্ৰত্যুত্তৰ

বাইডেন, হিলাৰী ক্লিণ্টনক নিষিদ্ধ

আমাৰ অসম, ১৭ মাৰ্চঃ ৰাছিয়াৰ বিৰুদ্ধে আমেৰিকাই কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনকে ধৰি আন আন আগশাৰীৰ নেতা-ব্যৱসায়ীকো নিষিদ্ধ কৰে৷ ইয়াৰ ফলত ৰাছিয়াৰ অৰ্থনীতিত অতি বেয়া প্ৰভাৱ পৰিছে৷ এতিয়া এই কথা পোহৰলৈ আহিছে যে ৰাছিয়াইও আমেৰিকাৰ বিৰুদ্ধে ঘোষণা কৰে কঠোৰ নিষেধাজ্ঞা৷ ৰাছিয়াই মঙলবাৰে নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’বাইডেন, প্ৰাক্তন ফাষ্টৰ্ লেডী হিলাৰী ক্লিণ্টন আৰু হোৱাইট হাউছৰ আন বহু শীৰ্ষ বিষয়াক নিষিদ্ধ কৰে৷ তেওঁলোকে ৰাছিয়াত প্ৰৱেশ কৰিব নোৱাৰিব৷ ৰাছিয়াৰ দ্বাৰা নিষিদ্ধ হোৱা আমেৰিকাৰ আন আন শীৰ্ষ নেতাসকলৰ অন্যতম হ’ল বিদেশ মন্ত্ৰী এণ্টনী ব্লিনকেন, প্ৰতিৰক্ষা মন্ত্ৰী লয়ড অষ্টিন, হোৱাইট হাউছৰ প্ৰেছ সচিব জেন  পিছাকি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভান৷ ৰাছিয়াৰ বিদেশ মন্ত্ৰণালয়ে মঙলবাৰে এই নিষেধাজ্ঞাৰ কথা ঘোষণা কৰে৷ তেওঁলোকে ৰাছিয়াত প্ৰৱেশ কৰিব নোৱাৰিব আৰু ৰাছিয়াত থকা তেওঁলোকৰ সা-সম্পত্তিও বাজেয়াপ্ত কৰা হ’ব৷