Logo
image

আত্মসমৰ্পণৰ ইংগিতৰ পাছতো নিৰ্বিচাৰ গোলাবৰ্ষণ ৰাছিয়াৰ

হিচাপ হেৰাইছে মৃত্যুৰ  কিয়েভ ছাৰখাৰ

আমাৰ অসম, ১৮ মাৰ্চঃ ইউক্ৰেইন আক্ৰমণ কৰা ৰুছ সেনাৰ স্থলবাহিনীৰ গতি শত্ৰু সেনাই ছেগ চাই কৰা প্ৰত্যাক্ৰমণত থমকি ৰৈছে, কিন্তু অব্যাহত আছে ৰাছিয়াৰ বোমা বৰ্ষণ আৰু ক্ষেপণাস্ত্ৰৰ মুহুৰ্মুহু আক্ৰমণ৷ ৰাছিয়াৰ আক্ৰমণত বিতত ইউক্ৰেইনে আত্মসমৰ্পণৰ ইংগিত দিছে৷ পিছে থমকি ৰোৱা নাই ৰাছিয়াৰ আক্ৰমণৰ গতি৷ ইউক্ৰেইনে জনোৱা দাবী অনুসৰি ৰাছিয়াৰ সেনাবাহিনীয়ে এতিয়া দেশখনৰ অসামৰিক অঞ্চল আক্ৰমণৰ মূল লক্ষ্য কৰি লৈছে৷ একেই দাবী কৰিছে ইউক্ৰেইনৰ প্ৰতি যুদ্ধৰ আৰম্ভণিৰে পৰা সমমৰ্মিতা প্ৰদৰ্শন কৰি অহা নাটোগোষ্ঠী আৰু আমেৰিকাই৷ এই ক্ষেত্ৰত ৰাছিয়াৰ মতামত বহিৰ্বিশ্বই সঠিকভাৱে জানিব পৰা নাই৷ কিয়নো ৰাছিয়াৰ সংবাদ মাধ্যম পশ্চিমীয়া দেশৰ সংবাদ মাধ্যমে বিভিন্ন উপায়েৰে নিষিদ্ধ  কৰি ৰাখিছে৷ আনকি ৰাছিয়াক অতি সোনকালে ইণ্টাৰনেটৰ সংযোগৰ  পৰাও পশ্চিমীয়া ৰাষ্ট্ৰই বিচ্ছিন্ন কৰি পেলাব বুলি ভাবুকি দিছে৷ ইণ্টাৰনেটৰ জাল বা ৱল্ডৰ্ ৱাইড ৱেবৰ [ডব্লিউ ডব্লিউ ডব্লিউ] পৰা ৰাছিয়াক বিচ্ছিন্ন কৰি দিলে সেই দেশখনৰ পক্ষৰ কোনো সংবাদেই বিশ্ববাসীয়ে জানিবলৈ নাপাব৷ যুদ্ধৰ পৰিস্থিতি এনে শোকাৱহ হৈ পৰিছে, য’ত মানৱাধিকাৰ ভুলুণ্ঠিত হৈছে আৰু মৃতদেহৰ কোনো হিচাপ নোহোৱা হৈছে৷ যুদ্ধৰত কোনো পক্ষই কেতিয়াও নিজৰ ক্ষতিৰ বিষয়ে সঠিককৈ প্ৰকাশ নকৰে৷ ৰোমান যুদ্ধ, নেপোলিয়ন যুগ আৰু শেহতীয়া দুখন বিশ্বযুদ্ধতো কোনো পক্ষই নিজৰ ক্ষতিৰ বিষয়ে যুদ্ধ চলি থকা অৱস্থাত সঠিক হিচাপ প্ৰকাশ কৰা নাছিল৷  যুদ্ধৰ ক্ষতিৰ প্ৰকৃত তথ্য দিয়াৰ উদাহৰণ ইতিহাসত নাই৷ সেনাৰ নিহতৰ তথ্য মুকলিভাৱে প্ৰকাশ কৰিলে যুদ্ধৰত সৈনিক মানসিকভাৱে দুৰ্বল হৈ পৰাৰ আশংকাতে সকলো পক্ষই প্ৰতিপক্ষৰ ক্ষতি অধিক হোৱা বুলি প্ৰকাশ কৰি নিজৰ সৈনিকৰ মৃত্যুৰ তথ্য গোপন কৰি ৰাখে৷ তেনে নিষ্ঠুৰ ইতিহাসৰ পুনৰাবৃত্তি ঘটিছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত৷ ২২ দিন অতিক্ৰম কৰা এই ভয়ানক যুদ্ধখনত অলেখ অসামৰিক লোক আৰু সেনাবাহিনী নিহত হৈছে৷ কিন্তু প্ৰতিটো পক্ষই আগবঢ়োৱা নিহতৰ তথ্য ভিন ভিন৷ হিচাপ নোহোৱা হৈ পৰিছে মৃত্যুৰ৷ যুদ্ধৰত দুখন দেশ ৰাছিয়া আৰু ইউক্ৰেইনৰ উপৰি আমেৰিকা আৰু ৰাষ্ট্ৰসংঘই যুদ্ধ অব্যাহত থকা সময়ত বিভিন্ন হিচাপ আগবঢ়াইছে৷ ইউক্ৰেইনে দাবী কৰিছে, তেওঁলোকে দখলদাৰী আৰু আক্ৰমণকাৰী ৰাছিয়াৰ ১৩ হাজাৰ সেনাক নিধন কৰিছে৷ পিছে এই দাবী অতিৰঞ্জিত বুলি কৈছে মাৰ্কিন প্ৰতিৰক্ষা বিভাগৰ এজন শীৰ্ষ বিষয়াই৷ নাটোগোষ্ঠীৰ কোনো দেশে ইউক্ৰেইনৰ এই দাবীৰ সপক্ষত মন্তব্য কৰা নাই৷ আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ এজন বিষয়াৰ মতে ৰাছিয়াৰ সেনাবাহিনীৰ সংখ্যা আৰু শক্তি যিমান, ইউক্ৰেইনৰ বাবে ৰুছ সেনাৰ তেওঁলোকে দাবী কৰাৰ দৰে ক্ষতি কৰাটো সম্ভৱ নহয়৷ ক্ষতি হৈছে সঁচা, কিন্তু ইউক্ৰেইনৰ ক্ষতিও নিচেই কম নহয়৷ ১৬ মাৰ্চত ইউক্ৰেইনে দাবী কৰিছিল তেওঁলোকে ১৩,৮০০ ৰুছ সেনাক নিধন কৰিছে আৰু ৬০০ জনক যুদ্ধবন্দী কৰিছে৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে মুকলিভাৱে বুধবাৰে এই দাবী কৰিছিল৷ কিন্তু মাৰ্কিন প্ৰতিৰক্ষা বিভাগ পেণ্টাগণৰ এজন শীৰ্ষ বিষয়াই জেলেনস্কিৰ এই দাবী অমূলক বুলি মন্তব্য কৰিছে৷ বিষয়াজনৰ মতে চলিত যুদ্ধত এতিয়ালৈকে ইউক্ৰেইনে ২০০০-৪০০০ সেনাৰ জোৱান আৰু বিষয়াক হেৰুৱাবলগীয়া হৈছে৷ সেই তথ্য দেশখনে গোপন কৰি ৰাখিছে৷ ৰাছিয়াই দাবী কৰা অনুসৰি ২ মাৰ্চ পৰ্যন্ত ইউক্ৰেইনৰ ২,৮৭০ জন সেনা নিহত হৈছে, ৩,৭০০ জন আহত হৈছে আৰু ৫৭২ জন যুদ্ধবন্দী হৈছে৷ সেই হিচাপ দিয়াৰ পৰা যুদ্ধই আৰু ১৫ দিন অতিক্ৰম কৰিছে৷ ফলত নিহতৰ সংখ্যা বহুগুণে বৃদ্ধি পোৱা তেনেই স্বাভাৱিক৷ একেইদিনাই ৰাছিয়াই তেওঁলোকৰ ৪৯৮ সেনা নিহত আৰু ৰ,৫৯৭ জন আহত হোৱা বুলি প্ৰকাশ কৰিছিল৷ আমেৰিকা চৰকাৰে আনুষ্ঠানিকভাৱে দাবী কৰা অনুসৰি ৰুছ বাহিনীৰ ৮,০০০-১২,০০০ সেনা এই পৰ্যন্ত যুদ্ধত নিহত হৈছে৷ বিভিন্ন পক্ষই সেনাৰ হানিৰ ভিন ভিন তথ্য প্ৰকাশ কৰি থাকিলেও সঠিক সংখ্যা জনাটো সকলোৰে বাবে অসম্ভৱ৷ কিন্তু যুদ্ধবিধবস্ত ইউক্ৰেইনত হাজাৰ হাজাৰ অসামৰিক লোকৰ মৃত্যু হৈছে৷ এই পৰ্যন্ত দেশখনৰ পৰা  ৩০ লাখ নাগৰিকে পলায়ন কৰিছে৷ কমেও ৫ হাজাৰ অসামৰিক লোকৰ মৃত্যু হৈছে৷ বুধবাৰে ৰুছ ক্ষেপণাস্ত্ৰৰ আক্ৰমণত চাৰ্ণিহিভ চহৰত একেলগে ৫৩ জন অসামৰিক লোকৰ মৃত্যু হৈছে৷ দেশখনৰ বিভিন্ন চহৰত চৰকাৰী প্ৰশাসনে গণকবৰ খান্দি সকলোৰে একেলগে শেষকৃত্য কৰিবলগীয়া হৈছে৷ তেনে ঘটনাৰ অসংখ্য ফটো আৰু ভিডিঅ’বিভিন্ন সংবাদ মাধ্যমত বিয়পি পৰিছে আৰু সেই খবৰে বিশ্বৰ সকলোকে ব্যথিত কৰি তুলিছে৷  দুখন দেশৰ সেনাৰ মাজত হোৱা ভয়ংকৰ যুদ্ধত বলি হৈছে নিৰ্দোষী, অসামৰিক লোক৷ ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধ বন্ধ কৰাৰ বাবে একেৰাহে আলোচনা চলি আছে৷ কিন্তু এই আলোচনাৰ মাজতো ৰাছিয়াই ভয়ংকৰ বোমাবৰ্ষণ আৰু আক্ৰমণ অব্যাহত ৰাখিছে৷ বহু স্থানত ৰাছিয়াৰ স্থলবাহিনী উপগ্ৰহ চিত্ৰত স্থিৰ হৈ থকা দেখা গৈছে৷ কিন্তু আকাশমাৰ্গেৰে ৰাছিয়াই অহৰ্নিশে বোমা আৰু গোলাৰে আক্ৰমণ অব্যাহত ৰাখিছে৷ ৰাছিয়াৰ সেনাবাহিনী কিয় স্থবিৰ হৈ ৰৈ আছে সেই সন্দৰ্ভত নিশ্চিত কোনো তথ্য নাই৷ ৰুছ সেনাই অৱৰোধ কৰি ৰখা স্থানৰ পৰা সেই অঞ্চলৰ বাসিন্দাক পলাই যোৱাৰ সুবিধা দিয়াৰ বাবে স্থলবাহিনীয়ে স্থলভাগেৰে প্ৰৱল আক্ৰমণ কৰা নাই বুলি ধাৰণা কৰা হৈছে৷ উদাহৰণ হিচাপে ৰাজধানী কিয়েভক বোমা আৰু গোলাৰে ৰাছিয়াই ধবংসস্তুপত পৰিণত কৰিছে৷ কিন্তু ৰাছিয়াৰ স্থলসেনাই চহৰখনৰ মাজভাগত প্ৰৱেশ কৰাৰ পৰা বিৰত আছে৷ উল্লেখ্য, উভয়  পক্ষৰ মাজত চলি থকা আলোচনাত ইউক্ৰেইনে ৰাছিয়াৰ মূল দাবী অনুসৰি কেতিয়াও নাটোত যোগদান নকৰে বুলি প্ৰতিশ্ৰুতি দিছে৷ কিন্তু ৰাছিয়াই তেওঁলোকক নিৰপেক্ষ হ’বলৈ আগবঢ়োৱা চৰ্ত ইউক্ৰেইনে মানি লোৱা নাই৷ আনহাতে ইউক্ৰেইনে ৰাছিয়াক চলিত আলোচনাত অবিলম্বে যুদ্ধবিৰতি আৰু দেশখনৰ পৰা সেনা প্ৰত্যাহাৰৰ চৰ্ত দিছে৷ সেই চৰ্ত মানি লোৱা নাই ৰাছিয়াই৷ ফলত অব্যাহত আছে ৰাছিয়াৰ আক্ৰমণ আৰু ইউক্ৰেইনৰ মৰণপণ প্ৰত্যাক্ৰমণ৷