Logo
image

বিশ্বসুন্দৰী হ’ল পোলেণ্ডৰ কেৰ’লিনা

যুদ্ধৰ আৱহৰ মাজতে

আমাৰ অসম, ১৮ মাৰ্চঃ প্ৰতিবেশী দেশ ইউক্ৰেইন যুদ্ধত বিধবস্ত৷ দেশৰ জনতাই ৰাছিয়াৰ বোমা-ক্ষেপণাস্ত্ৰৰ আক্ৰমণত দিকবিদিক হেৰুৱাই চুবুৰীয়া দেশলৈ পলায়ন কৰিছে৷ এখন প্ৰতিবেশী দেশ পোলেণ্ডো, য’ত ভৰি পৰিছে ইউক্ৰেইনৰ যুদ্ধ বিধবস্ত শৰণাৰ্থীৰে৷ সেই ভয়ানক যুদ্ধৰ আবহৰ মাজতে পোলেণ্ডৰ সুন্দৰী কেৰ’লিনা বিয়েলাৱাস্কাৰ শিৰত জিলিকিল মিছ ৱল্ডৰ্ৰ মুকুট৷ যুদ্ধৰ পৰিৱেশৰ পৰা মিছ ৱল্ডৰ্ প্ৰতিযোগিতা অনুষ্ঠিত হোৱা পুৰ্ট’ৰিক’ৰ দূৰত্ব বহুত, কিন্তু প্ৰতিৱেশী ইউক্ৰেইনক ৰাছিয়াই আক্ৰমণ কৰি তচনচ কৰি দিয়াৰ সময়ত সেই যুদ্ধৰ আবহে পোলেণ্ডকো স্পৰ্শ কৰি গৈছে৷ যুদ্ধ হ’লেও পৃথিৱী থমকি নৰয়৷ তাকেই প্ৰতিপন্ন কৰি পোলেণ্ডৰ সুন্দৰী কেৰ’লিনাই জয় কৰিলে বিশ্ব সুন্দৰীৰ মুকুট৷ বুধবাৰে নিশা পুৰ্ট’ৰিক’ত আয়োজিত প্ৰতিযোগিতাত তেওঁ বিশ্ব সুন্দৰীৰ খিতাপ লাভ কৰে৷ পুৰ্ট’ ৰিক’ৰ ছান জুৱান’ত অৱস্থিত কোকাকোলা মিউজিক হল নামৰ  প্ৰেক্ষাগৃহত আয়োজিত জাকজমকীয়া অনুষ্ঠানটোত তেওঁ বিশ্বৰ সকলো প্ৰতিযোগীকে পিছ পেলাই আটাইতকৈ সুন্দৰীৰূপে জিলিকি উঠিবলৈ সক্ষম হয়৷ কোৱা বাহুল্য মাথোঁ, ক’ভিড অতিমাৰীৰ বাবে এবছৰতকৈ অধিক সময় প্ৰতিযোগিতাখন পিছুৱাই গৈছিল৷ সেয়ে পোলেণ্ডৰ কেৰ’লিনা বিজয়ী হোৱা মিছ ৱল্ডৰ্ প্ৰতিযোগিতাখন ২০২২ চনত আয়োজিত হ’লেও প্ৰকৃততে পোলেণ্ডৰ সুন্দৰীগৰাকী ২০২১ চনৰ বিশ্ব সুন্দৰী হিচাপেহে পৰিচিত হ’ব৷ এই প্ৰতিযোগিতাত প্ৰথম ৰাণাৰ-আপৰ সন্মান লাভ কৰে ভাৰতীয় মূলৰ মাৰ্কিন সুন্দৰী শ্ৰীছাইনীয়ে৷  শ্ৰীছাইনীৰ পিতৃ-মাতৃৰ ঘৰ পঞ্জাবৰ লুধিয়ানাত৷ তেওঁৰ পাঁচ বছৰ বয়সতে পিতৃ-মাতৃ আমেৰিকালৈ গৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোক মাৰ্কিন নাগৰিক হৈ পৰে৷ ৱাশ্বিংটন ডি চিত বসবাস কৰা শ্ৰীছাইনীৰ এই বিজয়ৰ গৌৰৱ ভাৰতৰো প্ৰাপ্য৷ শিশু অৱস্থাতে মুখমণ্ডল অগ্নিদগ্ধ হোৱা শ্ৰীছাইনী হূদৰোগীও৷ ১২ বছৰ বয়সত জটিল হূদৰোগত আক্ৰান্ত হোৱা শ্ৰীছাইনীৰ দেহত স্থায়ীভাৱে তেতিয়াই পেচমেকাৰ সংৰোপন কৰা হৈছিল৷ অপেন হাৰ্ট ছাৰ্জাৰীৰে শ্ৰীছাইনীৰ বুকুত পেচমেকাৰ সংস্থাপন কৰা হৈছিল৷ প্ৰসংতঃ উল্লেখযোগ্য চলিত বছৰত অনুষ্ঠিত হোৱা ২০২১ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছিল পঞ্জাবৰে ভাৰতীয় সুন্দৰী হাৰনাজ কৌৰ সান্ধুৱে৷ একেটা বছৰতে দুগৰাকী ভাৰতীয় তৰুণীয়ে মিছ ইউনিভাৰ্ছ খিতাপ আৰু মিছ ৱল্ডৰ্ প্ৰথম ৰাণাৰ-আপ খিতাপ অৰ্জন কৰাটোৱে ১৯৯৭ চনত সুস্মিতা সেন আৰু ঐশ্বৰ্য ৰায়ে যথাক্ৰমে মিছ ইউনিভাৰ্ছ আৰু মিছ ৱল্ডৰ্ খিতাপ জয় কৰাৰ ঐতিহাসিক মুহূৰ্ত মনত পেলাই দিছে৷ ইপিনে মিছ ৱল্ডৰ্ৰ খিতাপ অৰ্জন কৰা পোলেণ্ডৰ সুন্দৰী কেৰ’লিনা মেনেজমেণ্ট বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী৷ তেওঁ এই দুৰ্দান্ত সাফল্য সত্ত্বেও নিজৰ শিক্ষাৰ কেৰিয়াৰ আগবঢ়াই নিব৷ সম্প্ৰতি তেওঁ পি এইছ ডিৰ ছাত্ৰী হিচাপে গৱেষণা কৰি আছে৷ এই সুন্দৰী প্ৰতিযোগিতাত দ্বিতীয়  ৰাণাৰ-আপ হয় কট ডি আইভৰিৰ সুন্দৰী অলিভিয়া য়াছে৷