Logo
image

ডায়েবেটিছ ৰোগীয়েও খাব পাৰে কুঁহিয়াৰৰ ৰস

দুপৰীয়া প্ৰখৰ ৰ’দত কুঁহিয়াৰৰ ৰস খালে মন-প্ৰাণ শীতল হৈ পৰে৷ কুঁহিয়াৰৰ ৰস অকল তৃষ্ণা দূৰ কৰাৰ বাবে খোৱা বুলি ভাবিলে ভুল কৰা হ’ব৷ কুঁহিয়াৰৰ ৰসত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে৷ এইবিধ উপাদানে শৰীৰৰ পৰা দূষিত পদাৰ্থসমূহ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে৷ কুঁহিয়াৰৰ ৰসৰ পৰা অজস্ৰ উপকাৰ পোৱা যায়৷ উল্লেখ কৰা হ’ল কুঁহিয়াৰৰ ৰসৰ পৰা পাব পৰা উপকাৰিতা সমূহ–

[১] গ্ৰীষ্মকালত ঘাম বেছি হয়৷ ফলত শৰীৰত পানীৰ পৰিমাণ কমি যায়৷ এনে ক্ষেত্ৰত সহজে ক্লান্তি ভাব আহে৷ এনে সময়ত কুঁহিয়াৰৰ ৰস পান কৰিলে শৰীৰে  কাৰ্বহাইড্ৰেড লাভ কৰে৷ ফলত শক্তি বাঢ়ে৷

[২] যকৃত বা লিভাৰ ভালে ৰাখিবলৈ আৰু ইয়াৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিবলৈ কুঁহিয়াৰৰ ৰস অতি উপকাৰী৷ জণ্ডিচ ৰোগীৰ ক্ষেত্ৰত কুঁহিয়াৰৰ ৰসক প্ৰচলিত পথ্য বুলি কোৱা হয়৷ প্ৰস্ৰাৱৰ সংক্ৰমণজনিত সমস্যাত ভুগিলে কুঁহিয়াৰৰ ৰস খাব পাৰে৷

[৩] ছালৰ উজ্জ্বলতা বৃদ্ধি আৰু চুলি ভালে ৰখাৰ ক্ষেত্ৰত কুঁহিয়াৰৰ ৰসৰ কাৰ্যকাৰিতা উল্লেখনীয়৷ কুঁহিয়াৰৰ ৰসত থাকে আলফা হাইড্ৰক্সি এচিড৷ এইবিধ উপাদানে শালমনৰ সমস্যা দূৰ কৰে আৰু উফি নাইকিয়া কৰে৷ 

[৪] কুঁহিয়াৰৰ ৰসত প্ৰচুৰ পৰিমাণে ফাইবাৰ থকা  বাবে ই কোষ্ঠ-কাঠিন্য সমস্যাৰ পৰা মুক্তি দিয়াত সহায় কৰে৷ তদুপৰি কলেষ্টেৰ’লো নিয়ন্ত্ৰণত ৰাখে৷

[৫] কুঁহিয়াৰৰ ৰসত থকা প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্টে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে৷ গ্ৰীষ্মকালত কুঁহিয়াৰৰ ৰস পান কৰিলে শৰীৰ ঠাণ্ডা হয় আৰু ভাইৰাছ তথা বেক্টেৰিয়াৰ সংক্ৰমণৰ আশংকা হ্ৰাস পায়৷ 

[৬] ডায়েবেটিছত ভোগাসকলে সাধাৰণতে কুঁহিয়াৰৰ ৰস পান কৰাৰ পৰা আঁতৰি থাকে৷ কিন্তু বিভিন্ন গৱেষণাত পোৱা তথ্য মতে কুঁহিয়াৰত আইচ’মেল্টজ নামৰ এবিধ উপাদান থাকে, যিবিধ উপাদানে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে৷ টাইপ-২ ডায়েবেটিছৰ ক্ষেত্ৰত তেজত শৰ্কৰাৰ মাত্ৰা হঠাতে কমিলে কুঁহিয়াৰৰ ৰস খাব পাৰে৷ হাইপ’গ্লাইচিমিয়াত আক্ৰান্তসকলৰ বাবেও কুঁহিয়াৰৰ ৰস অত্যন্ত উপকাৰী৷ অৱশ্যে এনে লোকসকলে কিমান পৰিমাণৰ কুঁহিয়াৰৰ ৰস খাব লাগে সেই বিষয়ে চিকিৎসকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব৷