Logo
image

এলঝাইমাৰক দূৰতে ৰাখিবলৈ খাওক এইবোৰ

বিজ্ঞানৰ অভাৱনীয় উত্তৰণ হ’লেও আজিও কিছুমান ৰোগৰ পৰা নিৰাময় পোৱাটো সম্ভৱ হৈ উঠা নাই৷ তেনে এক ৰোগ হৈছে এলঝাইমাৰ৷ শেহতীয়াভাৱে এলঝাইমাৰ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ স্মৃতিশক্তি হ্ৰাস পোৱাটো হৈছে এলঝাইমাৰ ৰোগৰ লক্ষণ৷ এই ৰোগৰ লক্ষণ ভুক্তভোগীৰ দৈনিক আচৰণ পৰ্যবেক্ষণ কৰি সহজে চিনাক্ত কৰিব পাৰি৷ কোনো গুৰুত্বপূৰ্ণ সময়সূচীৰ দিন-তাৰিখ পাহৰি যোৱা, সাম্প্ৰতিক ঘটনাৰ বিষয়ে পাহৰি যোৱা, সহজ কথাও বুজাত অসুবিধা হোৱা, নিজে থোৱা বস্তু ক’ত থৈছে পাহৰি যোৱা– এইবোৰ হৈছে স্মৃতিশক্তি হ্ৰাসৰ লক্ষণ৷ নিউৰ’ল’জিৰ এখন জাৰ্নালৰ প্ৰতিবেদন মতে স্মৃতিশক্তি হ্ৰাস পোৱা ৰোধকৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ষ্ট্ৰবেৰী আৰু কমলাৰ দৰে ফলে৷ কমলা,  ষ্ট্ৰবেৰী আৰু আপেল আদি ফ্লাভোনয়েডযুক্ত ফল এটাৰ নিতৌ আধা হ’লেও খালেও স্মৃতিশক্তি দুৰ্বল হোৱাৰ আশংকা কম থাকে৷ এনে ফলাহাৰে স্মৃতিশক্তি হ্ৰাসৰ আশংকা ২০ শতাংশ হ্ৰাস কৰে৷ প্ৰাকৃতিকভাৱে হোৱা উদ্ভিধত থকা ফ্লাডোনয়েডে শক্তিশালী এণ্টিঅক্সিডেণ্টৰূপে কাম কৰে৷ বিশেষজ্ঞসকলৰ মতে বয়সৰ লগে লগে যদি এণ্টি অক্সিডেণ্ট গ্ৰহণৰ পৰিমাণ বৃদ্ধি কৰা নহয়, তেনেহ’লে স্মৃতিশক্তি হ্ৰাস পোৱাৰ সম্ভাৱনা অধিক৷ ষ্ট˜বেৰি, কমলাৰ দৰে জলকীয়ায়ো স্মৃতিশক্তি হ্ৰাস পোৱাত বাধা প্ৰদান কৰে৷ কিয়নো জলকীয়াতো থাকে প্ৰচুৰ পৰিমাণৰ ফ্লাডোন৷ নাচপতি, ব্লুবেৰি, ব্লেকবেৰি আৰু চেৰিত থকা এন্থাসায়ানিনে স্মৃতিশক্তি হ্ৰাস পোৱাত বাধা প্ৰদান কৰে৷ গতিকে এলঝাইমাৰ ৰোগক দূৰতে বিদায় দিবলৈ হ’লে আমি দৈনিক খাদ্যৰ তালিকাত এইবোৰ খাদ্য সামগ্ৰী ৰখাটো অতিশয় জৰুৰী৷