Logo
image

জলস্তৰ হ্ৰাস ৰাজ্যৰ বাবে এক অশনি সংকেত

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ সময়ত দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি গুৱাহাটী মহানগৰীত খোৱাপানীৰ সমস্যা সন্দৰ্ভত কংগ্ৰেছ চৰকাৰক কঠোৰ সমালোচনা কৰি কৈছিল– সুবিশাল ব্ৰহ্মপুত্ৰ নদ গুৱাহাটীৰ মাজেদি প্ৰবাহিত হোৱাৰ পাছতো মহানগৰখনত পানীৰ আকাল হোৱাটো চৰকাৰৰ চৰম ব্যৰ্থতা৷ এনে এখন বৃহৎ নদ গুজৰাটৰ মাজেদি বৈ যোৱা হ’লে সমগ্ৰ গুজৰাটতে পানী যোগান সহজেই সম্ভৱ হ’লহেঁতেন বুলি দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীজনে মন্তব্য কৰিছিল৷ প্ৰধানমন্ত্ৰী মোদীয়ে কৰা সেই মন্তব্য কেইবাবছৰ ইতিমধ্যে অতিক্ৰম কৰিলে৷ উক্ত সময়ছোৱাত মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বহু পানী বৈ গ’ল৷ কংগ্ৰেছ চৰকাৰৰ স্থানত অসমত বিজেপি নেতৃত্বাধীন চৰকাৰ হোৱাৰো প্ৰায় ছবছৰ হ’ল; কিন্তু দিল্লীত স্বয়ং প্ৰধানমন্ত্ৰী মোদী আৰু অসমত নিজৰ চৰকাৰ থকাৰ পাছতো গুৱাহাটী মহানগৰত ব্ৰহ্মপুত্ৰৰ পানী খোৱাৰ উপযোগী কৰি পানীৰ সমস্যাটো সমাধানৰ কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল৷ ইয়াৰ বিপৰীতে উত্তৰ-পূবৰ দুৱাৰমুখ ৰূপে পৰিচিত গুৱাহাটী মহানগৰত দিনে দিনে পানীৰ সমস্যা জটিলৰ পৰা অধিক জটিলতৰ হোৱাৰ দিশে ধাৱমান হৈছে৷ গুৱাহাটী উন্নয়ন দ৫১১ মন্ত্ৰী অশোক সিংঘালে ইতিপূৰ্বে ২০২৪ চনলৈকে গুৱাহাটীবাসীয়ে খোৱাপানীৰ সংকটত ভুগিব লাগিব বুলি স্পষ্ট কৰি দিছে৷ গুৱাহাটী মহানগৰৰ বাবে থকা তিনিটা প্ৰকল্পৰ ভিতৰত দক্ষিণ মধ্য গুৱাহাটী পানী যোগান প্ৰকল্পক বাদ দি বাকী তিনিটা প্ৰকল্প ২০২৪ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে যদিও সেয়া একেবাৰে নিশ্চিত নহয়৷ অৰ্থাৎ গুৱাহাটীত পানীৰ হাহাকাৰ অব্যাহত থকাটো একপ্ৰকাৰ নিৰ্ঘাত৷ কাজেই পানীৰ অভাৱ দূৰ কৰিবলৈ এতিয়া গুৱাহাটীত আগবাঢ়ি আহিছে পানী মাফিয়াসকল৷ অবৈধভাৱে ভূ-গৰ্ভৰ হাজাৰ হাজাৰ ফুট গভীৰতাত বিশাল ব’ৰিং স্থাপন কৰি এই মাফিয়াসকলে দিনে-নিশাই পানী উত্তোলন কৰি এফালে অত্যধিক মূল্যত পানী বিক্ৰী কৰিছে, আনহাতে অতি অবিজ্ঞানসন্মতভাৱে ভূ-গৰ্ভৰ জলস্তৰ আহৰণ কৰি মানুহ জীয়াই থকাৰ বাবে অতি গুৰুত্বপূৰ্ণ সম্পদৰ ভাণ্ডাৰটোৰ ধবংসৰ মুখে লৈ গৈছে৷ কেন্দ্ৰীয় ভূতল জল আয়োগে ভূগৰ্ভৰ পানী ভাণ্ডাৰৰ উৎসৰ পৰিমাণক বিজ্ঞানসন্মতভাৱে জৰীপ কৰি কোন ঠাইৰ কিমান তলৰ পৰা কিমান পৰিমাণৰ পানী উত্তোলন কৰিব পাৰি তাৰ অনুমতি প্ৰদান কৰে৷ সেই অনুমতিৰ ভিত্তিত পৌৰ নিগম, প্ৰশাসনে সঠিক নিৰীক্ষণৰ ভিত্তিত পানী ব’ৰিঙৰ অনুমতি দিয়াটো বাঞ্ছনীয়৷ কিন্তু সেই নিয়ম গুৱাহাটীত ধোৱাচাঙত উঠা বহু বছৰ পাৰ হৈ গ’ল৷ ফ্লেট নিৰ্মাণকাৰী প্ৰতিষ্ঠান, ব্যৱসায়ী, হোটেলৰ স্বত্বাধিকাৰ পৰা বহু লোকেও নিজৰ বাসস্থানৰ এলেকাত কোনো নীতি-নিয়ম অনুসৰণ নকৰাকৈ যধেমধে ব’ৰিং কৰাৰ ফলত ভূ-গৰ্ভৰ জলস্তৰ বহু তললৈ গৈ আছে৷ পানী উত্তোলনৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবে পুনৰ বৃহৎ পাইপ ব্যৱহাৰ কৰি অধিক গভীৰতাত ব’ৰিং কৰাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে৷ ভূ-গৰ্ভৰ জলভাণ্ডাৰ হ্ৰাস সম্পৰ্কে আৰু ইয়াৰ সংৰক্ষণ সম্পৰ্কে চৰকাৰ-প্ৰশাসনে সচেতনতা প্ৰদৰ্শন কৰাৰ বিপৰীতে ইয়াক এক সাধাৰণ সমস্যা ৰূপেহে গণ্য কৰিছে৷ উল্লেখ্য, গুৱাহাটীৰ চৌপাশে এতিয়াও আছে অসংখ্য জান-জুৰি আৰু অন্য পানীৰ উৎস৷ দীপৰ বিল দিনে দিনে সংকুচিত হ’লেও পানীৰ ভাণ্ডাৰ ৰূপে ইয়াৰ গুৰুত্ব অপৰিসীম৷ সাধাৰণ এজাক বৰষুণতে গুৱাহাটী প্লাৱিত হয়, কৃত্ৰিম বানপানীয়ে নাগৰিকক জলাকলা কৰে৷ এফালে গুৱাহাটীক স্মাৰ্টচিটিৰূপে ন-ৰূপত গঢ়ি তুলি আছিয়ান দেশসমূহৰ বাবে এক অভিকেন্দ্ৰৰূপে গঢ়াৰ কথা কোৱা হৈছে– আনহাতে ইয়াৰ নাগৰিকে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰে আৰু বৰষুণৰ সময়ত কৃত্ৰিম বানত ককবকাবলগীয়া হয়৷ ভূ-গৰ্ভৰ জলস্তৰ হ্ৰাস পোৱা, খোৱাপানীৰ সমস্যা এতিয়া কেৱল গুৱাহাটীতে সীমাবদ্ধ থকা নাই৷ নদ-নদী, খাল-বিল, জলাশয়সমূহ সংকটত পৰাৰ বাবে ই সকলো স্থানতে জলস্তৰতো প্ৰভাৱ পেলাইছে৷ নদীমাতৃক ৰাজ্য অসমত এতিয়া অধিকাংশ নদ-নদীৰে বুকু বাম হৈ পৰিছে৷ জাবৰ-জোথৰৰ দম, উন্নয়ন-বাট-পথ নিৰ্মাণ, অবাধ হাৰত বনধবংসই বহু সৰু-সুৰা উপনৈ, জান-জুৰিৰ অপমৃত্যু ঘটাইছে৷ সামগ্ৰিক পাৰিপাশ্বিৰ্কতা ৰক্ষা, জলস্তৰ অটুট  ৰখা, জীৱন-নিৰ্বাহ সুগম কৰি ৰখাৰ ক্ষেত্ৰত নদ-নদী, জলাশয়ৰ ভূমিকা কি সেই সম্পৰ্কে অধিক ব্যাখ্যাৰ প্ৰয়োজন নাই৷ ভৰলু, ভোগদৈ, কলং আদি নদীসমূহক উজ্জীৱিত কৰি ৰখাৰ বাবে বহু আঁচনি, প্ৰকল্প ঘোষণা কৰি থকা হৈছে যদিও কাৰ্যকৰী হোৱাহে কোনেও দেখা নাই৷ দ্ৰৱ্যৱতী নদী এক প্ৰকাৰ নলা হৈ পৰাৰ পাছত ৰাজস্থানত বসুন্ধৰা ৰাজেই অতি পৰিকল্পিত আঁচনিৰে ইয়াক পুনৰ জীৱন দান কৰিলে৷ এখন মৃতপ্ৰায় নদীক জীয়াই তোলাৰ বাবে বসুন্ধৰা ৰাজে আজিও সন্মানৰ পাত্ৰী৷ প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰহ্মপুত্ৰ নদৰ পানী যোৱা বৃহৎ পাইপসমূহৰ ওপৰেদি গাড়ী চলাব পৰা যাব বুলিও তাহানিতে কৈছিল৷ অসমৰ মানুহে সেই সপোন দেখাটো এক বিলাসিতাহে মাথোন৷  নদ-নদীসমূহৰ অপমৃত্যু ৰোধ, জলাশয় সংৰক্ষণ, ভূ-গৰ্ভৰ জলস্তৰ হ্ৰাস ৰোধৰ বাবে চৰকাৰে উদ্যোগ গ্ৰহণ কৰক৷