Logo
image

ব্যৱহৃত চাহপাত পেলাই নিদি এইবোৰ কামত লগাব পাৰে

আমি সকলোৱে চাহপাত ব্যৱহাৰ কৰাৰ পিছত অদৰকাৰী বুলি পেলাই দিওঁ৷ কিন্তু চাহপাত এবাৰ ব্যৱহাৰ কৰাৰ পাছতো বিভিন্ন কামত লগাব পৰা যায়৷ উল্লেখ কৰা হ’ল এবাৰ ব্যৱহাৰ হোৱা চাহপাতেৰে কি কি কৰিব পৰা যায়–

[১] চাহপাতত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে৷ শৰীৰত আঘাত লাগিলে চাহপাত সিজাই আঘাত পোৱা অংশত লগালে বিষ উপশম হয়৷

[২] আপুনি দিনটো কম্পিউটাৰত বহি থাকে নেকি? সিজোৱা চাহপাত ভালদৰে ঠাণ্ডা কৰি লওক৷ পাছত পৰিষ্কাৰ কাপোৰত চাহপাতখিনি লৈ চকুত পাতলকৈ মচি দিয়ক৷ দেখিব চকুৰ ক্লান্তি ভাৱ লাহে লাহে নাইকিয়া হৈছে৷

[৩] শালমনৰ সমস্যা থাকিলে ব্যৱহাৰ হোৱা চাহপাত কিছু সময় পৰিষ্কাৰ পানীত তিয়াই ৰাখক৷ পাছত সেই পানী কপাহেৰে মুখমণ্ডলত লগাওক৷ সপ্তাহত অন্ততঃ তিনিদিন এনেদৰে লগালে দেখিব লাহে লাহে শালমনৰ সমস্যা নোহোৱা হৈ পৰিছে৷

[৪] কাঠৰ আচবাব দীৰ্ঘদিন মজবুত কৰি ৰাখিবলৈ ব্যৱহাৰ হোৱা চাহপাত কামত খটুৱাব পাৰে৷ ইয়াৰ বাবে চাহপাতখিনি পুনৰ সিজাই লওক৷ লিকাৰ প্ৰস্তুত হ’লে সেইখিনিৰে নিতৌ আচবাব মচা কৰক৷ এনে কৰিলে কাঠৰ আচবাবখিনি মজবুত হৈ থকাৰ লগতে উজ্জ্বলতাও বাঢ়ে৷

[৫] জোতাৰ দুৰ্গন্ধ আঁতৰাবলৈও ব্যৱহাৰ হোৱা চাহপাত কামত আহে৷ ইয়াৰ বাবে গ্ৰীণ¸টীৰ পাত পাতল কাপোৰত মেৰিয়াই লৈ জোতাত ভৰাই ৰাখক৷ ২৪ ঘণ্টা এনেদৰে ৰাখিলে জোতাৰ দুৰ্গন্ধ আঁতৰ হয়৷

[৬] ফ্ৰীজত দুৰ্গন্ধৰ সৃষ্টি হ’লেও চাহপাত ব্যৱহাৰ কৰিব পাৰি৷ ইয়াৰ বাবে এটা সৰু পাত্ৰত ব্যৱহাৰ হোৱা চাহপাত লৈ ফ্ৰীজত ৰাখি দিয়ক৷ দেখিব ফ্ৰীজটোৰ পৰা দুৰ্গন্ধ নাইকিয়া হৈছে৷