Logo
image

সংসদত ‘অনাস্থা প্ৰস্তাৱ’উত্থাপন কৰাত বাধা দিলে প্ৰতিবাদত কঁপিব পাকিস্তান

বিলাৱাল ভুট্টোৰ ধমকিত কঁপিছে প্ৰধানমন্ত্ৰী ইমৰান খান

আমাৰ অসম, ২১মাৰ্চঃ পাকিস্তানৰ ৰাজনীতিত এতিয়া অধিক চৰ্চাৰ বিষয় হৈ পৰিছে প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে বিৰোধী দলবোৰে অনা ‘অনাস্থা প্ৰস্তাৱ’ৰ বিষয়টো৷ ইমৰান খানৰ বিৰুদ্ধে বিৰোধী দলবোৰে নিজা শক্তিশালী মৰ্চা খুলি লোৱাত তেওঁ শংকিত হৈ পৰিছে৷ আনকি নিজ দলৰে ১৪জন বিধায়কে ইমৰান খানৰ বিৰুদ্ধে গৰজি উঠিছে৷ তাৰ মাজতে পাকিস্তান পিপ্‌লছ পাৰ্টীৰ [পি পি পি] নেতা বিলাৱাল ভুট্টো জৰ্দাৰীয়ে প্ৰধানমন্ত্ৰী ইমৰান খানক ‘পদত্যাগ কৰিবলৈ সাজু থাকক’বুলি ধমকি দিয়াৰ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে৷ বিলাৱালে শনিবাৰে প্ৰধানমন্ত্ৰী ইমৰান খানক সকীয়াই দিয়ে যে ২১ মাৰ্চত সংসদৰ অধিৱেশনৰ সময়ত যদি ‘অনাস্থা প্ৰস্তাৱ’উত্থাপন কৰিবলৈ দিয়া নহয়, তেন্তে বিৰোধী দলৰ নেতাসকল সদনৰ পৰা উঠি নাযাব৷ লগতে ‘ইছলামিক সহযোগিতা সংস্থা’ৰ [অ’আই চি] বৈঠকো হ’বলৈ দিয়া নহ’ব৷ ভুট্টোৱে আৰু কয় যে যদিহে নেশ্বনেল এছেম্বলীৰ অধ্যক্ষই ২১ মাৰ্চত বিৰোধী দলক প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে ‘অনাস্থা প্ৰস্তাৱ’উত্থাপন কৰিবলৈ নিদিয়ে, তেন্তে বিৰোধী দলবোৰে ইছলামাবাদৰ ৰাজপথ বন্ধ কৰি দিব আৰু নিৰাপত্তাৰ দোহাই দি আ’আই চিৰ বৈঠক হোৱাত বাধা প্ৰদান কৰিব৷ বিলাৱালৰ এই ঘোষণাই ইমৰান খানৰ বুকু কঁপাই তুলিছে৷