বিৰোধী ঐক্য!
বিৰোধী ঐক্য!
ৰাজ্যত এতিয়া ৰাজ্যসভাৰ দুখন আসনৰ বাবে হ’ব লগা নিৰ্বাচনক লৈ শাসক-বিৰোধী তৎপৰ হৈ পৰা দেখা গৈছে৷ ৩১ মাৰ্চত হ’ব লগা এই নিৰ্বাচনৰ বাবে শাসনাধিষ্ঠিত এনডিএ মিত্ৰজোঁটে প্ৰথম পছন্দৰ প্ৰাৰ্থী হিচাপে পৱিত্ৰ মাৰ্ঘেৰিটাক আৰু দ্বিতীয় পছন্দৰ প্ৰাৰ্থী হিচাপে ৰৌণগৌৰা নাৰ্জাৰীৰ নাম ঘোষণা কৰিছে৷ আনহাতে, বিৰোধী দলসমূহে সন্মিলিতভাৱে প্ৰাক্তন সাংসদ ৰিপুণ বৰাকে মনোনীত কৰিছে৷ ১২৬খন আসনবিশিষ্ট অসম বিধানসভাত ৰাজ্যসভাৰ দুজন প্ৰাৰ্থীক জয়ী কৰাবলৈ এনডিএ মিত্ৰজোঁটৰ বিধায়কৰ সংখ্যা কম যদিও ইতিমধ্যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে যে মিত্ৰজোঁটৰ দুয়োজন প্ৰাৰ্থীৰ জয় নিশ্চিত৷ ইফালে, মন্ত্ৰী পীয়ূষ হাজৰিকাই মিত্ৰজোঁটৰ প্ৰাৰ্থী দুজন কিমান ভোটত জয়ী হ’ব সেইটোও ইতিমধ্যে নিশ্চিত হৈ আছে বুলিও প্ৰকাশ কৰিছে৷ অসম বিধানসভাত বিজেপিৰ ৬৩জন বিধায়কৰ উপৰি মিত্ৰদল অসম গণ পৰিষদৰ নজন আৰু ইউ পি পি এলৰ সাতজন বিধায়ক আছে৷ তদুপৰি বিধানসভাত যিহেতু বিপিপি এফে বিজেপিকে সমৰ্থন কৰি আহিছে, সেয়ে বিজেপি-মিত্ৰজোঁটৰ মুঠ সদস্য সংখ্যা ৮২জন৷ ৰাজ্যসভাৰ প্ৰথম পছন্দৰ আসনখনত জয়ী হ’বলৈ ৪৩টা ভোটৰ প্ৰয়োজন৷ যিহেতু বিজেপি মিত্ৰজোঁটৰ মুঠ সংখ্যা ৮২, সেয়ে প্ৰথম পছন্দৰ প্ৰাৰ্থী পৱিত্ৰ মাৰ্ঘেৰিটাৰ বিজয় নিশ্চিত৷ কিন্তু বিজেপি-মিত্ৰজোঁটৰ দ্বিতীয় পছন্দৰ প্ৰাৰ্থী ৰৌণগৌৰা নাৰ্জাৰীক জয়ৰ বাবে প্ৰয়োজন হ’ব আন দলৰ বিধায়কৰ সমৰ্থন৷ বিধানসভাত কংগ্ৰেছৰ ২৭জন, এ আই ইউ ডি এফৰ ১৫জন, চিপিএমৰ এজন আৰু ৰাইজৰ দলৰ এজনকে ধৰি মুঠ বিৰোধী বিধায়কৰ সংখ্যা ৪৪জন৷ অৰ্থাৎ এই সংখ্যাৰে অতি সহজে বিৰোধী দলসমূহে এজন প্ৰাৰ্থীক বিজয়ী কৰাব পাৰে৷ কিন্তু কংগ্ৰেছে ইতিমধ্যে বিধায়ক শ্বেৰমান আলীক নিলম্বন কৰিছে৷ আনহাতে, ৰহাৰ বিধায়ক শশীকান্ত দাসে সদনত মুখ্যমন্ত্ৰীৰ কাম-কাজৰ প্ৰতি সমৰ্থন আগবঢ়াই যোৱাৰ কথা প্ৰকাশ কৰিছে৷ এনে অৱস্থাত এই দুটা ভোট যে ৰিপুণ বৰাই লাভ কৰিব, তাৰ নি(য়তা নাই৷ অৱশ্যে, কংগ্ৰেছৰ ফালৰ পৰা প্ৰকাশ কৰা মতে, নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে বিৰোধী ঐক্যৰ প্ৰাৰ্থী ৰিপুণ বৰাক সমৰ্থন কৰিছে৷ এনে অৱস্থাত তেওঁৰ ভোট বিৰোধী ঐক্যৰ প্ৰাৰ্থীয়ে লাভ কৰিব বুলি আশা কৰিছে৷ কিন্তু ৩১ মাৰ্চত বিৰোধী দলৰ সকলো বিধায়কে বিৰোধী ঐক্যৰ প্ৰাৰ্থীক ভোট দিবনে? ইতিমধ্যে ৰহাৰ কংগ্ৰেছ বিধায়কৰ ঘৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পদাৰ্পণে এই কথা নিশ্চিত কৰিছে যে শশীকান্তৰ ভোট মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰৌণগৌৰা নাৰ্জাৰীৰ পক্ষত থাকিব৷ ইপিনে, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰকাশ কৰিছে যে বিধানসভাত বিধায়কে ভোট দিয়াটো সাংবিধানিক অধিকাৰ৷ তেওঁলোকে দলীয় হুইপ অমান্য কৰিও পছন্দৰ প্ৰাৰ্থীক ভোট দিব পাৰে৷ পূৰ্বতে দলীয় হুইপ অমান্য কৰাসকলৰ বিধায়ক পদ খাৰিজ কৰাৰ আইন আছিল যদিও বৰ্তমানৰ আইনমতে কোনো বিধায়কে দলীয় হুইপ অমান্য কৰি আন প্ৰাৰ্থীক ভোট দিলেও বিধায়ক পদ খাৰিজ নহয়৷ অৱশ্যে, দলে তেনে বিধায়কক বহিষ্কাৰ কৰিব পাৰে৷ বিধানসভাৰ অধ্যক্ষৰ এনে বক্তব্যই বিৰোধী দলৰ বিধায়কসকলক মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ সেউজ সংকেত দিয়াহে পৰিলক্ষিত হৈছে৷ তদুপৰি অসমত বিৰোধী ঐক্যৰ যে কোনো ভিত্তি নাই, সেই কথা মাজুলীৰ বিধানসভা নিৰ্বাচনেই প্ৰমাণ কৰিছে৷ মাজুলীত হৈ যোৱা উপ-নিৰ্বাচনত কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সমৰ্থনত চিত্তৰঞ্জন বসুমতাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও বসুমতাৰীয়ে বিজেপিৰ প্ৰাৰ্থী ভুবন গামৰ হাতত শোচনীয়ভাৱে পৰাজিত হয়৷ অৰ্থাৎ বিৰোধী শক্তিৰ স্থিতি ৰাজ্যত থৰক-বৰক৷ আনহাতে, ৰাজ্যসভা নিৰ্বাচনত অসমত পূৰ্বৰে পৰা শাসকীয় দলে বিৰোধী বিধায়কক মেনেজ কৰাৰ অশুভ পৰম্পৰা চলি আহিছে৷ তদুপৰি বৰ্তমানৰ বিৰোধী ঐক্যৰ মাজতো সম্পূৰ্ণ সহমত আছে নে নাই, তাক ৩১ মাৰ্চতহে গম পোৱা যাব৷ শাসকীয় দলৰে গোপন মিতিৰালি কৰি বা ধনৰ বিনিময়ত নিজৰ ভোট নষ্টও যে নকৰিব, তাক নুই কৰিব নোৱাৰি৷ যিহেতু দেশৰ উচ্ছ সদনত এনডিএক সংখ্যাগৰিষ্ঠতা লাগে, সেয়ে শাসকীয় দলে এখনো আসন হেৰুৱাব নোখোজাই স্বাভাৱিক৷ এনে অৱস্থাত সন্মিলিত বিৰোধী ঐক্যৰ শক্তি কিমান, সেয়া ৩১ মাৰ্চত স্পষ্ট হ’ব৷






