
জেলেনস্কিৰ বিশ্বযুদ্ধৰ সকীয়নি কিমান বাস্তৱ
আমাৰ অসম, ২২ মাৰ্চঃ মাৰিউপল চহৰত যুদ্ধৰত ইউক্ৰেইনৰ সেনাক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আত্মসমৰ্পনৰ বাবে বান্ধি দিয়া চৰমসীমা অগ্ৰাহ্য কৰিছে দেশখনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে সোমবাৰে বিয়লি ৫ বজাৰ ভিতৰত মাৰিউপল চহৰত যুদ্ধৰত ইউক্ৰেইনৰ সেনাক অস্ত্ৰ সমৰ্পণ কৰি চহৰখন ৰুছ সেনাৰ হাতত এৰি দিবলৈ চৰমসীমা বান্ধি দিছিল৷ ইতিমধ্যে ৰুছ সেনাই ক্ষেপণাস্ত্ৰ, বোমা, গোলাৰে সম্পূৰ্ণ চহৰখন ধবংসস্তুপত পৰিণত কৰিছে৷ চহৰখনৰ ভিতৰত এতিয়া অৱশিষ্ট ৩ লাখমান বাসিন্দা আছেগৈ৷ ৰুছ আক্ৰমণ আৰম্ভ হোৱাৰ পাছৰ পৰা মাৰিউপল চহৰৰ দুই-তৃতীয়াংশ বাসিন্দাই পলায়ন কৰিছে৷ যুদ্ধ আৰু আক্ৰমণৰ মাজতে চহৰ এৰি পলায়ন কৰাৰ বাবে ৰাছিয়াই বাসিন্দাসকলৰ বাবে মানৱ কৰিড’ৰৰ সুবিধা কৰি দিছে৷ সেই সুযোগ ব্যৱহাৰ কৰি গৰিষ্ঠসংখ্যক চহৰবাসীয়ে পলায়ন কৰিলেও ৩ লাখ বাসিন্দাই তেওঁলোকক ৰক্ষা কৰিবলৈ চেষ্টা কৰা ইউক্ৰেইনৰ সেনাৰ সৈতে লগ লাগি শত্ৰু ৰুছ সেনাৰ বিৰুদ্ধে গৰিলা যুদ্ধত অৱতীৰ্ণ হৈছে৷ তথাপি কোনোপধ্যেই ইউক্ৰেইনৰ সেনাই মাৰিউপল চহৰখন ৰুছ সেনাৰ হাতৰ পৰা ৰক্ষা কৰিব নোৱাৰিব সেয়া নিশ্চিত৷ তথাপি শেষ নোহোৱালৈকে মাৰিউপল চহৰৰ অৱশিষ্ট বাসিন্দা আৰু ইউক্ৰেইনৰ সেনাই দখলদাৰী ৰুছ সেনাৰ বিৰুদ্ধে যুদ্ধ কৰি যোৱাৰ পণ লৈছে৷ ৰুছ সেনাই পূৰ্ণ শক্তিৰে আক্ৰমণ হানিলে মাৰিউপল চহৰত অভূতপূৰ্ব গণহত্যাৰ ঘটনা সংঘটিত হ’ব৷ সেই অপযশৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যেই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে মাৰিউপল চহৰক ৰুছ সেনাৰ ওচৰত আত্মসমৰ্পণ কৰাৰ নিৰ্দেশ দিছিল৷ কিন্তু পৰিণতি যিয়েই নহওক, কোনো কাৰণতে মাৰিউপল চহৰে শত্ৰু ৰাছিয়াৰ ওচৰত আত্মসমৰ্পণ নকৰে আৰু হাতৰ অস্ত্ৰ পেলাই নিদিয়ে বুলি দেশখনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে মন্তব্য কৰিছে৷ এনে পৰিস্থিতিত মস্কোৱে কি সিদ্ধান্ত ল’ব সেয়া সকলোৰে বাবে অজ্ঞাত৷ যদিহে ৰাছিয়াৰ দাবী মানি নলৈ মাৰিউপল চহৰত ইউক্ৰেইনৰ সেনাই যুদ্ধ অব্যাহত ৰাখে তেন্তে এই চহৰখনৰ পৰিণতি বিশ্বৰ যিকোনো যুদ্ধৰ ইতিহাসৰ নেদেখা কৰুণ অধ্যায়ত পৰিণত হ’ব৷ কিয়নো দাবী মানি নল’লে ৰুছ সেনাই পূৰ্ণ শক্তিৰে চহৰখনত আক্ৰমণ হানিব আৰু তাৰ ফলশ্ৰুতিত এতিয়াও বাচি থকা চহৰখনৰ অধিকাংশ বাসিন্দাৰ মৃত্যু হ’ব৷ প্ৰায় অনুৰূপ অৱস্থা দেখা গৈছে ৰাজধানী কিয়েভতো৷ যোৱা ২৪ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা যুদ্ধই ২৬ দিন স্পৰ্শ কৰিছে আৰু কম সময়ৰ ভিতৰত ইউক্ৰেইন পৰাজিত হোৱা বা আত্মসমৰ্পণ কৰাৰ কোনো লক্ষণ পৰিস্ফুট হোৱা নাই৷ এনে পৰিস্থিতিত যুদ্ধত সামগ্ৰিক বিজয় অৰ্জন কৰি লক্ষ্যত উপনীত হোৱাৰ বাবে ৰাছিয়াই পূৰ্ণ শক্তিৰে ইউক্ৰেইনৰ সকলো চহৰত আক্ৰমণ চলোৱাৰ বিকল্প নোহোৱা হৈছে৷ যোৱা ৩ দিন ধৰি ৰুছ সেনাই হাইপাৰছ’নিক ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনৰ চহৰসমূহত আক্ৰমণ হানি আছে৷ স্থলসেনাই দেশখনৰ উত্তৰ, দক্ষিণ আৰু পশ্চিমৰ প্ৰায় সকলো গাঁও-চহৰ ঘেৰি আছে৷ ৰুছ সেনাক প্ৰতিহত কৰাৰ বাবে ইউক্ৰেইনৰ সেনাবাহিনীয়ে পোনপটীয়া যুদ্ধত অৱতীৰ্ণ হোৱাৰ পৰিৱৰ্তে প্ৰায় সকলো স্থানতে গেৰিলা যুদ্ধৰ আশ্ৰয় লৈ ৰুছ সেনাৰ সৰ্বাধিক ক্ষতি কৰাৰ চেষ্টা চলাই আছে৷ এনে পৰিস্থিতিত যুদ্ধৰ কেতিয়া অৱসান ঘটে তাৰ কোনো নিশ্চয়তা নাই৷ যুদ্ধ আৰু তাৰ পৰিণতি অনিশ্চিত হৈ পৰাৰ সময়ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে তৃতীয় বিশ্বযুদ্ধ সৃষ্টি হোৱাৰ আশংকা ব্যক্ত কৰিছে৷ জেলেনস্কিৰ দাবী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে যদি আলোচনা নকৰে বা আলোচনা কৰিলেও যদি ব্যৰ্থ হয়, তেন্তে তৃতীয় বিশ্বযুদ্ধ অৱশ্যম্ভাৱী হৈ পৰিব৷ জেলেনস্কিয়ে আমেৰিকাৰ সংবাদ মাধ্যম চি এন এনক দিয়া সাক্ষাৎকাৰত এই মন্তব্য কৰাৰ পাছতে পুনৰ বিশ্বজুৰি আলোড়নৰ সৃষ্টি হৈছে৷ জেলেনস্কিৰ এই দাবী কিমান বাস্তৱ সেই লৈও চৰ্চা হৈছে৷ এটা কথা দোহৰাৰ প্ৰয়োজন নাই যে এতিয়ালৈকে ৰাছিয়াৰ শত্ৰু শক্তিশালী দেশসমূহে নিজকে যুদ্ধত অৱতীৰ্ণ হোৱাৰ পৰা সংযত কৰি ৰখাৰ বাবেই তৃতীয় বিশ্বযুদ্ধৰ সূচনা হোৱা নাই৷ যদিহে যুদ্ধ অব্যাহত থাকে আৰু ৰাছিয়াৰ শত্ৰু পশ্চিমীয়া দেশসমূহে ইউক্ৰেইনক অস্ত্ৰ-শস্ত্ৰৰ যোগান অব্যাহত ৰাখে তেন্তে ধৈৰ্য্যচ্যুতি ঘটি ৰাছিয়াই ইউক্ৰেইনৰ সীমাত অৱস্থিত নাটোগোষ্ঠীৰ সদস্য যিকোনো দেশক আক্ৰমণ কৰিব পাৰে৷ তেনে অৱস্থাত নাটোগোষ্ঠীৰ দেশে ৰাছিয়াক ওভোটাই আক্ৰমণ কৰিব আৰু তেতিয়াই সূচনা হ’ব তৃতীয় বিশ্বযুদ্ধ৷ নেপোলিয়নৰ সময়ত আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো পোলেণ্ড হিটলাৰৰ লক্ষ্য হৈছিল৷ এতিয়া ঠিক একেদৰে পুটিনৰো লক্ষ্য পোলেণ্ড হৈ পৰিব পাৰে বুলি আশংকা বাঢ়ি আহিছে৷ ৰাছিয়াৰ প্ৰতি বিশ্বৰ অন্যতম ছুপাৰ পাৱাৰ চীনৰ প্ৰত্যক্ষ সমৰ্থন থকাৰ বাবেই যে আমেৰিকাকে ধৰি নাটোগোষ্ঠীৰ সদস্যই ৰাছিয়াক জোকাই লোৱা নাই সেয়া সকলোৰে অৱগত৷ কিন্তু যুদ্ধৰ পৰিণতি নোলালে বা দিন বাঢ়ি গৈ থাকিলে ফিৰিঙতিৰ পৰা খাণ্ডৱদাহ হোৱাৰ দৰে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পৰাই তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ’ব পাৰে৷ এতিয়ালৈকে আমেৰিকা আৰু নাটোগোষ্ঠীৰ ৰাষ্ট্ৰই যুদ্ধত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ নকৰিলেও ইউক্ৰেইনক ব্যাপক হাৰত অস্ত্ৰৰ যোগান ধৰি আছে৷ সিও বিশ্বযুদ্ধ সূচনাৰ আন এক কাৰণ হৈ পৰিব পাৰে৷ আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ পেণ্টাগণ আৰু ব্ৰিটিছ প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ সমৰ বিশাৰদে তেনে আশংকা কৰিছে৷ জেলেনস্কিয়ে চি এন এনৰ সাক্ষাৎকাৰত প্ৰকাশ কৰা তৃতীয় বিশ্বযুদ্ধৰ আশংকা এনে আগশাৰীৰ যুদ্ধ বিশাৰদে সঁচা বুলি মানি লৈছে৷ সেয়ে অচিৰেই আলোচনাৰ মাধ্যমেৰে যদিহে এই যুদ্ধখন অন্ত নপৰে অথবা ইউক্ৰেইনে আত্মসমৰ্পণ নকৰে তেন্তে ৰাছিয়াই যি ভয়ানক আক্ৰমণ আৰম্ভ কৰিব তাৰ পৰিণতি অৱধাৰিতভাৱেই হ’ব তৃতীয় বিশ্বযুদ্ধ৷