Logo
image

চীনত আকাশমাৰ্গতে ভাগি পৰিল বিমান, ১৩৩ যাত্ৰীৰ মৃত্যু আশংকা

আমাৰ অসম, ২২ মাৰ্চঃ চীনত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা৷ এই ঘটনাত চাইনী ইষ্টাৰ্ণ এয়াৰ লাইনছৰ ফ্লাইট এম ইউ ৫৭৩৪৫ নম্বৰৰ এখন ব’য়িং বিমান আকাশমাৰ্গৰ পৰা যাত্ৰীসহ ভাগি  পৰে৷ ভয়ংকৰ দুৰ্ঘটনাটোৰ সময়ত বিমানখনত ১৩৩জন যাত্ৰী আছিল৷ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি মতে, দক্ষিণ চীনৰ গুয়াংজি প্ৰদেশৰ উঝোউ চহৰৰ সমীপৰ এক বনাঞ্চলত যাত্ৰীসহ ভাগি পৰে বিমানখন৷ দুৰ্ঘটনাটোত বিমানখনত থকা সকলো যাত্ৰীৰে মৃত্যু হোৱাৰ আশংকা কৰা হৈছে৷ অৱশ্যে এই বাতৰি যুগুত কৰাৰ সময়লৈকে চীনৰ চৰকাৰে এই সম্পৰ্কে কোনো তথ্য সদৰি কৰা নাই৷ চীনৰ ৰাষ্ট্ৰপতিয়ে দুৰ্ঘটনাটোৰ বাবে শোক প্ৰকাশ কৰাৰ লগতে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে৷ উল্লেখ্য যে সোমবাৰে দুপৰীয়া ৰ.ৰৰ বজাত বিমানখনে কুনমিং চহৰৰ পৰা গুয়াংজি অভিমুখে উৰা মাৰিছিল৷ বিয়লি ৩.০৫ বজাত বিমানখনে গুয়াংজি চহৰত অৱতৰণ কৰাৰ কথা আছিল৷