Logo
image

আফগানিস্তানৰ এসময়ৰ বিত্তমন্ত্ৰী এতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰত উবেৰ চালক

আমাৰ অসম, ২২মাৰ্চঃ তালিবানসকলে আফগানিস্তান দখল কৰাৰ পূৰ্বে তেওঁ আছিল দেশখনৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী৷ নাম তেওঁৰ খালিদ পায়েণ্ডা৷ আফগানিস্তানৰ বিত্তমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰা পায়েণ্ডাই আফগানিস্তান তালিবানৰ দখললৈ যোৱাৰ কেইদিনমানৰ পূৰ্বে পদত্যাগ কৰে৷ সেইজন পায়েণ্ডাই এতিয়া নিজৰ পৰিয়াল পোহপাল দিবলৈ গ্ৰহণ কৰিব লগা হৈছে টেক্সি চালকৰ বৃত্তি৷ ৱাশ্চিংটন ডি চিত তেওঁ এতিয়া নিতৌ উবেৰ চলায়৷ অৱশ্যে জৰ্জ টাউন বিশ্ববিদ্যালয়ত তেওঁ এগৰাকী অংশকালীন অধ্যাপক হিচাপেও নিযুক্ত হৈ আছে৷