স্বাস্থ্য ভালে ৰখাৰ বাবে খালী পেটতে এইবোৰ খাওক
সু-স্বাস্থ্যৰ বাবে খাদ্যভাস অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়৷ স্বাস্থ্য ভালে ৰখাৰ বাবে পুৱা খালী পেটতে এনেধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত৷
১.খালী পেটতে আপেল অথবা পকা অমিতা খাওকঃ পুৱা শুই উঠিয়েই এটা আপেল বা এক বাতি পকা অমিতা খাই দিনটো আৰম্ভ কৰিলে হজমৰ ক্ষেত্ৰত কোনো সমস্যা নাথাকে৷ তদুপৰি শৰীৰো সুস্থ হৈ থাকিব৷
২.সতেজ ফলঃ অনেকৰ ধাৰণা আছে যে ফল কেতিয়াও খালী পেটত খাব নালাগে৷ খালী পেটত ফল খালে এছিদ হয়৷ সেই বাবে বহুতে দুপৰীয়াহে ফল খায়৷ কিন্তু এই ধাৰণা একেবাৰে ভুল৷ ফল বিভিন্ন পুষ্টিগুণেৰে সমৃদ্ধ৷ ইয়াত আছে প্ৰচুৰ পৰিমাণে ভিটামিন, ফাইবাৰ৷ খালী পেটত এটা আপেল, নাচপতি, অমিতা আদি খালে শৰীৰত শক্তি বৃদ্ধি হোৱাৰ উপৰি ওজন হ্ৰাসত সহায় কৰে৷
৩.বাদামঃ আলমন অথবা অন্য বাদামতো আছে প্ৰচুৰ পৰিমাণে মেগনেছিয়াম, ভিটামিন ই, প্ৰ’টিন, ফাইবাৰ, ওমেগা -৩, ওমেগা -৬ ফেটি এছিদ৷ সেই বাবে আগৰাতি আলমন বাদাম তিয়াই ৰাখি পিছদিনা খালী পেটতে খালে যথেষ্ট উপকাৰ পোৱা যায়৷
৪.কণীঃ কণীত আছে অনেক পুষ্টিগুণ৷ খালী পেটতে এটাকৈ সিজোৱা কণী খালে গোটেই দিনটোৰ বাবে গা-মন ভাল লাগি থাকে৷
গৰম পানীৰ সৈতে মৌঃ পুৱা খালী পেটতে নেমুৰ সৈতে বহুতে মৌ খায়৷ কিন্তু অকল মৌ খালেই বেছি উপকাৰ পোৱা যায়৷ মৌত আছে শৰীৰৰ প্ৰয়োজনীয় খনিজ, ভিটামিন আদি৷ খালী পেটতে গৰম পানীৰ সৈতে মৌ খালে শৰীৰৰ পৰা টক্সিন বাহিৰ হয়৷
৫.ওটছঃ পুৱাৰ আহাৰ হিচাপে ওটছ খালে শৰীৰৰ কাৰণে অত্যন্ত ভাল৷ কেতিয়াবা গৰম পানী আৰু কলৰ সৈতেও ওটছ খাব পাৰে৷ ওটছৰ সৈতে কল আপেল আদি মিলাই খাব পাৰি৷
৬.তৰমুজঃ তৰমুজ স্বাস্থ্যৰ বাবে অতি উপকাৰি৷ তৰমুজত কোনো ফেট নাথাকে কিন্তু পুষ্টি গুণেৰে ভৰপূৰ৷ নিয়মীয়াকৈ তৰমুজ খালে শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে৷ পুৱা খালী পেটতে পকা অমিতা অথবা তৰমুজ খালে গোটেই দিনটোৰ বাবে স্বাস্থ্য ভালে থাকে৷ এনেধৰণৰ ফল গ্ৰহণ কৰিলে প্ৰয়োজনীয় ছুগাৰৰ চাহিদাও অটুত থাকে৷






