Logo
image

শক্তিশালী ৰাছিয়ালৈ ভয় কৰে ‘নাটো’ৱে

যুদ্ধৰ অশান্তিৰ মাজতে বাৰে বাৰে সলনি হৈছে জেলেনস্কিৰ ভাষ্য

আমাৰ অসম,২৩মাৰ্চঃ বাৰে বাৰে সলনি হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিৰ ভাষ্য৷ ৰাছিয়াই অব্যাহত ৰখা ভয়ংকৰ যুদ্ধই মন অস্থিৰ কৰি তোলা বাবেই জেলেনস্কিৰ ভাষ্য বাৰে বাৰে সলনি হৈছে৷ আমেৰিকা আৰু ইউৰোপৰ দেশৰ পৰা সহায় লাভ কৰাৰ পাছতে ৰাছিয়াৰ বিৰুদ্ধে হুংকাৰ দিয়া জেলেনস্কিয়ে এতিয়া অভিযোগ কৰিছে যে ৰাছিয়াৰ ভয়ত কম্পমান নাটো বাহিনী৷ নাটোৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি জেলেনস্কিয়ে এই অভিযোগ আনে৷ তেওঁ নাটোক আহ্বান জনায় নিজৰ স্থিতি স্পষ্ট কৰিবলৈ৷ নাটোৱে যে ৰাছিয়াক ভয় কৰে, সেই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰি দিবলৈও তেওঁ আহ্বান জনায়৷ এনে কৰিলে নাটোৰ কিছুমান সদস্য ৰাষ্ট্ৰৰ পৰা ইউক্ৰেইনে পোনপটীয়াকৈ সহায় বিচাৰিব পাৰিব৷ তদপুৰি তেওঁ আৰু কয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে আলোচনাত বহিবলৈ আগ্ৰহী৷ ৰাছিয়াই দিয়া অন্তিম সময়সীমা মানি ল’বলৈ অস্বীকাৰ কৰি তেওঁ পুটিনৰ সৈতে আলোচনা কৰিবলৈহে ইচ্ছা প্ৰকাশ কৰে৷ আলোচনাৰ জৰিয়তেহে এই যুদ্ধ অন্ত হোৱাটো তেওঁ বিচাৰে৷ যদিহে আলোচনা বন্ধ হয়, তেন্তে তৃতীয় বিশ্বযুদ্ধ হোৱাটো প্ৰায় নিশ্চিত বুলিও তেওঁ কয়৷ ইপিনে,ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’বাইডেনে‘যুদ্ধ অপৰাধী’হিচাপে আখ্যা দিয়াৰ পাছতে ৰাছিয়াই আমেৰিকাৰ ৰাষ্ট্ৰদূতক মাতি নি সকীয়নি দিয়ে৷ ইয়াৰ ফলত তৃতীয় বিশ্বযুদ্ধৰো আশংকা কৰিছে বহুতে৷ যুদ্ধই ২৬ দিন অতিক্ৰম কৰা মানেই অদূৰ ভৱিষ্যতে ভয়ংকৰ যুদ্ধ আৰম্ভ হোৱাৰ আশংকা বৃদ্ধি পাইছে৷