Logo
image

ৰাছিয়াত ফেচবুক আৰু ইনষ্টাগ্ৰাম নিষিদ্ধ

আমাৰ অসম,২৩ মাৰ্চঃ ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ পাছতে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আদিয়ে ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ লগতে ৰাছিয়াৰ সমৰ্থনত দিয়া পোষ্টবোৰ নিষিদ্ধ কৰিছে৷ গতিকে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰে ৰাছিয়াই৷ শেহতীয়াকৈ প্ৰকাশিত বাতৰি অনুসৰি ৰাছিয়াৰ এখন আদালতে ফেচবুক আৰু ইনষ্টাগ্ৰামক সন্ত্ৰাসবাদী সংস্থা বুলি অভিহিত কৰি নিষিদ্ধ কৰে৷ ইয়াৰ ফলত ফেচবুক আৰু ইনষ্টাগ্ৰামে ৰাছিয়াত কোনোধৰণৰ কাম-কাজ অব্যাহত ৰাখিব নোৱাৰিব৷ এই ৰায়ৰ পাছত ৰাছিয়াত ফেচবুক আৰু ইনষ্টাগ্ৰাম নিষিদ্ধ হৈ পৰিল৷ অৱশ্যে এই নিষেধাজ্ঞাৰ পৰা ৱাটছএপক আঁতৰত ৰাখে আদালতখনে৷ উল্লেখ্য, ৰাছিয়াৰ চৰকাৰেও ফেচবুক আৰু ইনষ্টাগ্ৰামক সন্ত্ৰাসবাদী কাৰ্য-কলাপ সংঘটিত কৰা সংস্থা হিচাপে ঘোষণা কৰিবলৈ সিদ্ধান্ত লৈছিল৷ এতিয়া আদালতৰ ৰায়ে ইয়াক অতি সহজ কৰি তুলিলে৷