Logo
image

আগ্ৰাসী চীনক ভাৰতে ভয় কৰাৰ প্ৰয়োজন নাই

শেহতীয়াকৈ এল এ চিত হোৱা ঘটনাপ্ৰৱাহত সীমান্ত বিষয়ত চীনৰ প্ৰতি ভাৰতৰ স্থিতিৰ কিছু হ’লেও পৰিৱৰ্তন দেখা গৈছে৷ পাংগং হ্ৰদৰ দক্ষিণ পাৰে চীনা সৈন্যৰ এক আগ্ৰাসী অভিযান ভাৰতীয় সৈন্যৰ হাতত বিফল হয়৷ ভাৰতীয় সৈন্যই কেইবাটাও গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰে য’ৰপৰা চীনৰ সামৰিক গতিবিধিৰ ওপৰত লক্ষ্য ৰাখিব পাৰি৷ চীনৰ এই আগ্ৰাসী প্ৰচেষ্টাৰ সময়খিনিও গুৰুত্বপূৰ্ণ৷ চীনৰ ৰাষ্ট্ৰপতি চি জিনপিঙে তিব্বত সম্পৰ্কে এক দুদিনীয়া ৰাষ্ট্ৰীয় বৈঠকত অংশগ্ৰহণ কৰাৰ কেইঘণ্টামানৰ পাছতে এই ঘটনা সংঘটিত হয়৷ এই বৈঠকত তিব্বতৰ স্থায়ীত্ব-সুৰক্ষা আৰু ভাৰত সীমান্তৰ সুৰক্ষা সম্পৰ্কে নতুন নীতি-নিৰ্দেশনা জাৰি কৰা হয়৷তিব্বত সম্পৰ্কে ২০১৫১ পাছত প্ৰথমবাৰৰ বাবে হোৱা এই উচ্ছস্তৰীয় বৈঠকত জিনপিঙে ভাৰতৰ লগত থকা সীমান্তক সুৰক্ষিত কৰাক প্ৰাথমিকতা দিয়ে আৰু তিব্বতৰ প্ৰচলিত বৌদ্ধধৰ্মক চীনৰ পৰিস্থিতি আৰু সমাজবাদী বিচাৰধাৰাৰ লগত খাপ খুৱাই চলাৰ দাবী কৰে৷ এই বৈঠকত সম্ভৱতঃ দালাই লামাৰ উত্তৰাধিকাৰী বিষয়টোও নিৰ্ণয় কৰা হয়৷ জিনপিঙে ‘এখন নতুন আধুনিক সমাজবাদী তিব্বত’ নিৰ্মাণ সম্পৰ্কে নতুন নীতি জাৰি কৰাৰ লগে লগে চীনৰ খনিজ আৰু হাইড্ৰ’ কোম্পানীসমূহৰ ষ্টক ৰকেটৰ গতিত বৃদ্ধি পায়৷ কাৰণ তিব্বতৰ খনিজ আৰু জলসম্পদৰ আৰু অধিক শোষণৰ সম্ভাৱনা আছে৷ তিব্বত– যাক চীনৰ সুৰক্ষাকৱচ বুলি গণ্য কৰা হয়, তাত জিনপিঙে পৃথকতাবাদক মষিমূৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে৷তিব্বতত অৱস্থিত হিন্দু, বৌদ্ধকে ধৰি কেইবাটাও ধৰ্মই পৱিত্ৰ জ্ঞান কৰা কৈলাশ-মানসৰোবৰৰ পাৰকো চীনে এক ‘ছাৰফেচ-টু-এয়ৰ’ ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ থলী হিচাপে ব্যৱহাৰ কৰিছে, যেনেকৈ ই আগতে তিব্বতৰ পেমাকোকে ধৰি আন পৱিত্ৰ স্থানসমূহ ধবংস কৰিছিল৷ তিব্বত, শিনজিয়াং, হংকং আৰু টাইৱানৰ পাছত চীনে ইনাৰ মংগোলীয়াতো ইয়াৰ উপনিৱেশবাদী চৰিত্ৰৰ পৰিচয় দিছে৷ তিব্বতৰ শেষৰখন তিব্বতী ভাষাৰ বিদ্যালয়তো পাঠদানৰ প্ৰাথমিক ভাষাক মান্দাৰিনলৈ পৰিৱৰ্তন কৰাৰ পাছত চীনে ইনাৰ মংগোলীয়াতো মান্দাৰিনক শিক্ষাৰ মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰি ইয়াৰ স্থানীয় ভাষা আৰু সংস্কৃতি লুপ্ত কৰাৰ অপচেষ্টা কৰিছে৷ চীনৰ এই কাৰ্যই মংগোলীয়াৰ ছাত্ৰ সমাজ আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ মাজত ব্যাপক প্ৰতিবাদৰ সৃষ্টি কৰে৷ এই প্ৰতিবাদ দমন কৰিবলৈ ৰাজধানী হোহোটত সামৰিক বল প্ৰয়োগ কৰা হয়৷চি জিনপিং ভাৰতীয় সেনাৰ ওপৰতো অত্যন্ত ক্ৰোধিত হৈ আছে, কাৰণ মোদী চৰকাৰে সেনাবাহিনীক ‘স্পেচল ফ্ৰণ্টিয়াৰ ফ’ৰ্চ’ [বিকাশ বেটেলিয়ন] ব্যৱহাৰ কৰাৰ অনুমতি দিয়ে৷ স্পেচল ফ্ৰণ্টিয়াৰ ফ’ৰ্চ সেইসকল তিব্বতীয়ৰদ্বাৰা গঠিত যিসকলে হান চীনাসকলে তিব্বত অধিকাৰ কৰাৰ পাছত তাৰপৰা পলাই আহিছিল৷ স্পেচল ফ্ৰণ্টিয়াৰ ফ’ৰ্চে হিমালয়ৰ ১৪,০০০ ফুট উচ্ছতাত দৃঢ়তাৰে চীনৰ পি এল এ বাহিনীক পৰাভূত কৰে৷ এই সংঘৰ্ষত এজন তিব্বতী জে চি অ’ নীমা টেনজিনে বীৰগতি লাভ কৰে৷ এই ঘটনাই সমগ্ৰ বিশ্বজুৰি তিব্বতীসকলক যথেষ্ট আৱেগিক কৰি তুলিছে, যাৰ ফলত তেওঁলোকে এতিয়া প্ৰকাশ্যে কমিউনিষ্ট চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ধৰিছে৷ বেইজিঙে শংকাত ভুগিছে– হয়তো চীন অধিকৃত তিব্বতীসকলেও মুকলিকৈ প্ৰতিৰোধ আৰম্ভ কৰিব পাৰে৷ অধিকতৰভাৱে তিব্বতীসকলৰদ্বাৰা গঠিত স্পেচল ফ্ৰণ্টিয়াৰ ফ’ৰ্চ কমাণ্ডো তথা গুপ্ত অপাৰেশ্বন বাহিনী হিচাপে ১৯৬২তে গঠন কৰা হৈছিল৷ কিন্তু আশ্চৰ্যৰ কথা যে ইয়াৰ আগলৈকে ভাৰত চৰকাৰে যিটো বাহিনীক চীনা সৈন্যৰ ‘চালামি শ্লাইচিং’ পদ্ধতিক ৰোধ কৰাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন, তাৰ বিপৰীতে এই বিশেষ বাহিনীটোক ভাৰত-তিব্বত সীমান্তৰ ১০ কিলোমিটাৰৰ ভিতৰত অপাৰেট কৰিবলৈয়ে অনুমতি দিয়া হোৱা নাছিল৷ভাৰতে শেহতীয়াকৈ চীনৰ বিৰুদ্ধে কিছু সামৰিক সফলতা লাভ কৰিছে সঁচা, কিন্তু ভাৰত চৰকাৰৰ দৃষ্টিভংগী চীনৰ আগ্ৰাসী কাৰ্যকলাপৰ বিৰুদ্ধে এতিয়াও যথেষ্ট অস্পষ্ট৷ আমেৰিকা যুক্তৰাজ্যৰ সচিব মাইক পম্পিয়োকে ধৰি আৰু কেইবাজনো উচ্ছাধিকাৰীয়ে ভাৰতৰ বিৰুদ্ধে চীনৰ আগ্ৰাসনক মুকলিকৈ গৰিহণা দিছে৷ আনহাতে, ভাৰত চৰকাৰে চীনৰ আগ্ৰাসনক এতিয়াও মুকলিকৈ স্বীকাৰ কৰা নাই৷ যেতিয়া চীনে দ্বিপাক্ষিক চুক্তিসমূহক দলিয়াই পেলাই সকলো বিষয় বলেৰে নিষ্পত্তি কৰিবলৈ বিচাৰে, ভাৰতে তেতিয়াও এই অৰ্থহীন চুক্তিসমূহক ধৰি ৰাখি আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধানৰ প্ৰয়াস জাৰি ৰাখে৷ ভাৰতে এতিয়াও চীনে অধিকাৰ কৰি ৰখা ক্ষেত্ৰসমূহ ঘূৰাই দিয়াৰ কাৰণে চীনক মান্তি কৰাবলৈ আলোচনা অব্যাহত ৰাখিছে৷ অলপতে মস্কোত ভাৰত আৰু চীনৰ বৈদেশিক মন্ত্ৰীৰ মাজত সীমান্তৰ উত্তেজনা ‘ডি-এছকেলেট’ কৰিবলৈ এক চুক্তি সম্পন্ন হয়৷ কিন্তু এইধৰণৰ চুক্তি এয়াই প্ৰথম নহয়৷ ইয়াৰ আগতেও জুলাইৰ আগভাগত চীনৰ বৈদেশিক মন্ত্ৰী আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাৰ মাজত হোৱা এক চুক্তি অৰ্থহীন হৈ পৰে যেতিয়া চীনে এই চুক্তিৰ কিছু অংশ কাৰ্যকৰী কৰিবলৈ অস্বীকাৰ কৰে৷চি জিনপিঙে এনেকৈ ভাৰতৰ লগত সংঘৰ্ষ অব্যাহত ৰাখিলে নিশ্চিতভাৱে ভাৰত আমেৰিকা যুক্তৰাজ্যৰ আৰু ওচৰ চাপি যাব আৰু এক চীনবিৰোধী ‘ব্লক’ৰ সৃষ্টি কৰিব৷ ইতিমধ্যে জিনপিঙৰ কমিউনিষ্ট শাসন ব্যৱস্থাৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় মনোভাব যথেষ্ট কঠোৰ হৈ পৰিছে৷ কেইবাখনো ৰাষ্ট্ৰ আৰু কোম্পানীয়ে আৱশ্যকীয় সামগ্ৰীৰ কাৰণে চীননিৰ্ভৰ ‘ছাপ্লাই-চেইন’ ব্যৱস্থাৰ পুনৰ মূল্যাংকন কৰা আৰম্ভ কৰিছে৷ ভাৰত, জাপান আৰু অষ্ট্ৰেলিয়াই চীনৰ প্ৰভুত্ব কমাবলৈ এক অধিক শক্তিশালী ‘ছাপ্লাই-চেইন’ নিৰ্মাণৰ চিন্তা-চৰ্চা কৰিছে৷ চীন আৰু আমেৰিকা যুক্তৰাজ্যৰ মাজৰ তীব্ৰ সংঘাট আৰু বিভিন্ন ৰাষ্ট্ৰৰ লগত ক্ৰমাৎ বেয়াৰ ফাললৈ গতি কৰা কূটনৈতিক সম্পৰ্কই কোম্পানীসমূহক চীনত তেওঁলোকৰ ভৱিষ্যৎ সম্পৰ্কে সন্দিহান কৰি তুলিছে৷ তদুপৰি ক’ভিড-১৯ৰ ফলত সৃষ্টি হোৱা বিশ্ব বাণিজ্যৰ ক্ষয়-ক্ষতিয়ে এটা কথা প্ৰমাণ কৰি দিলে যে বিশ্বৰ বহু ৰাষ্ট্ৰ ভেণ্টিলেটৰ, মাস্ক আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ কাৰণে চীনৰ ওপৰত কিমান নিৰ্ভৰশীল৷ গতিকে বিভিন্ন দেশে চীনৰ ওপৰত নিৰ্ভৰশীলতা কমোৱাৰ প্ৰচেষ্টা কৰি আছে৷ জাপান আৰু যুক্তৰাষ্ট্ৰই আনকি চীনৰ পৰা আন আছিয়ান [ASEAN] দেশলৈ অপাৰেশ্বন স্থানান্তৰৰ কাৰণে কোম্পানীসমূহক আৰ্থিক সহায়তা আৰু ‘টেক্স ব্ৰেক’ ঘোষণা কৰিছে৷ভাৰত, আমেৰিকা যুক্তৰাজ্য, অষ্ট্ৰেলিয়া আৰু জাপান ‘কোৱাড্ৰিলেটেৰেল ছিকিউৰিটী ডায়লগ’ [Quadrilateral Security Dialogue] বা চমুকৈ ‘কোৱাড’[QUAD]ৰো সদস্য, যিয়ে এক মুক্ত, সুৰক্ষিত আৰু সমৃদ্ধ ‘ইণ্ডো-পেছিফিক’ ক্ষেত্ৰ নিৰ্মাণৰ পোষকতা কৰে৷ জাপানৰ পূৰ্ব প্ৰধানমন্ত্ৰী শ্বিন্‌জো আবেৰ বিশেষ উদ্যোগত কোৱাড গঠন হয়৷ ‘ইণ্ডো-পেছিফিক’ অঞ্চলৰ স্পৰ্শকাতৰ সামুদ্ৰিক পথসমূহ যিকোনোধৰণৰ, বিশেষকৈ চীনৰ প্ৰভাৱৰপৰা মুক্ত কৰি ৰাখিবলৈ এক নতুন ৰণনীতি প্ৰস্তুত কৰাটোৱে কোৱাডৰ উদ্দেশ্য৷ কোৱাডৰ আটাইকেইখন সদস্য ৰাষ্ট্ৰৰ লগত দেশৰ সুৰক্ষা আৰু সামৰিক ক্ষেত্ৰৰ বিকাশৰ কাৰণে ভাৰতৰ চুক্তি আছে৷ কোৱাডৰ ক্ৰমাৎ বৃদ্ধি পাই অহা গুৰুত্বলৈ দৃষ্টি ৰাখি যুক্তৰাষ্ট্ৰৰ অনেক কূটনীতি বিশেষজ্ঞই ইয়াক একবিংশ শতিকাৰ নতুন ‘নাটো’ [NATত্থ] বুলি অভিহিত কৰিছে৷ চীনৰ কাৰণে আন এক বেয়া খবৰ যে যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে ভাৰতৰ সহযোগত আহিবলগীয়া অত্যাধুনিক টেকন’লজীৰ কাম আৰম্ভ কৰিছে৷ তিনিওখন ৰাষ্ট্ৰই এক পাৰদৰ্শী, মুকলি, নিৰাপদ আৰু নিৰ্ভৰযোগ্য প্ত-জি কমিউনিকেশ্বন নেটৱৰ্কৰ বিকাশৰ কাৰণে একেলগে কাম কৰিবলৈ সন্মত হৈছে৷মস্কোত হোৱা পাঁচদফীয়া চুক্তিত ভাৰতৰ ‘ষ্টেটাছ-কো-এণ্টে’লৈ ঘূৰি যোৱাৰ দাবী সন্দৰ্ভত কোনো উল্লেখ নাই৷ এই চুক্তিমতে দুয়োপক্ষই ইতিমধ্যে চলি অহা সীমান্ত চুক্তি আৰু প্ৰট’কল পালন কৰি যাব৷ চীনে ইয়াৰ ব্যাপক আগ্ৰাসী কাৰ্যকলাপক অস্বীকাৰ কৰাৰ অৰ্থ এইটোৱেই যে তেওঁলোকে এনেকুৱা আকৌ কৰিব৷ চীনৰ মত স্পষ্ট– যেতিয়ালৈকে ভাৰতে পি এল এই লাডাখত অধিকাৰ কৰি লোৱা ক্ষেত্ৰসমূহ ঘূৰাই দিয়াত জোৰ নিদিয়ে, তেতিয়ালৈকে ‘ডি-এছকেলেশ্বন’ সম্ভৱ৷ ভাৰতো পিছহুঁহকি আহিবলৈ মুঠেই ইচ্ছুক নহয়, কাৰণ ই নিজৰ সীমাৰ ভিতৰতে আছে৷ ভাৰতীয় সেনাই কৈছে যে যদি চীনে যুদ্ধৰ পৰিস্থিতি সৃষ্টি কৰে, তেন্তে তেওঁলোকে এক অধিক প্ৰশিক্ষিত, উন্নত তৈয়াৰীৰ লগতে মানসিকভাৱে অধিক শক্তিশালী ভাৰতীয় সৈন্যৰ মুখামুখি হ’ব৷ ১৯৬২১ পাছত ভাৰতে এখনো যুদ্ধ হৰা নাই আৰু ১৯৬২১পৰা চীনে এখনো যুদ্ধ জিকা নাই৷ পাৰ্বত্য ক্ষেত্ৰৰ যুদ্ধত পি এল এতকৈ ভাৰতীয় সৈন্য অনেক বেছি অভিজ্ঞতাসম্পন্ন৷ গতিকে চীনৰ গুণ্ডাগিৰিত ভাৰতে ভয় খোৱাৰ প্ৰয়োজন নাই৷