Logo
image

বিশ্বযুদ্ধৰ উক্‌মুকনি

পুটিনৰ পুনৰ হুংকাৰ, জেলেনস্কিৰ উদ্বেগ

আমাৰ অসম, ২৪মাৰ্চঃ ৰাছিয়া-ইউক্ৰেইন যুদ্ধই এমাহ সম্পূৰ্ণ কৰিবলৈ ৩ দিন বাকী থকা অৱস্থাত আক্ৰমণকাৰী ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পুনৰ ভাবুকি দিছে৷ যোৱা ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছত নিজৰ বিশাল আণৱিক অস্ত্ৰৰ ভাণ্ডাৰ জাৰি-জোকাৰি ব্যাপক অনুশীলন চলোৱা ৰাছিয়াৰ এয়া যুদ্ধ অব্যাহত থকা অৱস্থাত ইউক্ৰেইনক দ্বিতীয়টো পাৰমাণৱিক আক্ৰমণৰ ভাবুকি৷ বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয় ক্ৰেমলিনৰ মুখপাত্ৰ ডিমিট্ৰি পেছক’ভে আণৱিক অস্ত্ৰ ব্যৱহাৰৰ ভাবুকি দি পুনৰ বিশ্বক ত্ৰাসিত কৰিছে৷ ডিমিট্ৰি পেছক’ভে কৈছে, যদিহে ৰাছিয়াৰ অস্তিত্বৰ প্ৰতি সংকট ঘনীভূত হয়, তেনে তেওঁলোকে ইউক্ৰেইনক পাৰমাণৱিক অস্ত্ৰৰে আক্ৰমণ কৰিব৷ ৰাছিয়াৰ এই আণবিক অস্ত্ৰ প্ৰয়োগৰ ভাবুকিয়ে ইউক্ৰেইনৰ কোনো চহৰক জাপানৰ হিৰোচিমা আৰু নাগাছাকিৰ দৰে কৰুণতম পৰিণতিৰ সন্মুখীন কৰোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে৷ বুধবাৰে মাৰ্কিন সংবাদ প্ৰতিষ্ঠান চিএনএনৰ সৈতে হোৱা সাক্ষাৎকাৰত ক্ৰেমলিনৰ মুখপাত্ৰ ডিমিট্ৰি পেছক’ভে এই হুংকাৰ দিয়ে৷ ইয়াৰ পূৰ্বে যুদ্ধৰ দ্বিতীয় সপ্তাহতে ৰাছিয়াৰ বৈদেশিকমন্ত্ৰী ছেৰ্গেই লাভৰ’ভে প্ৰয়োজনবোধে ইউক্ৰেইনৰ বিৰুদ্ধে আণবিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ ভাবুকি দিছিল৷ ক্ৰেমলিনৰ মুখপাত্ৰ ডিমিট্ৰি পেছক’ভক চিএনএনৰ সাংবাদিকে প্ৰশ্ন কৰে যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে এই যুদ্ধত আণবিক  অস্ত্ৰ ব্যৱহাৰ নকৰে বুলি তেওঁ নিশ্চিত নে? তাৰ উত্তৰত পেছক’ভে কয়, যদি বহিৰ্শক্তিৰ বাবে ৰাছিয়াৰ অস্তিত্ব বিপন্ন হয়, তেন্তে পুটিনে আণবিক অস্ত্ৰ ব্যৱহাৰ কৰিব৷ পেছক’ভে এনে মন্তব্য কৰিলেও ৰাষ্ট্ৰপতি পুটিনে যিকোনো মুহূৰ্ততে চলিত যুদ্ধত আণবিক অস্ত্ৰ ব্যৱহাৰৰ বাবে উদ্যত হৈ আছে৷ ইয়াৰ কাৰণ ক্ৰেমলিনৰ মুখপাত্ৰ পেছক’ভে বৰ্ণনা কৰাৰ দৰে নহয়, সৰ্বোতোপ্ৰকাৰে আক্ৰমণ কৰিও ইউক্ৰেইনক সেও মনাব নোৱাৰি যুদ্ধখনৰ অনতিবিলম্বে চয়-নিচয় কৰাৰ বাবেই পুটিনে এই পৰিকল্পনা কৰিছে৷ যি ঘটনা ঘটিছিল দ্বিতীয় বিশ্বযুদ্ধত৷ ঘাইকৈ দ্বিতীয় বিশ্বযুদ্ধৰ দ্ৰুত সামৰণি মৰাৰ লক্ষ্যৰে আমেৰিকাই জাপানৰ হিৰোচিমা আৰু নাগাছাকিত পৰমাণু বোমা নিক্ষেপ কৰিছিল৷ প্ৰকৃততে দ্বিতীয় বিশ্বযুদ্ধৰ মূল আক্ৰমণকাৰী বা বৃহত্তম শক্তি জাৰ্মানীয়ে ১৯৪৫ চনৰ ৮ মে’ত পৰাজয় স্বীকাৰ কৰি আত্মসমৰ্পণ কৰিছিল৷ তেতিয়াই দ্বিতীয় বিশ্বযুদ্ধৰ সামৰণি পৰিব লাগিছিল৷ পিছে এচিয়াত, প্ৰশান্ত মহাসাগৰীয় অঞ্চলত তেতিয়াও দুৰ্দান্ত প্ৰতাপেৰে যুদ্ধ কৰি আছিল অক্ষশক্তিৰ অন্যতম জাপানে৷ ইউৰোপত দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাত মিত্ৰ শক্তিয়ে প্ৰশান্ত মহাসাগৰীয় অঞ্চললৈ একেলগে চকু দিয়ে আৰু জাপানৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে৷ কেইদিনমানৰ ভিতৰতে মিত্ৰশক্তিয়ে জাপানৰ ২৭খন চহৰ বোমাবৰ্ষণ কৰি প্ৰায় ধূলিৰ লগত মিলাই দিয়ে৷ তথাপিও দমি নগৈ জাপানে মিত্ৰশক্তিৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰাখিছিল৷ তেনে সময়ত মিত্ৰশক্তিয়ে স্থলবাহিনী প্ৰেৰণ কৰি জাপানক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল৷ কিন্তু অচিন পৰিৱেশত তেতিয়াও শক্তিশালী হৈ থকা জাপানত আহি উপস্থিত হ’লে ইউৰোপ আৰু আমেৰিকাৰ সেনাৰ ভয়ংকৰ ক্ষতি হোৱাৰ আশংকা আছিল৷ সেই কথা আমেৰিকাৰ ৰাষ্ট্ৰপতি হেৰি ট্ৰুমেনক তেওঁৰ উপদেষ্টাসকলে বৰ্ণনা কৰি সকীয়াই দিয়ে আৰু স্থলবাহিনী প্ৰেৰণ কৰাৰ পৰিৱৰ্তে তেওঁলোকে ইতিমধ্যে নিৰ্মাণ কৰা পৰমাণু বোমা জাপানত পেলাবলৈ পৰামৰ্শ দিয়ে৷ সেই পৰামৰ্শ অনুসৰি ট্ৰুমেনৰ নিৰ্দেশত আমেৰিকাই ৬ আগষ্টত হিৰোচিমাত আৰু ৯ নাগাছাকিত দুটাকৈ পৰমাণু বোমা পেলায়৷ হিৰোচিমাত লাখৰো অধিক লোকৰ মৃত্যু হোৱা সত্ত্বেও জাপানে আত্মসমৰ্পণ কৰা নাছিল৷ কিন্তু তিনিদিনৰ পাছত নাগাছাকিত আন এটা পৰমাণু বোমা পেলোৱাৰ পাছত জাপানে আত্মসমৰ্পণ কৰে আৰু দ্বিতীয় বিশ্বযুদ্ধৰ দ্ৰুত পৰিসমাপ্তি ঘটে৷ এই দুয়োটা পৰমাণু বোমাৰ বিস্ফোৰণৰ ফলত হিৰোচিমাত ১,৪৬,০০০ সামৰিক আৰু অসামৰিক লোকৰ তথা নাগাছাকিত ১,২০,০০০ লোকৰ মৃত্যু হৈছিল৷ আমেৰিকা আৰু মিত্ৰপক্ষৰ সেনা বাহিনীৰ ক্ষতিসাধন হোৱাৰ পৰা ৰক্ষা কৰি জাপানৰ এই বৃহৎসংখ্যক লোকক পৰমাণু বোমাৰে হত্যা কৰাৰ মূল কাৰণ আছিল যুদ্ধখনৰ দ্ৰুত সামৰণি৷ ঠিক একেধৰণে এতিয়া ইউক্ৰেইনক ২৭ দিনৰ যুদ্ধত পৰাস্ত কৰিব নোৱাৰি ৰাষ্ট্ৰপতি পুটিনে পৰমাণু বোমাৰে একেকোবে ইউক্ৰেইনৰ কেইবাখনো চহৰ ধবংস কৰি দেশখনক পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য কৰোৱাৰ পৰিকল্পনা কৰিছে৷ সেয়ে বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰৰ সকলো ৰাষ্ট্ৰপ্ৰধানে পুটিনৰ এই পৰিকল্পনাৰ কথা ভাবি শিয়ৰি উঠিছে৷ কিয়নো যিকোনো মুহূৰ্তত পুটিনে যুদ্ধৰ চয়-নিচয়ৰ বাবে পাৰমাণৱিক আক্ৰমণ সংঘটিত কৰিব পাৰে৷