Logo
image

ইউক্ৰেইনৰ প্ৰতিৰোধ ভাঙিবলৈ পুটিনৰ শেষ সম্বল আণৱিক বোমা!

ৰাছিয়াৰ যুদ্ধ জাহাজ বিধবস্ত

আমাৰ অসম,২৫মাৰ্চঃ বৃহস্পতিবাৰে ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানৰ এমাহ সম্পূৰ্ণ হৈছে৷ ২৪ ফেব্ৰুৱাৰীৰ দিনটোতে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত সামৰিক আক্ৰমণ চলায়৷ ফলত ইউক্ৰেইনেও ৰুছ সেনাৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ যুঁজত নামি পৰে৷ প্ৰথম অৱস্থাত পৰ্যৱেক্ষকমহলে ৰাছিয়া আৰু ইউক্ৰেইনৰ এই যুদ্ধ অতি কম দিনৰ ভিতৰতে সামৰণি পৰিব বুলি ধাৰণা কৰিছিল৷ কিন্তু সেই ধাৰণাক মষিমূৰ কৰি যুদ্ধই ভয়াৱহ ৰূপ ধাৰণ কৰে আৰু ২৪ মাৰ্চ বৃহস্পতিবাৰে এমাহত ভৰি দিয়ে৷ এই পৰিস্থিতিত ৰাছিয়া-ইউক্ৰেইনৰ যু্‌দ্ধৰ পৰিণতি কি হ’ব পাৰে তাক কোনেও নিশ্চিতকৈ ক’ব পৰা নাই৷ ইপিনে ইউক্ৰেইনৰ প্ৰতিৰোধ ভাঙিবলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লডিমিৰ পুটিনে শেহতীয়াকৈ আণৱিক অস্ত্ৰ প্ৰয়োগৰ হুংকাৰ প্ৰদান কৰিছে৷ ৰুছ সেনাৰ বিৰুদ্ধে  ইউক্ৰেইনে যিমানেই প্ৰতিৰোধ বৃদ্ধি কৰিছে সিমানেই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বাবে যেন আত্মসন্মানৰ প্ৰশ্ন আহি পৰিছে৷ ফলত যুদ্ধ বন্ধ কৰাটো দূৰৈৰ কথা, অধিক আক্ৰমণাত্মক হৈ উঠিছে পুটিন৷ যাৰ বাবে বিশ্বত নিজৰ দৰ্প অক্ষুণ্ণ ৰাখিবলৈ যিকোনো মুহূৰ্তত পুটিনে ভয়াৱহতকৈ ভয়াৱহ পদক্ষেপ গ্ৰহণ কৰিব পাৰে  বুলি পৰ্যৱেক্ষকমহলে আশংকা কৰিছে৷  এনে এক পদক্ষেপ হ’ব পাৰে ইউক্ৰেইনৰ প্ৰতিৰোধ ভাঙিবলৈ আণৱিক অস্ত্ৰ প্ৰয়োগৰ দৰে মাৰাত্মক সিদ্ধান্ত৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে পুৱা ইউক্ৰেইনে ৰাছিয়াৰ এখন যুদ্ধ জাহাজ ধবংস কৰে৷ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি মতে বিগত এমাহ ধৰি ৰুছ সেনাই ইউক্ৰেইনৰ ৰাজধানী কিয়েভ, খাৰকিভ, মাৰিউপল আদিকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ চহৰ গোলাবৰ্ষণেৰে প্ৰায় ধবংসস্তুপত পৰিণত কৰে৷ তাৰ মাজতে বৃহস্পতিবাৰে নিচেই পুৱা ইউক্ৰেইনৰ সেনাবাহিনীয়ে ৰুছ সেনাৰ এখন যুদ্ধ জাহাজ বোমাৰে উৰুৱাই দিয়ে৷ উল্লেখ্য যে ইউক্ৰেইনত ৰাছিয়াই সেনা অভিযান আৰম্ভ কৰাৰ পাছতে ৰুছ সেনাই দক্ষিণ ইউক্ৰেইনৰ বাৰডিয়ানস্ক’বন্দৰটো নিজৰ দখললৈ আনিছিল৷ তেতিয়াৰে পৰা উক্ত বন্দৰটোত ৰাছিয়াৰ সেনাবাহিনীয়ে কেইবাখনো যুদ্ধ জাহাজ আক্ৰমণৰ বাবে সাজু কৰি ৰাখিছিল৷ বৃহস্পতিবাৰে নিচেই পুৱা ইয়াৰে ‘অৰস্ক’নামৰ বৃহৎ যুদ্ধ জাহাজ এখন ইউক্ৰেইনৰ সেনাবাহিনীয়ে বোমাৰে উৰুৱাই দিয়ে৷ আনহাতে ইউক্ৰেইনৰ ওপৰত শেহতীয়াকৈ ৰাছিয়াই ৰাসায়নিক অস্ত্ৰ প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে৷ জেলেনস্কিৰ মতে ৰাছিয়াই তেওঁৰ দেশত ফছফৰাছ বোমা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে৷ ফছফৰাছ বোমাৰ প্ৰয়োগ অতি ভয়ংকৰ৷ জেলেনস্কিয়ে বৃহস্পতিবাৰে ভাৰ্চুৱেল মাধ্যমেৰে নাটোৰ প্ৰতিনিধিসকলক জনায় যে ৰাছিয়াই সকলো বিধিনিষেধ উলংঘা কৰি ইউক্ৰেইনত ৰাসায়নিক অস্ত্ৰৰ ব্যৱহাৰ কৰা আৰম্ভ কৰিছে৷ উল্লেখ্য যে ফছফৰাছ বোমা প্ৰয়োগৰ বাবে একধৰণৰ পাউদাৰ বতাহত এৰি দিয়া হয়৷ অক্সিজেনৰ সৈতে এই পাউদাৰৰ সংস্পৰ্শ ঘটাৰ লগে লগে ই জ্বলি উঠে আৰু মুহূৰ্তৰ ভিতৰতে একোটা বৃহৎ এলেকাক জুয়ে আগুৰি ধৰে৷ বৃহস্পতিবাৰৰ পুৱাৰে পৰা ৰুছ সেনাই এই বোমা নিক্ষেপ কৰা আৰম্ভ কৰিছে৷ এনে অৱস্থাত নাটোৰ সদস্য দেশসমূহৰ পৰা ৰাষ্ট্ৰপতি জেলেনস্কিয়ে পৰ্যাপ্ত অস্ত্ৰ বিচাৰি অনুৰোধ জনাইছে৷ জেলেনস্কিয়ে কয় যে ‘ফছফৰাছ বোমা নিক্ষেপে  ইউক্ৰেইনৰ বহু নিৰীহ লোকক মৃত্যুমুখত পেলাব৷ এনে লোকসকলৰ মৃত্যু ৰোধৰ উদ্দেশ্যেই এতিয়া ইউক্ৰেইনক সহায়ৰ প্ৰয়োজন হৈছে৷’ আনহাতে ৰুছ সেনাৰ গোলাবৰ্ষণৰ ফলত কিয়েভত পুনৰ এগৰাকী সাংবাদিকৰ মৃত্যু ঘটিছে৷  নিহত সাংবাদিক গৰাকী ৰাছিয়াৰ  ওকছানা বাউলিনা৷ অল জাজিৰা টিভিয়ে পৰিৱেশন কৰা বাতৰি মতে কিয়েভৰ এটা বহুমহলীয়া অট্টালিকাত আছিল এই সাংবাদিকগৰাকী৷ কিয়েভ চহৰত ৰুছ সেনাই চলোৱা আক্ৰমণত হোৱা ক্ষয়-ক্ষতিৰ ভিডিঅ’বন্দী কৰি থকাৰ সময়তে ৰাছিয়াৰ গোলাবৰ্ষণত প্ৰাণ হেৰুৱায় সাংবাদিকগৰাকীয়ে৷ স্মৰ্তব্য যে কেইদিনমান পূৰ্বে আমেৰিকাৰ ফক্স নিউজৰ সাংবাদিক এজন ৰুছ সেনাৰ গোলাবৰ্ষণত নিহত হৈছিল৷ তাৰ পূৰ্বে নিউয়ৰ্ক টাইমছৰ এজন সাংবাদিকৰো মৃত্যু ঘটে ৰাছিয়াৰ গোলাবৰ্ষণত৷ ইপিনে বিগত এমাহৰ যুদ্ধত এই পৰ্যন্ত ইউক্ৰেইনৰ অকল মাৰিউপল চহৰতে ২ হাজাৰৰো অধিক লোক মৃত্যুমুখত পৰা বুলি কোৱা হৈছে৷ নিহতৰ সঠিক হিচাপ এতিয়াও পাবলৈ বাকী৷ নিহতসকলৰ ভিতৰত ১২১টা শিশু থকাৰ লগতে কেইবালক্ষ লোক গৃহহীন হৈ পৰিছে৷ ইয়াৰ বিপৰীতে ৰাছিয়াৰ ১৪,০০০ সেনা ইউক্ৰেইনৰ সৈন্যবাহিনীৰ হাতত নিহত হোৱা বুলি দাবী কৰিছে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে৷ সেইদৰে শতাধিক যুদ্ধবিমান, টেংক আৰু যুদ্ধবাহন ধবংস কৰা বুলিও দাবী কৰিছে জেলেনস্কিয়ে৷ মুঠৰ ওপৰত ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ পৰিণতি কি হ’ব সেয়া এই মুহূৰ্তত কোৱাটো অত্যন্ত জটিল হৈ পৰিছে৷  এই যুদ্ধ যদিহে অধিক দীঘলীয়া হয় তেন্তে ইয়াৰ পৰিণাম হয়তো হ’ব পাৰে তৃতীয় বিশ্বযুদ্ধৰ সূচনা৷