Logo
image

আত্মঘাতী হ’বলৈ পাইলটে ঘটাইছিল চীনৰ বিমান দুৰ্ঘটনা!

আমাৰ অসম, ২৫মাৰ্চঃ চীনৰ উঝোউ প্ৰদেশত সোমবাৰে সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাটোৰ কাৰণ আজিও অন্ধকাৰত৷ ১৩২জন যাত্ৰীসহ আকাশমাৰ্গতে ভাগি পৰা ফ্লাইট ৫৭৩৫ নম্বৰৰ ৭৩৭-৮০০ বয়িং বিমানখনৰ ব্লেক বক্সটো ইতিমধ্যে উদ্ধাৰ হৈছে৷ কিন্তু বিমানখনৰ ব্লেকবক্সটোৰ ক্ষতি-সাধন হোৱাত দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ বিচাৰি উলিওৱাত জটিলতাৰ সৃষ্টি হৈছে৷ ইপিনে ইয়াৰ মাজতে উৰণ কালত বিমানখনৰ পাইলটজন অসুস্থ হৈ পৰিছিল নেকি নে পাইলটজনে আত্মহত্যা কৰাৰ উদ্দেশ্য দুৰ্ঘটনাটো সংঘটিত কৰিছিল তাক লৈও প্ৰশ্ন উত্থাপন হৈছে৷ তদন্তকাৰীসকলে লাভ কৰা প্ৰাথমিক তথ্যমতে দুৰ্ঘটনাটোৰ দিনা এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ পৰা কৰা ফোন কলৰ কোনো উত্তৰ দিয়া নাছিল পাইলটে৷ অৱশ্যে যিটো মডেলৰ বিমান ভাগি পৰিছিল সেই বিমান চালনাৰ অভিজ্ঞতা আছিল পাইলজনৰ৷ প্ৰায় ৬৭০৯ঘণ্টা এনে বিমান চলোৱাৰ অভিজ্ঞতা আছিল পাইলটজনৰ৷ সেইদৰে সহকাৰী পাইলটজনৰো প্ৰায় ৫৫৬ ঘণ্টা এনে মডেলৰ বিমান চলোৱাৰ অভিজ্ঞতা আছিল৷ এনে অৱস্থাত বিমানখন যান্ত্ৰিক বিজুতি, পাইলটৰ অসুস্থতা নে পাইলটে আত্মহননৰ উদ্দেশ্যেৰে এই ভয়ানক দুৰ্ঘটনাটো সংঘটিত কৰিলে তাক লৈ সন্দেহৰ সৃষ্টি হৈছে তদন্তকাৰীসকলৰ৷ উল্লেখ্য, সোমবাৰে সংঘটিত হোৱা বিমান দুৰ্ঘটনাটো আছিল বিগত এটা দশকৰ ভিতৰত চীনৰ সবাতোকৈ বৃহৎ বিমান দুৰ্ঘটনা৷ তদন্তকাৰীসকলে এই পৰ্যন্ত লাভ কৰা তথ্য মতে দুৰ্ঘটনাটোৰ সময়ত বিমানখন কুনমিঙৰ পৰা ২৯০০০ ফুট উচ্ছতাৰে গৈ আছিল আৰু গন্তব্যস্থান দক্ষিণ চীনৰ গুয়াংঝুৰ পৰা প্ৰায় ১০০ মাইল দূৰত্বত আছিল৷ এনে সময়তে হঠাৎ বিমানখন তলমুৱাকৈ প্ৰচণ্ড বেগত তললৈ নামি আহি এখন পাহাৰত আছাৰ খাই পৰে৷ ফলত বিমানখনৰ ৯জন ক্ৰু মেম্বাৰসহ ১৩২জন যাত্ৰীৰ আটাইকেইজনেই মৃত্যুমুখত পৰে৷ দুৰ্ঘটনাটোৰ যিটো ভিডিঅ’ৰাজহুৱা হৈছে তাতো বিমানখন তলমুৱাকৈ প্ৰচণ্ড গতিত তললৈ নামি অহা প্ৰত্যক্ষ হৈছে৷ বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে প্ৰযুক্তিগত কাৰণত বিমান এখন এনে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে৷ কিয়নো এখন বিমান স্বাভাৱিকভাৱে যেতিয়া জৰুৰী অৱতৰণ কৰিবলগীয়া হয়, তেতিয়া বিমানখনে সৰ্বোচ্ছ ৩৫০০ ফুটয প্ৰতি মিনিটত নামি আহিব পাৰে৷ কিন্তু চীনৰ দুৰ্ঘটনাগ্ৰস্ত বিমানখন প্ৰতি মিনিটত প্ৰায় ১০ হাজাৰ ফুট তললৈ নামি আহিছিল৷ যাৰ বাবে তদন্তকাৰীসকলে বিমান দুৰ্ঘটনাটোৰ কাৰণ যান্ত্ৰিক বিজুতি, পাইলটৰ অসুস্থতা অথবা পাইলটৰ আত্মহননৰ প্ৰৱণতাৰ বাবে হ’ব পাৰে বুলি সন্দেহ কৰিছে৷