Logo
image

যুদ্ধৰ এমাহ

নাটোৱে সক্ৰিয় কৰিলেৰাসায়নিক, পাৰমাণৱিক অস্ত্ৰ

আমাৰ অসম, ২৬ মাৰ্চঃ কোনো জয়-পৰাজয় নোহোৱাকৈ, চয়-নিচয় নোহোৱাকৈ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই আজি এমাহ অতিক্ৰম কৰিলে৷ ২৪ ফেব্ৰুৱাৰীৰ পুৱাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ নিৰ্দেশত ৰুছ সেনাই তেওঁলোকৰ চুবুৰীয়া ৰাজ্য ইউক্ৰেইন আক্ৰমণ কৰিছিল৷ এসময়ত ছোভিয়েট ইউনিয়নৰ পৰা ফাটি অহা ৰাষ্ট্ৰ ইউক্ৰেইনে ৰাছিয়াৰ প্ৰতি আনুগত্য প্ৰকাশৰ পৰিৱৰ্তে শত্ৰুতা আচৰণ কৰি আমেৰিকা আৰু নাটোগোষ্ঠীৰ ৰাষ্ট্ৰৰ সৈতে অধিক হলিগলি কৰাৰ বাবেই ঘাইকৈ ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছিল৷ সাম্ৰাজ্যবাদী আমেৰিকা আৰু ইউৰোপৰ পশ্চিমীয়া শক্তিশালী দেশৰ সংগঠন নাটোৱে ৰাছিয়াৰ চৌপাশে থকা সকলো দেশকে নিজৰ পক্ষে নি সাম্ৰাজ্যবাদ বিস্তাৰ কৰিছিল আৰু ৰাছিয়াৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছিল৷ ইউক্ৰেইনকো তেওঁলোকে নাটোৰ সদস্য কৰিবলৈ উঠিপৰি লাগিছিল আৰু ৰাছিয়াই বাৰে বাৰে ইউক্ৰেইনক নাটোত অংশগ্ৰহণ নকৰিবলৈ সকীয়াই আছিল৷ তদুপৰি ৰাছিয়াৰ চৌপাশে থকা নাটোগোষ্ঠীৰ ৰাষ্ট্ৰৰ পৰা নাটো তথা আমেৰিকাৰ সেনাৰ ঘাটি আঁতৰাবলৈ ৰাছিয়াই দাবী জনাই আছিল৷ ৰাছিয়াৰ সেই দুই প্ৰধান দাবীৰ এটাও নমনাত অৱশেষত এসেকা দিয়াৰ মানসেৰে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰে৷ ধাৰণা কৰা হৈছিল সামৰিক দিশৰ পৰা শক্তিহীন ইউক্ৰেইনক ৰাছিয়াৰ মহাশক্তিশালী সৈন্যবাহিনীয়ে ৯৬ ঘণ্টা বা খুব বেছি হ’লে এসপ্তাহৰ ভিতৰত পৰাস্ত কৰিব৷  কিন্তু আজি ২৫ মাৰ্চত যুদ্ধই আনুষ্ঠানিকভাৱে এমাহ অতিক্ৰম কৰিলে যদিও এই পৰ্যন্ত ৰাছিয়াই যুদ্ধত জয়লাভ কৰিব পৰা নাই৷ ঘাইকৈ নাটোগোষ্ঠীয়ে অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰি থকাৰ ফলত ইউক্ৰেইনে ৰুছ সেনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিৰোধ গঢ়ি তুলিছে৷ ফলত ৰাছিয়াই ইউক্ৰেইনক এমাহতো পৰাস্ত কৰিবলৈ সক্ষম হোৱা নাই৷ এতিয়ালৈকে নাটোগোষ্ঠীয়ে যুদ্ধত পোনপটীয়াকৈ অংশগ্ৰহণ কৰা নাই বাবে যুদ্ধখনে আন দেশলৈ বিস্তাৰ লাভ কৰা নাই৷ কিন্তু আমেৰিকাৰ আৰু নাটোগোষ্ঠীয়ে অচিৰেই এই যুদ্ধ সন্দৰ্ভত চূড়ান্ত আৰু নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ কৰিব৷ সেই উদ্দেশ্যেই আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে দুদিনীয়া কাৰ্যসূচী লৈ ইউৰোপ ভ্ৰমণ কৰিছে৷ বৃহস্পতিবাৰে নাটোগোষ্ঠীৰ কুৰিৰো অধিক ৰাষ্ট্ৰৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ পাছত শুকুৰবাৰে বাইডেন আহি ইউক্ৰেইনৰ সীমান্তৰ পোলেণ্ডত উপস্থিত হৈছে৷ বাইডেন শুকুৰবাৰে ইউক্ৰেইনৰ সীমান্তৰ পৰা ৮০ কিলোমিটাৰ দূৰত্বৰ পোলেণ্ডৰ ৰেঝঝৌ চহৰত আছে৷ যুদ্ধৰ অস্ত্ৰই ঢুকি পাব পৰা স্থানলৈ বাইডেন অহাটো অতি উল্লেখযোগ্য ঘটনা হিচাপে বিবেচিত হৈছে৷ কিয়নো একেদিনাই অৰ্থাৎ আজি শুকুৰবাৰে নাটোগোষ্ঠীয়ে তেওঁলোকৰ পাৰমাণৱিক অস্ত্ৰ সক্ৰিয় কৰি তোলা বুলি ৰাজহুৱা ঘোষণা কৰিছে৷ নাটোগোষ্ঠীৰ সচিবপ্ৰধান জেনছ ষ্টলেনবাৰ্গে শুকুৰবাৰে মুকলিভাৱে ঘোষণা কৰি কয়– নাটোৱে তেওঁলোকৰ ৰসায়নিক, জৈৱ, তেজস্ক্ৰিয় আৰু আণৱিক অস্ত্ৰৰ প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰিছে [নাটো এক্টিভেটেড কেমিকেল, বায়’লজিকেল, ৰেডিঅ’লজিকেল, নিউক্লিয়েৰ ডিফেন্স এলিমেণ্ট]৷ নাটোৰ এই কাৰ্যৰ অৰ্থ কি বা উদ্দেশ্য কি– সেয়া এতিয়াও সাধাৰণ লোকৰ বোধগম্য হোৱা নাই৷ ইতিপূৰ্বে ৰাছিয়াই প্ৰয়োজনবোধে যুদ্ধত আণৱিক অস্ত্ৰ প্ৰয়োগৰ ভাবুকি দিছিল৷ এইবাৰ নাটোৱে আণৱিক অস্ত্ৰ সক্ৰিয় কৰাত যিকোনো মুহূৰ্ততে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই বিশ্বযুদ্ধ ৰূপ লৈ পাৰমাণৱিক যুদ্ধলৈ পৰ্যৱসিত হোৱাৰ আশংকাই দেখা দিছে৷