Logo
image

ইউক্ৰেইনৰ মন্ত্ৰীৰে বাইডেনৰ মন্ত্ৰণা

পোলেণ্ডৰ সীমাতে প্ৰচণ্ড বিস্ফোৰণ

আমাৰ অসম, ২৭ মাৰ্চঃ যুদ্ধত বিধবস্ত ইউক্ৰেইনৰ প্ৰতিবেশী দেশলৈ অহা ইউৰোপ ভ্ৰমণৰত  আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে শনিবাৰে যুদ্ধৰত ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিট্ৰ’কুলেবা, প্ৰতিৰক্ষা মন্ত্ৰী অলেস্কি ৰেজনিকভকে ধৰি দেশখনৰ শীৰ্ষস্থানীয় বিষয়াক পোলেণ্ডত সাক্ষাৎ কৰাত ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই নতুন পাক লোৱাৰ সম্ভাৱনা সৃষ্টি কৰিছে৷ শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে পোলেণ্ডৰ ৰাজধানী ৱাৰশ্ব’ত ইউক্ৰেইনৰ দুজনকৈ শীৰ্ষ মন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰি গোপন আৰু গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ এই গোপন বৈঠকত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনক সংগ প্ৰদান কৰে মাৰ্কিন বৈদেশিক মন্ত্ৰী এন্থনী ব্লিনকেন আৰু প্ৰতিৰক্ষা মন্ত্ৰী লয়ড অষ্টিনে৷ ৰাছিয়াই যোৱা ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছৰ পৰাই আমেৰিকাকে ধৰি নাটোগোষ্ঠীৰ পশ্চিমীয়া ৰাষ্ট্ৰই সামৰিক অস্ত্ৰশস্ত্ৰ প্ৰেৰণেৰে ইউক্ৰেইনক পূৰ্ণ সাহায্য প্ৰদান কৰি আহিছে৷ দীৰ্ঘদিনৰ পৰা নাটোৰ সৈতে ঘনিষ্ঠ হ’লেও নাটোৰ সদস্যভুক্ত নোহোৱা বাবে আমেৰিকা আৰু নাটোগোষ্ঠীৰ দেশে পোনপটীয়াকৈ ইউক্ৰেইনৰ হৈ ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত নামিব পৰা নাই৷ নাটোৰ সংবিধান অনুসৰি নাটোভুক্ত নোহোৱা দেশৰ হৈ যুদ্ধ কৰিব নোৱাৰে আৰু এই যুদ্ধলৈ কোনো কাৰণতে আমেৰিকাই সেনাবাহিনী প্ৰেৰণ নকৰে বুলি এই যুদ্ধখনৰ প্ৰথম সপ্তাহতে মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনে স্পষ্ট কৰি দিছিল৷ কিন্তু ইউক্ৰেইনৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰি আৰু ৰাছিয়াৰ বিৰুদ্ধে শত্ৰুতা আচৰণ কৰি আমেৰিকাৰ নেতৃত্বত পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে অতি কঠিন অৰ্থনৈতিক নিষেধাজ্ঞা জাৰি কৰিছে৷ এই নিষেধাজ্ঞাৰ জৰিয়তে ইউৰোপ আৰু আমেৰিকাত থকা ৰাছিয়াৰ সকলোধৰণৰ চৰকাৰী আৰু বে-চৰকাৰী তথা ব্যক্তিগত ব্যৱসায় বন্ধ কৰি দিয়া হৈছে আৰু ৰাছিয়াৰ চৰকাৰী ধনৰ উপৰি বেচৰকাৰী ক্ষেত্ৰত বিভিন্ন দেশত বিনিয়োগ হৈ থকা ধন‘ফ্ৰীজ’কৰি দিয়া হৈছে৷ ৰাছিয়ালৈ প্ৰেৰণ কৰি থকা সকলোধৰণৰ আৰ্থিক সাহায্য আৰু অন্যান্য ৰপ্তানিমূলক সামগ্ৰীৰ প্ৰেৰণো সম্প্ৰতি বন্ধ৷ ইয়াৰ লগে লগে আমেৰিকা নেতৃত্বাধীন নাটোৱে বিশাল পৰিমাণত ইউক্ৰেইনলৈ অস্ত্ৰশস্ত্ৰ  প্ৰেৰণ কৰি আছে আৰু সেই অস্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই এমাহ ধৰি দেশখনে ৰুছ সেনাৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে৷ আমেৰিকা আৰু নাটোৱে ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনৰ হৈ যুদ্ধত নানামে বুলি ক’লেও আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে যুদ্ধৰত ইউক্ৰেইনক সীমান্তত থকা পোলেণ্ডলৈ আহি ইউক্ৰেইনৰ শীৰ্ষস্থানীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ বিষয়টোৱে যুদ্ধৰ পৰিস্থিতিয়ে আন দিশলৈ গতি কৰিব পাৰে বুলি আশংকা কৰা হৈছে৷ কিয়নো শুকুৰবাৰে নাটোৰ সচিবপ্ৰধান জেনছ ষ্টলেনবাৰ্গে নাটোগোষ্ঠীয়ে তেওঁলোকৰ পাৰমাণৱিক অস্ত্ৰ সক্ৰিয় কৰি তোলা বুলি ৰাজহুৱা ঘোষণা কৰিছিল৷ নাটোগোষ্ঠীৰ সচিবপ্ৰধান জেনছ ষ্টলেনবাৰ্গে শুকুৰবাৰে মুকলিভাৱে ঘোষণা কৰি কৈছিল– নাটোৱে তেওঁলোকৰ ৰসায়নিক, জৈৱ, তেজস্ক্ৰিয় আৰু আণৱিক অস্ত্ৰৰ প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰিছে [নাটো এক্টিভেটেড কেমিকেল, বায়’লজিকেল, ৰেডিঅ’লজিকেল, নিউক্লিয়েৰ ডিফেন্স এলিমেণ্ট]৷ এই ঘোষণাৰ দিনাই বাইডেন অৰ্থাৎ শুকুৰবাৰে ইউক্ৰেইনৰ সীমান্তৰ পৰা ৮০ কিলোমিটাৰ দূৰত্বৰ পোলেণ্ডৰ ৰেঝঝৌ চহৰত বাইডেন উপস্থিত হৈছিল৷ ৰাছিয়াৰ যুদ্ধৰ অস্ত্ৰই ঢুকি পাব পৰা স্থানলৈ বাইডেন অহাটো অতি উল্লেখযোগ্য ঘটনা হিচাপে বিবেচিত হৈছিল আৰু শনিবাৰে মাৰ্কিন ৰাষ্ট্ৰপতিজনে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী আৰু প্ৰতিৰক্ষামন্ত্ৰীক সাক্ষাৎ কৰি গোপন বৈঠক কৰা ঘটনা এই যুদ্ধৰ ক্ষেত্ৰত ততোধিক তাৎপৰ্যপূৰ্ণ ঘটনা হিচাপে বিবেচিত হৈছে৷ উল্লেখ্য মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে হোৱা বৈঠকত ইউক্ৰেইনে যুদ্ধৰ ক্ষেত্ৰত আমেৰিকাৰ পৰা অধিক পৰিমাণত শক্তিশালী অস্ত্ৰশস্ত্ৰ লাভ কৰাৰ প্ৰতিশ্ৰুতি পোৱা বুলি বৈদেশিক মন্ত্ৰী কুলেবাই প্ৰকাশ কৰিছে৷ আনহাতে মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনে এই সাক্ষাতৰ পাছত কয়–‘ইউক্ৰেইনত সম্প্ৰতি যি ঘটনা বা যুদ্ধ সংঘটিত হৈছে সেই ঘটনাই ২১ শতিকাৰ বিশ্বৰ ইতিহাসৰ সোঁত সলনি কৰি পেলাব পাৰে৷ কিন্তু আমি সেই সোঁত আমাৰ পক্ষে বোৱাই নিম, সেয়া নিশ্চিত৷ সেই সোঁত বৈ যাব গণতান্ত্ৰিক বিশ্বৰ সপক্ষে আৰু ইউক্ৰেইনৰ সপক্ষে৷’আনহাতে জো বাইডেনে এই গুৰুত্বপূৰ্ণ ভ্ৰমণৰ সময়ত পোলেণ্ডৰ ৰাষ্ট্ৰপতি এন্দ্ৰেজ ডুডাৰ সৈতে সাক্ষাৎ কৰি মূলতঃ পোলেণ্ডৰ সীমাতে চলি থকা যুদ্ধখনক লৈ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে৷ বাইডেনে তেওঁৰ তিনিদিনীয়া ইউৰোপ ভ্ৰমণত জি-৭, ইউৰোপীয়ান ইউনিয়ন আৰু নাটোৰ সৈতে ঘাইকৈ যুদ্ধখনক লৈ বৈঠক অনুষ্ঠিত কৰে৷ শনিবাৰে তেওঁ ইউক্ৰেইনৰ পৰা পলাই আহি পোলেণ্ডত আশ্ৰয় লোৱা শৰণাৰ্থীৰ শিবিৰো পৰিদৰ্শন কৰে৷ বাইডেনৰ এই ইউৰোপ ভ্ৰমণ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ ইপিনে, বাইডেনে ইউক্ৰেইনৰ প্ৰতিৰক্ষামন্ত্ৰী আৰু বৈদেশিকমন্ত্ৰীৰ সৈতে বৈঠক সামৰি পোলেণ্ডৰ ৰাষ্ট্ৰপতি এন্দ্ৰেজ ডুডাৰ সৈতে বৈঠক কৰি থকাৰ সময়তে পোলেণ্ডৰ তেনেই গাতে লাগি থকা লিভিভ চহৰত তিনিটাকৈ প্ৰকাণ্ড বোমাৰ বিস্ফোৰণ ঘটাই ৰাছিয়াই বাইডেনক আদৰণি জনাইছে৷ যুদ্ধই শুকুৰবাৰে এমাহ অতিক্ৰম কৰাৰ পাছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে তেওঁলোকৰ যুদ্ধৰ প্ৰথমটো পৰ্যায় সামৰণি পৰা বুলি মন্তব্য কৰিছে৷ তাৰ ঠিক পাছতে ইউক্ৰেইনৰ পশ্চিম সীমান্তত নাটোগোষ্ঠীৰ ৰাষ্ট্ৰ পোলেণ্ডৰ সীমাত ঘটোৱা এই তিনিটা প্ৰকাণ্ড বিস্ফোৰণে ৰাছিয়াৰ আক্ৰমণৰ লক্ষ্য সলনি হোৱাৰ ইংগিত দিছে৷ এই তিনিটা বিস্ফোৰণে লিভিভ চহৰৰ একাংশ ধবংস কৰি পেলাইছে বুলি প্ৰাথমিকভাৱে আশংকা কৰা হৈছে৷

লখিমপুৰ তেলাহী কমলাবাৰীয়া মহাবিদ্যালয়ত সাম্প্ৰতিক ৰাছিয়া অৰু ইউক্ৰেইন যুদ্ধৰ ওপৰত এক জনপ্ৰিয় বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ এল টি কে মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগ আৰু উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ যুটীয়া উদ্যোগত অনুষ্ঠিত জনপ্ৰিয় বক্তঋতা অনুষ্ঠানত উদ্বোধকৰ ভাষণ আগবঢ়ায় মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বুবুল কুমাৰ শইকীয়াই৷ সমল ব্যক্তি হিচাপে ভাষণ আগবঢ়ায় লখিমপুৰৰ জ্যেষ্ঠ সাংবাদিক তথা উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি কুমুদ বৰুৱাই৷ আনজন সমল ব্যক্তি হিচাপে ভাষণ আগবঢ়ায় মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক দিগন্ত শইকীয়াই৷ দুয়োজন সমল ব্যক্তিয়ে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ওপৰত অতি তত্ত্বগধূৰ ব্যাখ্যা আগবঢ়ায়৷ সাংবাদিকদ্বয় বুবুল হাজৰিকা আৰু ৰঞ্জিত কাকতিয়েও বহু গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়৷ সভাত মহাবিদ্যালয়ৰ প্ৰায়সংখ্যক অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে৷  অনুষ্ঠানত এল টি কে মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগ আৰু উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ মাজত পাৰস্পৰিক সহযোগিতাৰ বাবে এখনি বুজাবুজি চুক্তিত স্বাক্ষৰ কৰা হয়৷ এই প্ৰচেষ্টাক সভাত উপস্থিত সকলোৱে শলাগ লয়৷ মহাবিদ্যালয়ৰ উপাধ্যক্ষ বিদু্যৎ চুতীয়াই সভাপতিত্ব কৰা বক্তৃতা অনুষ্ঠানটিৰ আঁতধৰে প্ৰফুল্ল নাথে৷