Logo
image

অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ

আমাৰ অসম, ০৪ অক্টোবৰঃ বুধবাৰে পুৱাই ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে। কেইবছৰমান পুৰণি এজন ইন্টেৰিঅৰ ডেকৰেটৰৰ আত্মহত্যাত প্ৰৰোচনা গোচৰত গ্ৰেপ্তাৰ কৰা হয় ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গৰাকীক।

অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰ কৰা গোচৰটো-

গোস্বামী আৰু তেওঁৰ দুজন সংগীয়ে অনভয় নায়ক নামৰ এজন ইন্টেৰিঅৰ ডেকৰেটৰৰ প্ৰাপ্য ৫.৪০ কোটি টকা নিদিয়া বাবে নায়ক আৰু তেওঁৰ মাতৃয়ে ২০১৮ চনত আত্মহত্যা কৰাৰ অভিযোগ উঠিছিল৷ নায়কে আত্মহত্যাৰ টোকাত তিনিওৰে কথা উল্লেখ কৰিছিল৷ পূৰ্বৰ চৰকাৰে প্ৰমাণৰ অভাৱ বুলি গোচৰটোৰ তদন্ত বন্ধ কৰিছিল৷ নতুন চৰকাৰে গোচৰটোৰ পুনৰ তদন্ত কৰাৰ বাবে CID ক নিৰ্দেশ দিছিল৷