Logo
image

ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ ঘোষণা

বিধবস্ত মাৰিউপলক‘ৰক্ষা’কৰা অসম্ভৱ 

আমাৰ অসম, ২৮ মাৰ্চঃ ৰাছিয়াই বিগত এমাহে ইউক্ৰেইনৰ বিৰুদ্ধে চলাই অহা যুদ্ধই দুৰ্বল ইউক্ৰেইনৰ অৱস্থা কাহিল কৰি পেলাইছে৷ ইউৰোপীয় সংঘ, নাটো আৰু আমেৰিকাৰ পৰা লাভ কৰা সহায়ৰ জৰিয়তে ইউক্ৰেইনে কিছু প্ৰতিৰোধ গঢ়ি তুলিবলৈ সক্ষম হৈছে যদিও ইতিমধ্যে ৰাছিয়াৰ আক্ৰমণে বিস্তৰ ক্ষতি কৰিছে৷ প্ৰায় ৭০ লাখ লোকে ইউক্ৰেইন এৰি বিদেশলৈ পলায়ন কৰিছে৷ তাৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ঘোষণা কৰিছে যে অতি সোনকালেই ৰাছিয়াই দখল কৰিব মাৰিউপল৷ কাৰণ মাৰিউপলত ইউক্ৰেইনৰ সেনাৰ প্ৰতিৰোধ ক্ষমতা কম হৈ আহিছে৷ অতিৰিক্ত টেংক আৰু বিমান অবিহনে মাৰিউপলক ৰক্ষা কৰটো কঠিন৷ ৰাছিয়াই মাৰিউপলত আক্ৰমণ ইমানেই তীব্ৰতৰ কৰি তুলিছে যে ভয়তে হাত-ভৰি লুকাইছে ৰাষ্ট্ৰপতি জেলেনস্কিৰ৷ ইউক্ৰেইনৰ সেনাৰ হাতত থকা মেচিনগান আৰু ষ্টেনগানেৰে ৰাছিয়াক বাধা দিয়াটো অসম্ভৱ৷ গতিকে তেওঁ বিচাৰে আৰু অধিক টেংক আৰু যুদ্ধ বিমান৷ সম্পূৰ্ণ আনৰ ওপৰত নিৰ্ভৰশীল হৈ ইউক্ৰেইনে যুদ্ধ অব্যাহত ৰাখিছে৷ আমেৰিকা, ইউৰোপৰ দেশ আৰু নাটোৰ সদস্য ৰাষ্ট্ৰই সহায় নকৰিলে ইউক্ৰেইন শেষ৷ সেয়ে চতুৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে বিশ্বৰ বিভিন্ন দেশৰ সংসদত ভাৰ্চুৱেল ভাষণ দি সমৰ্থন আৰু সহায় আদায় কৰাৰ কাম অব্যাহত ৰাখিছে৷ পোলেণ্ডে ইউক্ৰেইনক‘মিগ-২৯’বিমান নিদিয়াত জেলেনস্কিয়ে হতাশা প্ৰকাশ কৰে৷ গতিকে মাৰিউপল যোৱাৰ পাছত আন আন স্থানো ৰাছিয়াৰ হাতলৈ যোৱাৰ পূৰ্বেই জেলেনস্কিয়ে শান্তি আলোচনাৰ বাবে সজু হোৱাৰ কথাও ঘোষণা কৰে৷ তেওঁৰ কথা শুনিবলৈ ৰাছিয়া আৰু বিশ্বৰ বিভিন্ন দেশক আহ্বান জনায় জেলেনস্কিয়ে৷