Logo
image

পুটিনক কচাই বুলি কৈ বিপদত বাইডেন

আমাৰ অসম, ২৮ মাৰ্চঃ ইউক্ৰেইন আক্ৰমণকাৰী ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক কচাই বুলি কৈ আৰু তেওঁক ক্ষমতাচ্যুৎ কৰাৰ হুমকি দি বিপদত পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন৷ তিনিদিনীয়া ইউৰোপ ভ্ৰমণলৈ আহি শনিবাৰে যুদ্ধবিধবস্ত ইউক্ৰেইনৰ সীমান্তৱৰ্তী দেশ পোলেণ্ডত ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিট্ৰ’কুলেবা,প্ৰতিৰক্ষা মন্ত্ৰী অলেস্কি ৰেজনিকভকে ধৰি দেশখনৰ শীৰ্ষস্থানীয় বিষয়াক সাক্ষাৎ কৰি ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে দেশখনক আমেৰিকাই অধিক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি যুদ্ধত সাহায্য কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ তেওঁ জনায় যে এই পৰ্যন্ত  আমেৰিকাই ইউক্ৰেইনক ৬৫০ নিযুত মাৰ্কিন ডলাৰ মূল্যৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছে৷ অচিৰেই তেওঁলোকে মুঠতে ৰ.৩৫ বিলিয়ন মাৰ্কিন ডলাৰৰ অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিব৷ তদুপৰি আমেৰিকাই ৰ লাখ ইউক্ৰেইনৰ শৰণাৰ্থীক নিজৰ দেশত স্থান দিব বুলি বাইডেনে ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীক প্ৰতিশ্ৰুতি দিয়ে৷ উল্লেখ্য, ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে ইউক্ৰেইনৰ দুয়োজন শীৰ্ষ মন্ত্ৰীৰ এই বৈঠক আছিল অতি গোপনীয়৷ যুদ্ধ চলি থকাৰ মাজতে ইউক্ৰেইনৰ পৰা চুবুৰীয়া পোলেণ্ডত গৈ দুয়োজন মন্ত্ৰী উপস্থিত হোৱা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ আঁৰত আমেৰিকাৰ এই যুদ্ধক লৈ নতুন কোনো অভিসন্ধি আছে বুলি ধাৰণা কৰা হৈছে৷ পূৰ্বে আমেৰিকাই কোনো কাৰণতে এই যুদ্ধলৈ দেশৰ সেনাবাহিনী প্ৰেৰণ নকৰে বুলি নিশ্চিত কৰিছিল৷ এইবাৰ সেই সিদ্ধান্ত সলনি কৰি আমেৰিকাই ৰাছিয়াক পদানত কৰিবলৈ নতুন কোনো সিদ্ধান্ত গ্ৰহণ কৰা বুলি চৰ্চা হৈছে৷ ঘাইকৈ মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনে ৰাছিয়া ৰাষ্ট্ৰপতি পুটিন ক্ষমতাত অধিষ্ঠিত হৈ থাকিব নোৱাৰিব বুলি কৰা মন্তব্যই আমেৰিকাৰ যুদ্ধ সন্দৰ্ভত থকা পৰিকল্পনা যে সলনি হৈছে তেনে ধাৰণা পৰিস্ফূট কৰিছে৷ এই গোপন বৈঠকত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনক সংগ প্ৰদান কৰে মাৰ্কিন বৈদেশিক মন্ত্ৰী এন্থনী ব্লিনকেন আৰু প্ৰতিৰক্ষা মন্ত্ৰী লয়ড অষ্টিনে৷ আনহাতে জো বাইডেনে এই গুৰুত্বপূৰ্ণ ভ্ৰমণৰ সময়ত পোলেণ্ডৰ ৰাষ্ট্ৰপতি এণ্ড্ৰেজ ডুডাৰ সৈতে সাক্ষাৎ কৰি মূলতঃ পোলেণ্ডৰ সীমাতে চলি থকা যুদ্ধখনক লৈ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে৷ বাইডেনে তেওঁৰ তিনিদিনীয়া ইউৰোপ ভ্ৰমণত জি-৭, ইউৰোপীয়ান ইউনিয়ন আৰু নাটোৰ সৈতে  যুদ্ধ সন্দৰ্ভত ইখনৰ পাছত সিখন  বৈঠক অনুষ্ঠিত কৰে৷ ইয়াৰ পাছতে শনিবাৰে তেওঁ ইউক্ৰেইনৰ পৰা পলাই আহি পোলেণ্ডত আশ্ৰয় লোৱা শৰণাৰ্থীৰ শিবিৰো পৰিদৰ্শন কৰে৷ শৰণাৰ্থী শিবিৰত উপস্থিতত হৈ জো বাইডেনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক এই যুদ্ধৰ বাবে কচাই বুলি অভিহিত কৰে আৰু তেওঁ বেছিদিনলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ আসনত নিষ্কন্টক হৈ বহি থাকিব নোৱাৰিব বুলি মন্তব্য কৰে৷ তেওঁকয়–‘পুটিন কচাই৷ ভগৱানৰ শপত, এই মানুহজনক আৰু ক্ষমতাত থাকিবলৈ দিয়া নহ’ব৷’আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে কৰা এই মন্তব্যই সমগ্ৰ বিশ্বতে তীব্ৰ জোকাৰণি তোলে৷ কিয়নো নিৰ্বাচিত এখন চৰকাৰৰ এজন ৰাষ্ট্ৰপ্ৰধানক এনেদৰে আন এখন দেশে ক্ষমতাচ্যুৎ কৰিব বুলি মন্তব্য কৰাটো সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক৷ বাইডেনৰ এই মন্তব্যত তীব্ৰ বিতৰ্কৰ সৃষ্টি হোৱাত হোৱাইট হাউছে কালিৰ পৰা আজিলৈকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বাইডেনৰ মন্তব্য সন্দৰ্ভত বিভিন্ন ব্যাখ্যা দি সকলো পক্ষকে ক্ষান্ত কৰিবলৈ চেষ্টা কৰিছে৷ বাইডেনৰ মুখৰ পৰা অসতৰ্ক মুহূৰ্তত ওলাই অহা এই ক্ষমতাচ্যুৎ কৰাৰ ভাবুকিয়ে আমেৰিকাৰ ভাৱমূৰ্তিত কালিমা সানিছে৷ ইয়াৰ অৰ্থ এনে হৈ পৰিছে যে আমেৰিকাই যুদ্ধবিধবস্ত ইউক্ৰেইনক সহায় কৰাতকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতিক ক্ষমতাচ্যুৎ কৰাতহে অধিক মনোনিৱেশ কৰিছে৷ দেওবাৰে আমেৰিকাৰ বৈদেশিক মন্ত্ৰী এন্থনী ব্লিনকেনে পুনৰ বাইডেনৰ মন্তব্য সন্দৰ্ভত স্পষ্টীকৰণ দাঙি ধৰি কয়–‘আমাৰ ৰাছিয়াৰ চৰকাৰ সলনি কৰাৰ কোনো ৰণকৌশল বা পৰিকল্পনা নাই৷ এইক্ষেত্ৰত এখন দেশৰ চৰকাৰ থাকিব নে নাথাকিব সেই সন্দৰ্ভত সংশ্লিষ্ট দেশখনৰ নাগৰিকেই ঠিৰাং কৰিব৷ আমি কোনো কাৰণতে তেনে বিষয়ত হস্তক্ষেপ নকৰো৷ এইক্ষেত্ৰত পুটিনৰ ভৱিষ্যৎ সম্পূৰ্ণৰূপে ৰাছিয়াৰ জনগণৰ সিদ্ধান্তৰ ওপৰত বৰ্তি থাকিব৷’ইপিনে চলিত যুদ্ধত ইউক্ৰেইনে ৰাছিয়াৰ সেনাবাহিনীৰ বিস্তৰ ক্ষতি কৰা বুলি পুনৰ দাবী কৰিছে৷ দেওবাৰে ইউক্ৰেইনে চৰকাৰীভাৱে এখন তালিকা প্ৰকাশ কৰি ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিবলৈ আহি বিগত ৩২ দিনত কিমান ক্ষতি হ’ল সেয়া মুকলি কৰি দিছে৷ ইউক্ৰেইনে প্ৰকাশ কৰা তালিকা অনুসৰি চলিত যুদ্ধত এই পৰ্যন্ত ১৬,০০০ ৰুছ সেনা নিহত হৈছে৷ তদুপৰি তেওঁলোকে ৰাছিয়াৰ ১২১খন যুদ্ধবিমান, ১২৭খন যুদ্ধ হেলিকপ্টাৰ, ৫৮২খন টেংক, ২৯৪ গধুৰ অস্ত্ৰ, ১৬৬৪খন সেনা কঢ়িওৱা গাড়ী, ৪খন মোবাইল এছ আৰ বি এম চিষ্টেম, ৯৪খন এম এল আৰ এছ, ৭খন যুদ্ধৰ নাও, ১১৪৪খন যুদ্ধৰ গাড়ী, ৭৩খন ইন্ধনবাহী গাড়ী, ৫৬খন মানৱবিহীন যুদ্ধাস্ত্ৰ, ৫২খন এন্টি এয়াৰক্ৰাফ্‌ট ৱাৰফেয়াৰ আৰু ২১খন বিশেষ যুদ্ধৰ গাড়ী ধবংস কৰা বুলি দাবী কৰিছে৷