Logo
image

পদচ্যুত হ’ব ইমৰান খান!

আমাৰ অসম,২৮ মাৰ্চঃ অস্থিৰ ৰাজনৈতিক বাতাবৰণৰ বাবে কুখ্যাত পাকিস্তান৷ সেই কুখ্যাতি অটুত ৰাখি চৰকাৰৰ পাঁচ বছৰ নৌহওঁতেই অস্থিৰ হৈ পৰিছে ইমৰাণ খানৰ চৰকাৰ৷ দুৰ্নীতি আৰু দেশৰ শোচনীয় অৰ্থনৈতিক অৱস্থাৰ বাবে  দায়ী কৰি ইমৰাণ খানৰ চৰকাৰৰ ওপৰৰ পৰা সহযোগী প্ৰত্যেকটো ৰাজনৈতিক দলে সমৰ্থন প্ৰত্যাহাৰ কৰিছে৷ যোৱা ৮ মাৰ্চত বিৰোধী ৰাজনৈতিক দলসমূহে সদনত ইমৰাণ খানৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল৷ সংসদৰ অধ্যক্ষই কোনো মতে অনাস্থা  প্ৰস্তাৱৰ ভোটদানৰ দিনটোত সোমবাৰ পৰ্যন্ত পিছুৱাই ইমৰাণ খানৰ চৰকাৰক ৰক্ষা কৰিছে৷ অনাস্থা প্ৰস্তাৱৰ সপক্ষে আৰু বিপক্ষে সংসদত ভোটদান হ’লে ইমৰাণ খান চৰকাৰৰ ৰক্ষা নাই, নিশ্চিতভাৱে পতন ঘটিব বুলি প্ৰত্যেকটো ৰাজনৈতিক দলে দৃঢ়বিশ্বাসী হৈ আছে৷ এনে সময়তে শাসনৰ গাদী নেৰিবলৈ বদ্ধপৰিকৰ ইমৰাণ খানে সোমবাৰে ৰাজধানী ইছলামবাদৰ অদূৰত ফৈজাবাদত দলীয় সমৰ্থককলৈ এখন ৰাজনৈতিক সমবেশ অনুষ্ঠিত কৰিছে৷ তেওঁৰ চৰকাৰৰ প্ৰতি দেশবাসীৰ সমৰ্থন থকাটো প্ৰতীয়মান কৰিবলৈ আয়োজন কৰা  এই বিশাল ৰেলীত ইমৰাণ খানে কোনো কাৰণতে তেওঁ পদত্যাগ নকৰে আৰু চৰকাৰৰ পতন ঘটিবলৈ নিদিয়ে বুলি দাবী কৰিছে৷ লক্ষাধিক সমৰ্থক সমৱেত হোৱা এই ৰেলীৰ পূৰ্বে প্ৰচাৰ হৈছিল– ৰাজহুৱা মঞ্চত সম্ভৱত কিং খানে মুকলিভাৱে পদত্যাগ কৰিব৷ দেশৰ আগশাৰীৰ সংবাদ পত্ৰ ‘ডন’কে ধৰি পাকিস্তানৰ মিডিয়াই ইমৰাণ খানে এই ৰাজনৈতিক সমৱেশত ৰাজহুৱা পদত্যাগ ঘোষণা কৰিব বুলি সম্ভাৱনা ব্যক্ত কৰিছিল৷ কিয়নো গাদীৰ পৰা তেওঁ পদচ্যুত হ’বলৈ কেইদিনমানহে সময় বাকী থকা বুলি পাকিস্তানৰ বিৰোধী ৰাজনৈতি দল, জনসাধাৰণ আৰু মিডিয়া প্ৰায় নিশ্চিত৷ পিছে ইমৰাণ খানে এই সমাৱেশৰ জৰিয়তে শক্তিহে সঞ্চয় কৰিলে৷ লক্ষাধিক সমৰ্থকৰ সন্মুখত উদাত্ত কণ্ঠৰে ইমৰাণ খানে সকলোকে জাতিটোক ৰক্ষা কৰিবলৈ আহ্বান জনালে৷ তেওঁ অভিযোগ কৰিলে, পাকিস্তানৰ চৰকাৰৰ পতন ঘটাবলৈ, দেশখনৰ ৰাজনৈতিক পৰিস্থিতি অস্থিৰ কৰি তুলিবলৈ বৰ্হিশক্তিয়ে প্ৰচুৰ অৰ্থ ব্যয় কৰিছে আৰু তেওঁৰ বিৰোধী ৰাজনৈতি দলে সেই অৰ্থলৈ চৰকাৰৰ পতন ঘটোৱাৰ বাবে পূৰ্ণ প্ৰচেষ্টা চলাইছে৷ পিছে কোনো কাৰণতে তেওঁ বিৰোধী শক্তিৰ ওচৰত নতশিৰ নহয় বুলি ৰাজনৈতিক সমৱেশত মন্তব্য কৰে৷ একেদিনাই ইছলামাবাদত একে সময়তে বিৰোধী ৰাজনৈতিক দলেও আন এখন ৰাজনৈতিক সমৱেশ আয়োজন কৰিছে৷ উভয় পক্ষৰ সমৰ্থকৰ উপস্থিতিত ৰাজধানী  ইছলামবাদৰ জীৱন যাত্ৰা স্থবিৰ হৈ পৰিছে৷ শাসনৰ গাদী অক্ষুণ্ণ ৰাখিবলৈ ইমৰাণ খান বদ্ধপৰিকৰ থাকিলেও তেওঁ পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ গাদীৰ পৰা পদচ্যুত হোৱাটো নিশ্চিতপ্ৰায়৷  কিয়নো পাকিস্তানৰ ৩৪২ খন আসন থকা নেশ্যনেল এছেম্বিলত চৰকাৰ অক্ষুণ্ণ ৰখাৰ বাবে যাদুকৰী সংখ্যা হৈছে ১৭২ ৷ ইমৰাণ খানৰ নিজৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফ অৰ্থাৎ পি টি আইৰ সদস্যৰ সংখ্যা ১৫৫জন ৷ যি ৰাজনৈতিক দলৰ সহযোগত তেওঁৰ চৰকাৰ বৰ্তি আছিল সেই মুত্তাহিদা কাউমি মুভমেণ্ট পাকিস্তান দলৰ জ্জ জন, পাকিস্তান মুছলিম লীগ  কায়েদ দলৰ পাঁচজন, বেলুচিস্তান আৱামী পাৰ্টীৰ ৫জন সদস্যই ইতিমধ্যে ইমৰাণ খানৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাত ইতিমধ্যে তেওঁৰ চৰকাৰ সংখ্যালঘুত পৰিণত হৈছে৷ সেয়ে অনাস্থা প্ৰস্তাৱৰ ভোটদান অনুষ্ঠিত হ’লেই পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ গাদীৰ পৰা কিং খান পদচ্যুত হোৱাতো নিশ্চিত৷ সেয়া এতিয়া সময়ৰ অপেক্ষা৷