Logo
image

পঃবংগ বিধানসভাত কুৰুক্ষেত্ৰ

১০জন আহত, ৫ বিজেপি বিধায়কক নিলম্বন

আমাৰ অসম, ২৯ মাৰ্চঃ অস্কাৰৰ মঞ্চৰ প্ৰতিচ্ছবি দেখা গ’ল পশ্চিমবংগৰ বিধানসভাৰ মজিয়াত৷ ভাৰতীয় সময় অনুসৰি পুৱতি নিশা অস্কাৰৰ মঞ্চত অভিনেতা উইল স্মিথে অনুষ্ঠানৰ সঞ্চালক ক্ৰিছ ৰকক পূৰ্ণহতীয়া চৰ মাৰি বিশ্বজোৰা চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ সেই চাঞ্চল্য মাৰ নৌযাওতেই সোমবাৰে আগবেলাতে খণ্ডযুদ্ধ সৃষ্টি হ’ল পশ্চিমবংগৰ বিধানসভাত চৰকাৰ আৰু বিৰোধীপক্ষৰ বিধায়কৰ মাজত৷ চৰকাৰীপক্ষ তৃণমূল আৰু বিৰোধীপক্ষ বিজেপিৰ বিধায়কৰ মাজত সংঘটিত মাৰপিটৰ ঘটনাত উভয়পক্ষৰ প্ৰায় দহজন বিধায়ক গুৰুতৰভাৱে   আহত হয় আৰু এই ঘটনাৰ বাবে বিধানসভাৰ অধ্যক্ষই বিৰোধী দলপতি শুভেন্দু অধিকাৰীসহ পাঁচজন বিজেপিৰ বিধায়কক চলিত বিধানসভাৰ অধিৱেশনৰ পৰা নিলম্বিত কৰে৷ ৰামপুৰহাটৰ হত্যাকাণ্ডক লৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজহুৱা মন্তব্য কৰিলেও বিৰোধী দলৰ সদস্যসকলে তেওঁৰ পৰা বিধানসভাৰ মজিয়াত বক্তব্য দাবী কৰে৷ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী সোমবাৰে বিধানসভাৰ অধিৱেশনত উপস্থিত নাছিল৷ ফলত তেওঁ আজিৰ দিনটোত ৰামপুৰহাটৰ হত্যাকাণ্ড সন্দৰ্ভত বিবৃতি প্ৰদান কৰাৰ কোনো সুযোগ নাছিল৷ পিছে সেই পৰিস্থিতি অস্বীকাৰ কৰি বিৰোধী দলৰ নেতা বিজেপিৰ বিধায়ক শুভেন্দু অধিকাৰীৰ নেতৃত্বত বিজেপিৰ বিধায়কসকলে বিধানসভাৰ মজিয়াত প্ৰচণ্ড হুলস্থূলৰ সৃষ্টি কৰে৷ ইয়াৰ প্ৰতিবাদ কৰে চৰকাৰী পক্ষ তৃণমূল কংগ্ৰেছৰ সদস্যসকলে৷ বিৰোধী বিজেপিৰ বিধায়কসকল অধ্যক্ষ অধ্যক্ষ বিমান বেনাৰ্জীৰ আসনৰ সন্মুখলৈ আহি তেওঁক বেৰি ধৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ সেই সময়ত চৰকাৰীপক্ষৰ বিধায়কসকলো অধ্যক্ষৰ আসনৰ সন্মুখলৈ আগবাঢ়ি আহে আৰু উভয়পক্ষৰ মাজত প্ৰথমে ঠেলা-হেঁচা আৰু পাছত মাৰপিট আৰম্ভ হয়৷ উভয়পক্ষৰ মাজত চলি থকা মাৰপিট বিধানসভাৰ নিৰাপত্তাৰক্ষীয়ে বেছ কষ্টৰে নিয়ন্ত্ৰণ কৰে যদিও ইতিমধ্যে উভয়পক্ষৰ ৭-৮ জন বিধায়ক আঘাতপ্ৰাপ্ত হয়৷ উভয়পক্ষৰ মাৰপিটত তৃণমূল কংগ্ৰেছৰ বিধায়ক অসিত মজুমদাৰৰ নাক ফাটি বিধানসভাৰ ভিতৰতে তেজ ব’বলৈ আৰম্ভ কৰে৷ আহত হয় বিজেপিৰ বিধায়ক মনোজ তিগ্গা আৰু মহিলা বিধায়ক চন্দনা বাউৰী, শিখা চেটাৰ্জীসহ সাতজন৷ তেওঁলোকক প্ৰথমে বিধানসভাৰ ভিতৰতে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিলেও পাছত  তেওঁলোকক বাইপাছৰ সমীপৰ এখন বেচৰকাৰী চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয়৷ আনহাতে গুৰুতৰভাৱে আহত অসিত মজুমদাৰক এছ এছ কে এম হাস্পতালত ভৰ্তি কৰা হয়৷ ইপিনে বিজেপিৰ বিধায়কসকলক সম্পূৰ্ণ চিকিৎসা প্ৰদান নকৰাকৈ চিকিৎসালয়ৰ পৰা পঠিয়াই দিয়াৰ অভিযোগ কৰিছে বিজেপিৰ নেতৃত্বই৷ ৰাজ্য বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰে কয় যে তেওঁলোকৰ মুখ্য সচেতক মনোজ তিগ্গা গুৰুতৰভাৱে আহত হোৱা সত্ত্বেও তেওঁক চিকিৎসালয়ত ৰখা নহ’ল৷ ৰাজ্য চৰকাৰৰ নিৰ্দেশতে তিগ্গা আৰু ভৰিত বেছিকৈ আঘাত পোৱা চন্দনা বাউৰী তথা শিখা চেটাৰ্জীক হাস্পতালৰ পৰা পঠিয়াই দিয়া হয়৷ বিধানসভাৰ মজিয়াত অশোভনীয় আচৰণ কৰাৰ বাবে নিলম্বিত কৰা বিৰোধী দলপতি শুভেন্দু অধিকাৰীক চলিত বিধানসভাৰ পৰৱৰ্তী দিনত অংশগ্ৰহণ কৰিবলৈ দিয়াৰ সম্ভাৱনা ক্ষীণ৷ বিধানসভাৰ অধিৱেশনৰ পৰা শুভেন্দু অধিকাৰীৰ উপৰি মনোজ তিগ্গা, নৰহৰি মাহাতো, দীপক বৰ্মন আৰু শংকৰ ঘোষক নিলম্বিত কৰা হয়৷ উল্লেখ্য পশ্চিমবংগৰ বিধানসভাত বিগত এটা দশক ধৰি এনেধৰণৰ মাৰপিটৰ ঘটনা সংঘটিত হোৱা নাছিল৷ তীব্ৰ বাদানুবাদ হ’লেও মাৰপিটৰ পৰ্যায়লৈ বিধায়কসকল আগবাঢ়ি যোৱা নাছিল৷ ২০১২ চনত চৰকাৰীপক্ষ বাওমৰ্চা আৰু বিৰোধী পক্ষ তৃণমূল কংগ্ৰেছৰ বিধায়কৰ মাজত সাৰদা কেলেংকাৰিক লৈ এনেধৰণৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছিল৷