Logo
image

ঘোষকক অভিনেতা উইল স্মিথৰ চৰ

অস্কাৰৰ মঞ্চত অঘটন

আমাৰ অসম, ২৯ মাৰ্চঃ চিত্ৰনাট্য-ৰহিত, কিন্তু অস্কাৰৰ মঞ্চত সংঘটিত হ’ল সৰ্বশ্ৰেষ্ঠ হলীউডী থ্ৰিলাৰতকৈয়ো শিহৰণকাৰী অভূতপূৰ্ব ঘটনা৷ কেইমিনিটমান পাছতে যি লাভ কৰিব অভিনয় জীৱনৰ পৰম আকাংক্ষিত অস্কাৰ, সেইজন শ্ৰেষ্ঠ অভিনেতা উইল স্মিথে অস্কাৰ হাতত লোৱাৰ পূৰ্বে অস্কাৰৰ মঞ্চত উঠি সংঘটিত কৰিলে অভূতপূৰ্ব অঘটন৷ বাকৰূদ্ধ হৈ পৰিল বিশ্বজুৰি কোটি কোটি দৰ্শক৷ কেইমিনিটমানৰ বাবে স্তব্ধ হৈ পৰিল অস্কাৰ প্ৰদান অনুষ্ঠানৰ লাইভ সম্প্ৰছাৰ৷ অনুষ্ঠানৰ মাজত অস্কাৰৰ মঞ্চত উঠি এইবাৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰা হলীউডৰ প্ৰথিতযশা অভিনেতা উইল স্মিথে সঞ্চালক ক্ৰিছ ৰকক এপাৰ্ট পূৰ্ণহতীয়া চৰ শোধালে৷ যিটো ঘটনা আছিল অতি স্বাভাৱিকভাৱেই অভূতপূৰ্ব আৰু অনভিপ্ৰেত৷ অকাডেমী এৱাৰ্ডছ অনুষ্ঠানত উপস্থিত থকা কোনো দৰ্শকে বুজিয়েই পোৱা নাছিল, এয়া চিত্ৰনাট্য নিদ্ধাৰ্ৰিত অনুষ্ঠানৰে অংশ নে সঁচা ঘটনা৷ টিভিৰ কোটি কোটি দৰ্শকে অনুমান কৰিব পৰাটো আছিল দূৰঅস্ত, কিয়নো উইল স্মিথৰ এই পূৰ্ণহতীয়া চৰৰ পাছতে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল অস্কাৰ প্ৰদানৰ বিশ্বজোৰা লাইভ সম্প্ৰচাৰ৷ কিন্তু সেয়া নাটক নাছিল, ঘটনাৰ চিত্ৰনাট্যও নাছিল৷ স্বৰূপাৰ্থতে অনুষ্ঠানৰ ঘোষক, কৌতুক অভিনেতা ক্ৰিছ ৰকে অভিনেতা উইল স্মিথৰ পত্নীক লৈ কৰা ৰসিকতা সহ্য কৰিব পৰা নাছিল অভিনেতাজনে৷ অনুষ্ঠান সঞ্চালনা কৰি থকাৰ মাজে মাজে ক্ৰিছ ৰকে বিভিন্ন বিষয়ত ৰসিকতা কৰি অস্কাৰৰ অনুষ্ঠান সৰস কৰি ৰাখিছিল৷ তাৰ মাজতে কমেডিয়ান ক্ৰিছ ৰকৰ এটা ৰসিকতাৰ কেন্দ্ৰবিন্দু হৈ পৰে উইল স্মিথৰ পত্নী জাডা পিংকেট স্মিথ৷ ক্ৰিছ ৰকে হঠাতে কয়–‘মই জি আই জেন-২ বা তাৰ ছিকুৱেলৰ অপেক্ষাত আছো৷’ক্ৰিছ ৰকৰ এই বক্তব্য শুনাৰ লগে লগে উইল স্মিথ আসনৰ পৰা উঠি পোনে পোনে মঞ্চৰ ওপৰলৈ আগবাঢ়ে৷ ইপিনে দৰ্শকৰ আসনৰ সন্মুখৰ শাৰীতে বহি থকা জাডা পিংকেটৰ মুখ ক্ৰিছৰ ৰসিকতাত অসন্তুষ্টিৰে ভৰি পৰে৷ আনহাতে মঞ্চত উঠি কোনো বাক্য ব্যয় নকৰাকৈ উইল স্মিথে ঘোষক ক্ৰিছ ৰকৰ বাঁওগালত এটা পূৰ্ণহতীয়া চৰ শোধায়৷ আচম্বিত এই ঘটনাত হতভম্ব হৈ পৰে কমেডিয়ান ক্ৰিছ ৰক৷ আনহাতে পত্নীৰ ৰোগক লৈ কৰা ৰসিকতাৰ প্ৰতিশোধ লৈ পুনৰ আসনলৈ উভটি আহে উইল স্মিথ৷ আসনত বহি তেওঁ পুনৰ চিঞৰি চিঞৰি ক্ৰিছ ৰকক উদ্দেশ্যি কয়–‘তোমাৰ অপ্ৰয়োজনীয় কথাৰ পৰা মোৰ পত্নীক দুৰত ৰাখা৷’উইল স্মিথে ক্ৰিছ ৰকক উদ্দেশ্যি অতি অশ্লীল শব্দও প্ৰয়োগ কৰে৷ উল্লেখ্য, ২০১৬ চনৰ অস্কাৰৰ অনুষ্ঠানতো ক্ৰিছ ৰকে পিংকেটক লৈ ৰসিকতা কৰিছিল৷ এইবাৰো তেওঁ এয়া যে কেৱল ৰসিকতাহে সেয়া বাৰে বাৰে বুজাবলৈ চেষ্টা কৰিছিল৷ কিন্তু তেনে বুজনি স্বত্বেও ক্ষান্ত নহ’ল উইল স্মিথ৷ সজোৰে চৰ মৰাৰ পাছতো উইল স্মিথে চিঞৰি চিঞৰি সেই কথা মনত পেলাই দিছিল৷ ১৯৯৭ চনত‘জি আই জেন’নামৰ এখন ছবিয়ে বেছ নাম কৰিছিল৷ ছবিখনৰ নায়িকা আছিল ছাৰ’ন ষ্টন৷ নায়িকাৰ মুৰত কম চুলি আছিল আৰু সেই লৈ প্ৰবল চৰ্চা হৈছিল৷ উইল স্মিথৰ পত্নী জাডা পিংকেটৰ মুৰতো চুলি তেনেই কম৷ এলোপেছিয়া নামৰ এটা ৰোগৰ বাবে জাডাৰ মুৰত চুলি প্ৰায় নায়েই, টপা মূৰৰ দৰে৷ সেই ‘জি আই জেন’নামৰ ছবিখনৰ নায়িকাৰ চুলি নথকা বিষয়টোৰ সৈতে পিংকেটৰ কেশহীন মুৰৰ তুলনা কৰিয়েই ক্ৰিছ ৰকে ‘জি আই জেন’২ বা ছিকুৱেলৰ অপেক্ষাত থকা বুলি মন্তব্য কৰিছিল৷ কিন্তু পত্নীৰ ৰোগক লৈ কৰা মন্তব্য সহ্য কৰিব নোৱাৰিলে উইল স্মিথে৷ তাৎপৰ্যপূৰ্ণভাৱে এই ঘটনাৰ কেইমিনিটমানৰ পাছতে এইবাৰৰ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰৰ বাবে ঘোষিত হয় উইল স্মিথৰ নাম৷‘কিং ৰিচাৰ্ড’নামৰ ছবিৰ অভিনয়ৰ বাবে উইল স্মিথে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ লাভ কৰাটো প্ৰত্যাশিত আছিল৷ অনাকাংক্ষিত আছিল এই ঘটনাহে৷ উইল স্মিথে মঞ্চত উঠি কিছুসময়ৰ পাছত শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ ল’লেও তেওঁ সংঘটিত কৰা অনভিপ্ৰেত, অনাকাংক্ষিত ঘটনাৰ প্ৰতিক্ৰিয়া এতিয়াও মাৰ যোৱা নাই৷ উইল স্মিথৰ পৰা শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ ঘূৰাই লোৱা হ’ব পাৰে বুলিও চৰ্চা আৰম্ভ হৈছে৷ কিয়নো নিয়ম অনুসৰি যৌন নিগ্ৰহ, সকলোধৰণৰ শাৰীৰিক নিগ্ৰহৰ স্থান অকাডেমী এৱাৰ্ডছৰ মঞ্চত নথকা বুলিয়েই বিধিত উল্লেখ আছে৷ অৱশ্যে এতিয়ালৈকে অকাডেমী এৱাৰ্ডছ কতৃৰ্পক্ষই এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰা নাই৷