Logo
image

ইউক্ৰেইনৰ আত্মসমৰ্পণৰ ইংগিত

আমাৰ অসম, ২৯ মাৰ্চঃ অৱশেষত ইউক্ৰেইনে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত আত্মসমৰ্পণৰ ইংগিত দিছে৷ অধিক বিলম্ব নকৰাকৈ ইউক্ৰেইন শান্তি চুক্তিত উপনীত ইচ্ছুক বুলি দেশখনৰ ৰাষ্ট্ৰপতিয়ে সোমবাৰে প্ৰকাশ কৰিছে৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে কৈছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে পোনপটীয়া আলোচনাত বহি ইউক্ৰেইনে অস্ত্ৰ সম্বৰণ কৰা আৰু দেশখনৰ সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰখাৰ লগতে অপাৰমাণৱিক স্থিতি প্ৰদৰ্শন কৰি যুদ্ধখনৰ সামৰণি মাৰিবলৈ বিচাৰে৷ তাৰ বাবে তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে মুখামুখি বৈঠকৰ পোষকতা কৰিছে৷ ইতিপূৰ্বে নিৰপেক্ষ দেশ তুৰস্কত উভয়পক্ষৰ মাজত এলানি নিষ্ফল আলোচনা অনুষ্ঠিত হৈ গৈছে৷ মঙলবাৰে পুনৰ দ্বিতীয়লানি আলোচনা অনুষ্ঠিত হোৱাৰ কথা৷ তাৰ পূৰ্বেই জেলেনস্কিয়ে আত্মসমৰ্পণৰ ইংগিত প্ৰদান কৰাৰ ঘটনাই যুদ্ধখনৰ সামৰণি পৰাৰ সম্ভাৱনা সৃষ্টি কৰিছে৷ পিছে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভে ৰাষ্ট্ৰপতি পুটিন এনে পৰিস্থিতিত মুখামুখি আলোচনাত মিলিত নহয় বুলি মন্তব্য কৰিছে৷ লাভৰভৰ মতে যুদ্ধবিৰতি আৰু যুদ্ধৰ সামৰণি সন্দৰ্ভত পূৰ্ণ পৰ্যায়ত উভয় দেশৰ মাজত চূড়ান্ত আলোচনা আৰু সিদ্ধান্ত হৈ যোৱাৰ পাছতহে পুটিন ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ মুখামুখি হ’ব৷ অন্যথা অনিশ্চিত ফলাফলক লৈ হ’বলগীয়া আলোচনাত পুটিন মিলিত নহয়৷ তেনে সম্ভাৱনাৰ কথা জানিও ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে মঙলবাৰৰ আলোচনাৰ পূৰ্বে দেশৰ হৈ কেইবাটাও প্ৰতিশ্ৰুতি দিছে৷ জেলেনস্কিয়ে জনোৱা মতে তেওঁলোকে অস্ত্ৰ সম্বৰণ কৰিব৷ তদুপৰি ৰাষ্ট্ৰৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰাখি ৰাছিয়াই আগবঢ়োৱা প্ৰস্তাৱ তেওঁলোকে মানি ল’ব৷ অৰ্থাৎ ইউক্ৰেইনে নাটো বা আমেৰিকাৰ পৰিৱৰ্তে ৰাছিয়াৰ আনুগত্য স্বীকাৰ কৰিবলৈ সাজু থকাৰ ইংগিত দিছে জেলেনস্কিয়ে৷ তাৰ বাবে তেওঁৰ দেশখনে অপাৰমাণৱিক স্থিতি ৰক্ষা কৰিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে৷ জেলেনস্কিৰ এই মন্তব্যৰ লগে লগে ইউক্ৰেইনে দীৰ্ঘদিনৰ পৰা আশা পুহি ৰখা নাটোগোষ্ঠীত যোগদান কৰাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে শেষ হৈছে৷ জেলেনস্কিৰ এই মন্তব্যই আত্মসমৰ্পণৰ উপৰি যুদ্ধৰ সমাপ্তিৰ প্ৰাৰম্ভিক ইংগিত দেখুৱালেও মঙলবাৰৰ আলোচনাতে যে যুদ্ধৰ সামৰণি পৰিব সেয়া এতিয়াও নিশ্চিত নহয়৷