Logo
image

ন’ম’ৰ ডেম্‌ছ লিখি গ্ৰেপ্তাৰ নীলিম

সৰ্বত্ৰ প্ৰতিবাদ, অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ

আমাৰ অসম,২৯ মাৰ্চঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ সচিবালয়ৰ দেৱালত চিত্ৰ অংকন কৰাৰ অপৰাধত লখিমপুৰৰ চিত্ৰশিল্পী নীলিম মহন্ত গ্ৰেপ্তাৰৰ সন্মুখীন হোৱা কাৰ্যই সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইটানগৰ থানাত ৪২৫/১৩৪ আই পি চিৰ ধাৰাত গোচৰ পঞ্জীয়ন হোৱাত দেওবাৰৰ নিশা ৮.৩০ বজাত অৰুণাচল আৰক্ষীয়ে নীলিম মহন্তক উত্তৰ লখিমপুৰ নগৰৰ ডি কে ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰি নিয়াৰ পাছত আজি তেওঁক অৰুণাচলৰ আদালতত হাজিৰ কৰোৱা হয়৷ আদালতে দুদিনৰ বাবে চিত্ৰশিল্পীজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ ইফালে চিত্ৰশিল্পীজনক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত আজি লখিমপুৰ নগৰৰ মূল চাৰিআলিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে চিত্ৰশিল্পীজনক মুকলি কৰি দিবৰ বাবে দাবী জনায়৷ নীলিম মাতৃ তথা শিক্ষয়িত্ৰী স্বৰ্গজ্যোতি গোস্বামীৰ পৰা জানিব পৰা অনুসৰি, যোৱা সপ্তাহত চিত্ৰশিল্পী নীলিম মহন্তই অৰুণাচলৰ কোনো লোকৰ আহ্বানমৰ্মে ইটানগৰত চিত্ৰ অংকন কৰিবলৈ যায়৷ ইয়াৰ পাছতে কালি নিশা ডি কে ৰোডত এজন বন্ধুৰ ঘৰত থকাৰ সময়তে তেওঁক নিশা অৰুণাচল আৰক্ষীয়ে বন্ধুজনৰ পদূলিমুখৰ পৰা নীলিমক গ্ৰেপ্তাৰ কৰে যদিও আৰক্ষীয়ে কোনো ৱাৰেন্ট অনা নাছিল৷ বিভিন্ন ঠাইত চিত্ৰ অংকন কৰি অতি জনপ্ৰিয় হৈ পৰা নীলিম মহন্তই বিগত এমাহ পূৰ্বেহে বিবাহপাশত আবদ্ধ হৈছিল৷ কেৱল চিত্ৰ অংকন কৰি ভাল পোৱা আৰু চিত্ৰকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা নীলিমক এনেদৰে গ্ৰেপ্তাৰ কৰা কাৰ্যক মাতৃয়ে গভীৰ দুখ প্ৰকাশ কৰিছে৷ এক সূত্ৰই সদৰি কৰা অনুসৰি, অৰুণাচলৰ দেৱালত চিত্ৰ অংকন কৰি চৰকাৰী সম্পত্তি নষ্ট কৰাৰ অভিযোগত চিত্ৰশিল্পী নীলিম মহন্তক অৰুণাচল আৰক্ষীয়ে দেওবাৰে নিশা লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে৷ উলেখ্য যে, নীলিম মহন্তই বিভিন্ন সময়ত লখিমপুৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মনমোহা চিত্ৰ অংকন কৰি সমাদৰ লাভ কৰি আহিছে৷

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে চিত্ৰ অংকন কৰা চিত্ৰ শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে৷ প্ৰতিবাদত জ্বলিছে লখিমপুৰ৷ চিত্ৰশিল্পীজনক ১২ ঘণ্টাৰ ভিতৰত মুকলি কৰি দিয়াৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে৷ অন্যথা অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে সৰ্বাত্মক অৱৰোধৰ হুংকাৰ দিছে সংগঠনটোৱে৷ শিল্পীজনক গ্ৰেপ্তাৰৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত কেইবাটাও সংগঠনে লখিমপুৰত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ পুত্তলিকা দাহ কৰি প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে৷ শিল্পী নীলিম মহন্তৰ মুক্তিৰ দাবীত লখিমপুৰৰ ৰাজপথলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী৷ নীলিম মহন্তৰ মুক্তিৰ দাবীত প্ৰতিবাদৰ জোৱাৰ উঠিছে ছ’চিয়েল মিডিয়াতো৷ অৰুণাচলত নদীবান্ধৰ বিৰোধিতাৰ ছবি আঁকি শিল্পী নীলিম গ্ৰেপ্তাৰৰ পাছত স্তিমিত হোৱা নদীবান্ধ বিৰোধী আন্দোলনে পুনৰ লাভ কৰিছে নতুন মাত্ৰা৷ শিল্পী নীলিম মহন্তৰ গ্ৰেপ্তাৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে৷ তেওঁ কয়–শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ কৰি গণতন্ত্ৰক কুঠাৰাঘাট কৰা হৈছে৷ চৰকাৰখনে যিধৰণে গণতান্ত্ৰিক ব্যৱস্থাটোৰ ওপৰত কুঠাৰাঘাট কৰা হৈছে, অগণতান্ত্ৰিকভাৱে যে মানুহৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে সেই পথ পুনৰ বাৰ প্ৰমাণ কৰিছে শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ কৰি৷ চিত্ৰশিল্পী নীলিম মহন্তৰ গ্ৰেপ্তাৰৰ তীব্ৰ প্ৰতিবাদ কৰিছে অসম জাতীয় পৰিষদে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়–‘বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি দেৱালত চিত্ৰ অংকন কৰা বাবে ৰাজ্যখনৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন চিত্ৰশিল্পী নীলিম মহন্তক অৰুণাচল প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ঘটনা আক্ৰোশমূলক, অনৈতিক আৰু অগণতান্ত্ৰিক৷ গণতন্ত্ৰত জনতাৰ প্ৰতিবাদ-বিৰোধৰ অধিকাৰ আছে৷ এই অধিকাৰ ক্ষমতাৰ ৰাগীত মত্ত কোনো চৰকাৰে কাহানিও খৰ্ব কৰিব নোৱাৰে, কাঢ়ি নিব নোৱাৰে৷ অৰুণাচল চৰকাৰ আৰু অসম চৰকাৰলৈ আমাৰ স্পষ্ট দাবী- চিত্ৰশিল্পী নীলিম মহন্তক অতি শীঘ্ৰেই মুকলি কৰি দিয়ক৷ এনেদৰে সাধাৰণ জনতাৰ অধিকাৰ আৰু গণতন্ত্ৰৰ অৰ্থ ভৰিৰে মোহাৰি পেলোৱা কাৰ্য কোনোপধ্যেই গ্ৰহণযোগ্য নহয়৷’