Logo
image

ৰঙিয়াত এনকাউণ্টাৰ

সদনত অখিল-পীয়ূষৰ বাক্‌যুদ্ধ

আমাৰ অসম, ২৯ মাৰ্চঃ দেওবাৰে নিশা ৰঙিয়াত ড্ৰাগ্‌ সৰবৰাহকাৰীৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হোৱাৰ পাছতে সোমবাৰে এনকাউণ্টাৰৰ প্ৰসংগক লৈ উত্তাল হৈ পৰে বিধানসভা৷ সদনৰ প্ৰশ্নোত্তৰ কালত কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই পি এছ অ’কৰ্তনৰ এক প্ৰসংগ উত্থাপন কৰি লগতে এনকাউণ্টাৰৰ সন্দৰ্ভত সৰৱ হয়৷ ইয়াৰ উত্তৰ দি সদনত গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ হৈ মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে এনকাউণ্টাৰ বুলি শব্দ অসম পুলিচ মেনুৱেলত নাই৷ অপৰাধী পলাই গ’লে আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয়৷ ৰাজ্যত ক’তো এনকাউণ্টাৰৰ ঘটনা সংঘটিত হোৱা নাই৷ আৰক্ষীক আক্ৰমণ কৰিলে ওলোটাই আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবই৷ ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন  বিজেপি চৰকাৰে শাসন লোৱাৰ পাছত আৰক্ষীৰ জিম্মাত ২৯জন লোকৰ মৃত্যু হৈছে৷ ৰাজ্যত শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ বাবেই মুখ্যমন্ত্ৰীয়ে তেওঁৰ কনভয়ৰ গাড়ীৰ সংখ্যা ২০-২৫ খনৰ পৰা  ৬ খনলৈ হ্ৰাস কৰিছে৷ এনেধৰণৰ ঘটনা বৰ্তমানৰ চৰকাৰৰ দিনতে যে সংঘটিত হৈছে এনে নহয়৷ কংগ্ৰেছৰ দিনতো শিৱেন মণ্ডল, কৃষ্ণ হাজৰিকা আদি পুলিচৰ গুলীত মৃত্যু হৈছিল৷ আৰক্ষী কঠোৰ হোৱাৰ বাবেই ৰাজ্যত এতিয়া ৩০ শতাংশ অপৰাধজনিত ঘটনা কমি হৈছে৷ পুলিচে অপৰাধীৰ বিৰুদ্ধে একশ্বন ল’বই৷ মন্ত্ৰীৰ এই উত্তৰৰ পাছতে এইবাৰ সদনত এনকাউণ্টাৰৰ প্ৰসংগত পুনৰ সৰৱ হয় ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ৷ গুপ্তহত্যাৰ দৰে চৰকাৰে মুক্তহত্যা কৰা বুলি অখিল গগৈয়ে অভিযোগ কৰি কয় যে চৰকাৰে এনকাউণ্টাৰৰ সন্দৰ্ভত সঠিক তথ্য দিয়া নাই৷ প্ৰকৃততে আৰক্ষীৰ জিম্মাত বৰ্তমানৰ চৰকাৰৰ দিনত ৩৫ জন লোকৰ মৃত্যু হৈছে৷ চৰকাৰে এনকাউণ্টাৰক নীতি হিচাপে লৈছে নেকি? চৰকাৰে মানুহক হত্যা কৰে আৰু ক’বলৈ সাহস নাই৷ এয়া কাপুৰুষালি বুলি মন্তব্য কৰে অখিল গগৈয়ে৷ অখিলৰ মন্তব্যত সদনত এক উত্তেজিত পৰিৱেশৰ সৃষ্টি হয়৷ বিশেষকৈ শাসকীয় বিজেপি দলৰ বিধায়ক ৰূপক শৰ্মা আৰু দিগন্ত কলিতাই অখিল গগৈয়ে উচ্ছাৰণ কৰা কাপুৰুষ শব্দটোক লৈ আপত্তি জনায়৷ ইয়াৰ মাজতে অখিল গগৈক সদনত উভতি ধৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে লোকৰ পিঠাৰে বিহু পতাতো অখিল গগৈৰ স্বভাৱ৷ অখিল গগৈয়ে অপৰাধীক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে৷ পুলিচৰ ডি এছ পিক গগৈয়ে ঘোচা মৰাৰ ভিডিঅ’মজুত আছে বুলিও হাজৰিকাই সদনত মন্তব্য কৰে৷  মন্ত্ৰী হাজৰিকাই অনা অভিযোগৰ সন্দৰ্ভত সদনত তদন্তৰ দাবী কৰে কংগ্ৰেছৰ বিধায়ক কমালাক্ষ দে পুৰকায়স্থই৷ লক্ষণীয় যে মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু অখিল গগৈৰ বাকযুদ্ধৰ মাজতে সদনত ৰূপজ্যোতি কুৰ্মী, দিগন্ত কলিতা, ৰূপক শৰ্মা, সুমন হৰিপ্ৰিয়া, মিহিৰকান্তি সোম, কমলাক্ষ দে পুৰকায়স্থ আদি শাসক-বিৰোধী কেইবাজনো বিধায়কে এনকাউণ্টাৰৰ প্ৰসংগত পৰস্পৰে পৰস্পৰক বাক্যবাণেৰে আক্ৰমণ কৰি পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে৷ ইয়াৰ মাজতে সদনত অধ্যক্ষই ৰুলিং দি কয় যে সদনত বিধায়কসকলৰ যি মন যায় তাকে কৰিব নোৱাৰে৷ সদন ৰুলমতে চলে৷ প্ৰশ্নোত্তৰ কালত এনেধৰণৰ হুলস্থূল কৰিলে সদনৰ বহুমূলীয়া সময় এনেয়েই পাৰ হৈ যায়৷ অধ্যক্ষই হুলস্থূলীয়া পৰিৱেশৰ মাজতে এআইইউডিএফৰ বিধায়ক নিৰ্জানুৰ ৰহমানক প্ৰশ্নোত্তৰ শিতান চলাই যাবলৈ আহ্বান জনাইছিল যদিও বিধায়কগৰাকীয়ে হুলস্থূলৰ মাজত প্ৰশ্ন উত্থাপন নকৰাত তেওঁক পুনৰ প্ৰশ্ন উত্থাপন কৰিবলৈ সুযোগ নিদি একে দলৰে আন এগৰাকী বিধায়ক আমিনুল ইছলামক সুযোগ দিয়ে৷ লক্ষণীয় যে আজি সদনত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এক প্ৰশ্ন উত্তৰত গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা তথ্য অনুসৰি ২০১৬ চনৰ এপ্ৰিল মাহৰ পৰা চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীলৈকে ৰাজ্যত মুঠ ৰ,১৯৮০০ টা অপৰাধজনিত ঘটনা সংঘটিত হৈছে৷ ইয়াৰ ভিতৰত সৰ্বাধিক ৬৩,ৰৰৰ টা চুৰিৰ ঘটনা আৰু ৩৪,২৮৩ টা অপহৰণৰ ঘটনা সংঘটিত হৈছে৷  গুৱাহাটী মহানগৰীত ২০১৬ চনৰ এপ্ৰিল মাহৰ পৰা চলিত বৰ্ষবþ ২৮ ফেব্ৰুৱাৰীলৈ মুঠ ৩১,০০৫ টা অপৰাধজনিত ঘটনা সংঘটিত হৈছে৷ ইয়াৰ ভিতৰত সৰ্বাধিক ২৩,৩১ৰটা চুৰিৰ ঘটনা সংঘটিত হৈছে৷

ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বঙালীকুছিত দেওবাৰে নিশা এক এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয়৷ পলাবলৈ চেষ্টা কৰা এজন ড্ৰাগ্‌ছ সৰবৰাহকাৰী আৰক্ষীৰ গুলীত আহত হয়৷ আহত ড্ৰাগ্‌ছ সৰবৰাহকাৰীজন হৈছে বিদু্যৎ দেৱ ওৰফে বিপ্লৱ৷ সৰবৰাহকাৰীজনৰ ঘৰ কাছাৰ জিলাত৷ ভৰিত গুলী লগি আহত লোকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে৷ সৰবৰাহকাৰীজনৰ পৰা ৩ কোটি ৫০ লাখ টকা মূল্যৰ ৬৪৬ গ্ৰাম হেৰ’ইন জব্দ কৰিছে৷ লগতে আৰক্ষীয়ে আন এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়৷ কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ ৰায়ে ৰঙিয়া থানাত এক সংবাদ মেলত কয় যে বৃহৎ পৰিমাণৰ ড্ৰাগ্‌ছসহ দুজন সৰবৰাহকাৰী মণিপুৰৰ পৰা আহি থকা বুলি আৰক্ষীয়ে এক গোপন খবৰ লাভ কৰিছিল৷  সেই সূত্ৰে কামৰূপ আৰক্ষীৰ এটা দলে যোৱা নিশা ৰঙিয়াৰ বঙালীকুছিত খাপ পিটি ৰৈ থাকে৷ তেনে সময়তে AS০১BN২৬৩৩ নম্বৰৰ বলেৰ’খনত তালাচী চলাওঁতে দুজন লোক অহা গাড়ীখনৰ এক্সেলেটৰ আৰু চেছিছৰ ভিতৰত কেইবাটাও পেকেটত বৃহৎ পৰিমাণৰ হেৰ’ইন উদ্ধাৰ হয়৷ লগে লগে গাড়ীখনৰ চালকৰ লগতে মূল সৰবৰাহকাৰী বিদু্যৎ দেৱ ওৰফে বিপ্লৱক ৰঙিয়া থানালৈ লৈ অহাৰ পাছত জেৰাৰ সময়ত থানাত সৰবৰাহকাৰী বিপ্লবে ৰাষ্ট্ৰীয় ঘাইপথৰ তালাচী চলোৱা ঠাইত এটা পেকেট পেলাই থৈ অহা বুলি আৰক্ষীক জনোৱাত আৰক্ষীয়ে পেকেটটো বিচাৰিবলৈ সৰবৰাহকাৰীজনক লৈ যায়৷ সেই সময়তে সৰবৰাহকাৰীজনে কাষতে থকা এজন কনিষ্টবলৰ অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে দুজাই গুলী চলায় বুলি আৰক্ষী অধীক্ষকজনে জানিবলৈ দিয়ে৷ পাছত ভৰিত আঘাতপ্ৰাপ্ত বিপ্লৱক লগে লগে জিএম চি এইচত ভত্তিৰ্ কৰোৱা হয়৷ এই অভিযানত বিশেষভাৱে আৰক্ষীৰ সঞ্চালকপ্ৰধান, বিশেষ আৰক্ষীৰ সঞ্চালকপ্ৰধান,  যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই সহায় কৰাৰ বাবে কামৰূপ আৰক্ষী অধীক্ষক হিতেশ ৰায়ে ধন্যবাদ জ্ঞাপন কৰে৷ কামৰূপ আৰক্ষীয়ে আগন্তুক দিনত ড্ৰাগ্‌ছৰ বিৰুদ্ধে অভিযান চলাই যাব বুলি সংবাদ মেলত জানিবলৈ দিয়ে৷ আৰক্ষীয়ে ড্ৰাগ্‌ছ সৰবৰাহৰকাৰীক আটক কৰাৰ পাছতো লখিমপুৰ জিলাৰ অসম-অৰুণাচলৰ সীমান্তৱতী বান্দৰদেৱাত আজিও মাৰাত্মক ড্ৰাগ্‌ছৰ সৰবৰাহৰ চলি আছে৷ কাৰ নেতৃত্বত চলিছে এই বেহা৷ একাংশ আৰক্ষীৰ ছত্ৰছায়াতেই চলিছে নেকি মাৰাত্মক ড্ৰাগ্‌ছৰ বেহা৷ আৰক্ষীৰ ব্যৰ্থতাৰ বিৰুদ্ধে বহু প্ৰশ্ন উঠিছে৷ পুনৰ আজি বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে দুগৰাকী অৰুণাচলী যুৱতী, এগৰাকী মহিলাসহ এজনক৷ আৰক্ষীয়ে বান্দৰদেৱাৰ ২নং পাৰ্বতীপুৰৰ পৰা দুই অৰুণাচলী চিটা ৰিবা, টাবা কুকু, আৰু দুই স্বামী-স্ত্ৰী অনিতা কুম্বাং আৰু ক’ৰাই কুম্বাঙক আটক কৰে৷ ধৃত সৰবৰাহকাৰী পৰা আৰক্ষীয়ে দুই পেকেট সন্দেহজনক হেৰ’ইনসহ দুটা চিৰিঞ্জ, নগদ পাঁচ হাজাৰ তিনিশ টকা উদ্ধাৰ কৰে৷ বৰ্তমান বিহপুৰীয়া আৰক্ষীয়ে অধিক তদন্তৰ বাবে জেৰা অব্যাহত ৰাখিছে৷ বৰপেটা জিলাৰ মাজদিয়া আৰক্ষীৰ জালত পৰিছে দুটা ড্ৰাগছ ব্যৱসায়ী৷ মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনিৰ্বাণ ৰাহাঙৰ নেতৃত্বত দেওবাৰে বিয়লি চলোৱা ড্ৰাগ বিৰোধী অভিযানত ড্ৰাগ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত দুজন যুৱকক আটক কৰা হয়৷ ধৃত যুৱক দুজন ক্ৰমে চতলাৰ ছামাদ আলীৰ পুত্ৰ জিলাল আলী [২৮] আৰু জেহেৰুল হকৰ পুত্ৰ চৰিফুল ইছলাম [২৭] বুলি জানিব পৰা গৈছে৷ দীৰ্ঘদিন ধৰি ধৃত যুৱক দুজন ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে৷ দলগাঁৱত ড্ৰাগ্‌ছ সৰবৰাহকাৰী দুজন যুৱকক আটক৷  আজি বটাবাৰীৰ পৰা এক গোপন সূত্ৰে দলগাঁও থানাৰ আৰক্ষী বিষয়া মনোৰঞ্জন গগৈৰ নেতৃত্বত এদল আৰক্ষীয়ে তালাচী চলাই বটাবাৰী অঞ্চলত দুজন যুৱকে ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত আটক কৰে৷ ৬টা কণ্টেইনাৰৰ সৈতে জ্জ গ্ৰাম হেৰ’ইনৰ লগতে ২৫০০ টকা মটৰ চাইকেলসহ উদ্ধাৰ হয়৷ যুৱক দুজন মঙলদৈৰ ৰাহুল আহমেদ আৰু ৩ নং বাধৱগোহাঁই গাঁৱৰ আব্দুল আজিজ বুলি জানিব পৰা গৈছে৷