Logo
image

৩১ মাৰ্চলৈ সময় ইমৰান খানক

অনাস্থা প্ৰস্তাৱ গৃহীত

আমাৰ অসম, ২৯ মাৰ্চঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ক্ষমতা অটুট থাকিব নে পদচ্যুত হ’ব সেয়া নিৰ্ণয় হ’ব অহা  ৩১ মাৰ্চত৷ সোমবাৰে ইমৰাণ খানৰ চৰকাৰৰ বিৰুদ্ধে দেশখনৰ নেশ্যনেল এচেম্বলীত অনাস্থা প্ৰস্তাৱ দাখিল কৰাৰ বাবে গৃহীত হোৱাৰ লগে লগে উপাধ্যক্ষ কাচিম খান সুৰীয়ে অহা ৩০ মাৰ্চলৈকে অধিৱেশন স্থগিত ৰখাৰ নিৰ্দেশ জাৰি কৰে৷ সেই অনুসৰি অহা ৩১ মাৰ্চত অনাস্থা প্ৰস্তাৱৰ সপক্ষে আৰু বিপক্ষে বিতৰ্ক হ’ব আৰু তাৰ পাছতে অনাস্থা প্ৰস্তাৱক লৈ সংসদৰ সদস্যৰ মাজত ভোটদান হ’ব৷ ফলত অহা তিনিদিনৰ বাবে উশাহ ল’বলৈ সুযোগ পালে প্ৰধানমন্ত্ৰী ইমৰাণ খানে৷ পৰৱৰ্তী তিনিটা দিনত তেওঁ নিজৰ পক্ষে সমৰ্থকৰ সংখ্যা বৃদ্ধি কৰাৰো সুবৰ্ণ সুযোগ লাভ কৰিছে৷ অৱশ্যে পাকিস্তানী সংবাদ মাধ্যমৰ দাবী, সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ স্পষ্ট ইংগিত লাভ কৰা ইমৰাণ খানে অনাস্থা প্ৰস্তাৱৰ ভোটদানৰ পূৰ্বে পদত্যাগ কৰিব পাৰে৷ পিছে ইমৰাণ খানে ইমান সহজে গাদী এৰি নিদিব বুলিও চৰ্চা হৈছে৷ ক্ৰিকেটাৰ হিচাপে চৰম যঁুজাৰু ইমৰাণ খানে ৰাজনীতিৰ পথাৰতো সহজে হাৰ নামানিব বুলি অনেকেই ধাৰণা কৰে৷ পিছে ইমৰাণ খানৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফৰ সদস্য সংখ্যা দেশখনৰ নেশ্যনেল এচেম্বলীত সংখ্যালঘুত পৰিণত হৈছে৷ তেওঁৰ নিজৰ দলৰ একাংশ সাংসদেও ইমৰাণ খানৰ বিৰোধিতা কৰি বিৰোধী দলৰ প্ৰস্তাৱক সমৰ্থন দিছে৷ পাকিস্তানৰ ৩৪২খন আসন থকা নেশ্যনেল এছেম্বিলত চৰকাৰ অক্ষুণ্ণ ৰখাৰ বাবে যাদুকৰী সংখ্যা হৈছে ১৭২৷ ইমৰাণ খানৰ নিজৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফ অৰ্থাৎ পি টি আইৰ সদস্যৰ সংখ্যা ১৫৫জন ৷ যি ৰাজনৈতিক দলৰ সহযোগত তেওঁৰ চৰকাৰ বৰ্তি আছিল সেই মুত্তাহিদা কাউমি মুভমেণ্ট পাকিস্তান দলৰ ৭ জন, পাকিস্তান মুছলিম লীগ  কায়েদ দলৰ পাঁচজন, বেলুচিস্তান আৱামী পাৰ্টীৰ ৫জন সদস্যই ইতিমধ্যে ইমৰাণ খানৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাত ইতিমধ্যে তেওঁৰ চৰকাৰ সংখ্যালঘুত পৰিণত হৈছে৷ সেয়ে অনাস্থা প্ৰস্তাৱৰ ভোটদান অনুষ্ঠিত হ’লেই পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ গাদীৰ পৰা কিং খান পদচ্যুত হোৱাৰ আশংকাই অধিক৷ কিন্তু সোমবাৰে সংসদৰ অধিৱেশন তিনিদিনৰ বাবে স্থগিত ৰখাত পদচ্যুত হোৱাৰ উপক্ৰম ঘটা ইমৰাণ খানে অক্সিজেন লাভ কৰিছে৷