Logo
image

মহিলাই অকলে কৰিব নোৱাৰিব বিমান যাত্ৰা

আফগানিস্তানত তালিবানৰ নতুন নিৰ্দেশ

আমাৰ অসম, ২৮ মাৰ্চঃ তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ ৯ মাহ সম্পূৰ্ণ হৈছে৷ কিন্তু এই ৯ মাহত দেশখনৰ পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই৷ দাৰিদ্ৰ্য আৰু খাদ্য সংকটে দেশখনৰ জনতাৰ জীৱন অতি কষ্টকৰ কৰি তুলিছে৷ কিন্তু তাৰ মাজতে তালিবানে নতুন নতুন কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ কাম অব্যাহত ৰাখিছে৷ দেওবাৰে তালিবানে এটা নতুন নিৰ্দেশনা জাৰি কৰি মহিলাসকলক অকলে বিমান যাত্ৰা কৰাত নিষেধাজ্ঞা আৰোপ কৰে৷ কেইদিনমান পূৰ্বে তালিবানে ছোৱালীৰ হাইস্কুল বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল, যাৰ ফলত শিক্ষাৰ প্ৰতি আগ্ৰহী ছাত্ৰীসকলে কান্দি কান্দি ঘৰলৈ উভতিছিল৷ এতিয়া মহিলাই পুৰুষ সংগীৰ অবিহনে অকলে বিমানত যাত্ৰা কৰাত বাধা আৰোপ কৰি তালিবানে নিজৰ গোড়ামি পুনৰ প্ৰকাশ কৰে৷ ঘৰুৱা বা আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰাৰ ক্ষেত্ৰত মহিলাই এই নিৰ্দেশ মানি চলিব লগিব৷ তালিবানৰ এই নিৰ্দেশে দেশখনৰ মহিলাসকলক অসন্তুষ্ট কৰি তুলিছে৷ সোমবাৰৰ পৰা এই নতুন নিৰ্দেশনা বলৱৎ  হৈছে৷ উল্লেখ্য, তালিবানে আফগানিস্তানৰ শাসন দখল কৰাৰ সময়ত ঘোষণা কৰিছিল যে তেওঁলোকে কঠোৰ দৃষ্টিভংগী পোষণ নকৰে৷ কিন্তু এতিয়া সেই প্ৰতিশ্ৰুতিবোৰ ভংগ কৰি আহিছে তালিবানে৷