Logo
image

তিনিটা এন্দুৰে ৩০ বছৰে লুটিলে পাকিস্তানক

পাকিস্তানৰ বিৰোধীৰ বিৰুদ্ধে ইমৰান খানৰ বৃহৎ অভিযোগ, বিদেশী শক্তিেৰা হাত থকাৰ সন্দেহ

আমাৰ অসম, ২৯ মাৰ্চঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে দেওবাৰে নিশা ইছলামাবাদত বিশাল সভাত ভাষণ দি নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ চেষ্টা চলায়৷ ইয়াৰ বিপৰীতে লাহোৰত বিৰোধী দলবোৰে ইমৰান খানৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন কৰে৷ দেওবাৰে নিশা ইছলামাবাদত ভাষণ দি প্ৰধানমন্ত্ৰী ইমৰান খানে বিৰোধীৰ বিৰুদ্ধে আৰু গুৰুতৰ অভিযোগ৷ পাকিস্তানৰ জনতাই ভোট দি তেওঁৰ দলক ক্ষমতা প্ৰদান কৰাৰ পাছতো বিৰোধী দলবোৰে নিজৰ স্বাৰ্থৰ বাবেই তেওঁক ক্ষমতাচ্যুত কৰিবলৈ চক্ৰান্ত কৰা বুলি অভিযোগ আনে ইমৰান খানে৷ গতিকে বিৰোধীয়ে ক’লেই তেওঁ পদত্যাগ নকৰে৷ জনতাইহে ইয়াৰ সিদ্ধান্ত ল’ব বুলি দাবী কৰে তেওঁ৷ কিন্তু দেওবাৰে ইমৰান খানে এই সভাত ভাগ লোৱাৰ আগেয়ে তেওঁৰ কেবিনেটৰ এজন মন্ত্ৰীয়ে পদত্যাগ কৰে৷ যিটো ইমৰান খানৰ বাবে বেয়া খবৰ৷ দেওবাৰে ইমৰান খানে পাকিস্তান মুছলিম লীগ-নৱাজ, পাকিস্তান পিপ্‌লছ পাৰ্টী আৰু আন আন বিৰোধী দলক কঠোৰ সমালোচনা কৰি কয় যে বিগত ৩০ বছৰে তিনিটা এন্দুৰে পাকিস্তানক লুটি শেষ কৰিলে৷ পাকিস্তানৰ বৰ্তমান আৰ্থিক সংকটৰ বাবে আগৰ চৰকাৰবোৰেই দায়ী৷ আগৰ চৰকাৰে ৰাজকোষৰ ধন নিজৰ স্বাৰ্থত জেপত ভৰোৱা বাবেই পাকিস্তানৰ অৰ্থনীতি আজি অতি বেয়া৷ কিন্তু তেওঁৰ চৰকাৰে যথেষ্ট কষ্ট কৰি পাকিস্তানক মদিনাৰ দৰে কল্যাণকামী দেশৰূপে গঢ়ি তুলিছে৷ বিৰোধীয়ে এই কথাটো হজম কৰিব পৰা নাই৷ গতিকে তেওঁৰ চৰকাৰ গিৰাবলৈ বিচাৰিছে৷ তেওঁ আৰু অভিযোগ কৰে যে বিদেশী শক্তিৰ দ্বাৰা পৰিচালিত হৈ বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ আনিছে৷ পকিস্তানৰ অৰ্থনীতি দুৰ্বল কৰাৰ লগতে তেওঁৰ চৰকাৰক আঁতৰাবলৈ বিদেশী শক্তিয়ে কাম কৰি আছে বুলি ইমৰান খানে অভিযোগ কৰে৷ বিদেশী ধন ব্যৱহাৰ হৈছে তেওঁৰ চৰকাৰ আঁতৰাবলৈ৷