শীঘ্ৰে ভাৰত ভ্ৰমণ কৰিব ৰাছিয়াৰ বিদেশ মন্ত্ৰীয়ে
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ অব্যাহত থকাৰ মাজতে
আমাৰ অসম,২৯ মাৰ্চঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধই এমাহ অতিক্ৰম কৰিছে৷ তাৰ মাজতে ভাৰতে গ্ৰহণ কৰিছে নিৰপেক্ষ স্থিতি৷ আমেৰিকা আৰু আন আন ইউৰোপীয় দেশে ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে যদিও ভাৰতে আগৰ দৰেই নিয়মীয়া সম্পৰ্ক বৰ্তাই ৰাখিছে আৰু ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক অব্যাহত ৰাখিছে৷ তেনে সময়তে এই কথা পোহৰলৈ আহিছে যে অতি শীঘ্ৰে ভাৰত ভ্ৰমণ কৰিব ৰাছিয়াৰ বিদেশ মন্ত্ৰীয়ে৷ গতিকে ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গই লাভৰভে ভাৰত ভ্ৰমণ কৰাটোক লৈ এতিয়া ব্যাপক চৰ্চা হৈছে৷ কাৰণ আমেৰিকাকে ধৰি ইউৰোপৰ দেশ, নাটোৰ সদস্য ৰাষ্ট্ৰ,জাপান আদিয়ে ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে৷ মাত্ৰ কেইদিনান পূৰ্বে চীনৰ বিদেশ মন্ত্ৰীয়ে ভাৰত ভ্ৰমণ কৰিছিল৷ এতিয়া চীনৰ বন্ধু দেশ ৰাছিয়াৰ বিদেশ মন্ত্ৰীয়ে ভাৰত ভ্ৰমণ কৰিব বুলি প্ৰকাশ পোৱাত বিষয়টো গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে শ্ৰীলংকা আৰু মালদ্বীপ ভ্ৰমণ সামৰি স্বদেশলৈ ঘূৰি অহাৰ পাছতে ৰাছিয়াৰ বিদেশ মন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ তাৰিখ ঘোষণা কৰা হ’ব৷ এই ভ্ৰমণৰ সময়ছোৱাত ৰাছিয়াৰ বিদেশ মন্ত্ৰীয়ে ইউক্ৰেইন-ৰাছিয়াৰ মাজত চলি থকা শান্তি আলোচনাৰ সবিশেষ জনাব ভাৰতক৷ তদুপৰি ভাৰত আৰু ৰাছিয়াই ডলাৰৰ সলনি ৰুবলৰ জৰিয়তে ব্যৱসায় চলাৰ কথাটোৱেও স্থান পাব৷