Logo
image

সুস্বাস্থ্যৰ বাবে খালী পেটত এইবোৰ খাদ্য খাব পাৰে

পুৱাই উঠি যদি এটা আপেল বা এটা পকা অমিতাৰে দিনটো আৰম্ভ কৰিব পৰা যায় তেন্তে হজমৰ কোনো সমস্যা নহয়৷ তদুপৰি শৰীৰ সুস্থ থাকে৷ শৰীৰ সুস্থ ৰাখিবলৈ খাদ্যৰ ক্ষেত্ৰত সচেতন হ’বই লাগিব৷ সময়মতে সঠিক খাদ্য নাখালে স্বাস্থ্য ভালে নাথাকে৷ সেয়ে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সচেতন হোৱা উচিত৷ বহুতে ভোক লাগিলে যি মন যায় তাকেই খায়৷ এনে অভ্যাসে গেছ, এচিডিটি আৰু হজমত সমস্যাৰ সৃষ্টি কৰে৷ নিশাৰ আহাৰ আৰু ব্ৰেকফাষ্টৰ মাজত দীঘলীয়া বিৰতি থাকে৷ সেয়ে এই সময়ত সঠিক খাদ্য গ্ৰহণ কৰাটো অতি জৰুৰী৷ পুৱাই উঠি কেতবোৰ খাদ্য খালে স্বাস্থ্য ভালে থকাৰ লগতে হজমৰ সমস্যা কেতিয়াও নহয়৷ উল্লেখ কৰা হ’ল এনে কেতবোৰ খাদ্য–

[১] সতেজ ফলঃ বহুতৰে ধাৰণা যে খালী পেটত কেতিয়াও ফল-মূল খাব নালাগে৷ খালী পেটত ফল-মূল খালে হেনো এচিডিটি হয়৷ সেয়ে দুপৰীয়াহে ফল-মূল খাব লাগে৷ এই ধাৰণা ভুল৷ ফল-মূলত প্ৰচুৰ পৰিমাণে ভিটামিন, ফাইবাৰ আৰু পানী থাকে৷ মুঠৰ ওপৰত ফল সম্পূৰ্ণ পুষ্টি গুণেৰে ভৰপূৰ৷ সেয়ে খালী পেটত আপেল, নাচপতি, কল, তিয়ঁহ বা অমিতা– যি ফলেই নাখাওক কিয় শৰীৰত ডিটক্সিফিকেচনত সহায় কৰে৷ লগতে শক্তি উৎপন্ন কৰে, ফলত ওজন কমে আৰু দিনটো কাম কৰাৰ পাছতো ভাগৰ নালাগে৷

[২] তিয়াই ৰখা আমণ্ডঃ আমণ্ডত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম, ভিটামিন-ই, প্ৰ’টিন, ফাইবাৰ, ওমেগা-৩, ওমেগা-৬ ফেটি এচিড থাকে৷ সেয়ে আমণ্ড যদি সঠিকভাৱে খোৱা নহয়, তেন্তে তাৰ পুষ্টিগুণৰ পৰা বঞ্চিত হোৱা যায়৷ আমণ্ড সঠিকভাৱে খাবলৈ হ’লে ৰাতি পানীত তিয়াই ৰাখক৷ পুৱা উঠি খালী পেটত আমণ্ড খোৱা কৰক৷

[৩] কণীঃ কণীৰ পুষ্টিগুণ সম্পৰ্কে সকলোৱে জানে৷ খালী পেটত সিজোৱা কণী খালে উপকাৰ পোৱা যায়৷ গৱেষণাত পোৱা তথ্যমতে নিতৌ খালী পেটত এটা সিজোৱা কণী খালে দিনটোৰ মুঠ খাদ্যতকৈ বেছি কেল’ৰি পোৱা যায়৷

[৪] গৰম পানী আৰু মৌঃ পুৱাই খালী পেটত বহুতে নেমুৰ ৰসৰ সৈতে মৌ মিহলাই খায়৷ কিন্তু খালী পেটত যদি গৰম পানীৰ সৈতে মৌ মিহলাই খাব পৰা যায়, তেন্তে বেছি উপকাৰ পোৱা যায়৷ মৌত স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় খনিজ উপাদান আৰু ভিটামিন থাকে৷ এইবোৰে শৰীৰটোক ভিতৰৰ পৰা পৰিষ্কাৰ কৰে৷

[৫] অমিতা আৰু তৰমুজঃ অমিতা আৰু তৰমুজ পুষ্টিগুণেৰে ভৰা ফল৷ এই দুবিধ ফলে ওজন কমোৱাত সহায় কৰে৷ সেয়ে পুৱাই উঠি খালী পেটত তৰমুজ বা অমিতা খালে সমগ্ৰ দিনটো শৰীৰ সতেজ হৈ থাকে৷ এই দুবিধ ফল খালী পেটত খালে তেজত শৰ্কৰাৰ চাহিদাও পূৰণ হয়৷