Logo
image

৪ দিন পাছতে আৰম্ভ হ’ব পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ ‘অন্ধকাৰ’জীৱন!

আমাৰ অসম,৩০ মাৰ্চঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ গাদী যাওঁ যাওঁ৷ আৰু হয়তো চাৰি দিনৰ বাবেহে তেওঁ প্ৰধানমন্ত্ৰীৰ আসনত থাকিব৷ তাৰ পাছতে হয়তো তেওঁৰ জীৱনলৈ আন্ধাৰ নামি আহিব৷ প্ৰধানমন্ত্ৰী পদৰ পৰা আঁতৰাৰ পাছতে হয়তো তেওঁৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ কাৰণ পাকিস্তানৰ ক্ষমতাচ্যুত শাসকৰ বিৰুদ্ধে বিভিন্ন শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাটো চিৰাচৰিত ঘটনা৷ সোমবাৰে পাকিস্তানৰ নেশ্বনেল এছেম্বলীত ইমৰান খান চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰা হয়৷ ৩১ মাৰ্চত এই প্ৰস্তাৱৰ সন্দৰ্ভত বিতৰ্ক অনুষ্ঠিত হ’ব৷ গতিক সোমবাৰে ইমৰান খানে নিজৰ চৰকাৰ বচাবলৈকে সৰ্বাধিক ডাঙৰ প্ৰদেশ পঞ্জাবৰ মুখ্যমন্ত্ৰীকে গাদীৰ পৰা আঁতৰায়৷ এই কাম কৰি প্ৰধানমন্ত্ৰী ইমৰান খানে সহযোগী পি এম এল-কিউ দলৰ পৰা সমৰ্থন আদায়ৰ চেষ্টা চলায়৷ পঞ্জাবত সহযোগী পি এম এল-কিউ দলৰ নেতাক মুখ্যমন্ত্ৰীৰ আসনখন দি নিজৰ প্ৰধানমন্ত্ৰীৰ আসনখন বচোৱাৰ হিচাপ-নিকাচত ব্যস্ত আছে ইমৰান খান৷ ইপিনে, পাকিস্তানৰ বিৰোধী দলৰ মহাগতবন্ধন ‘পিডিএম’-এ শ্বাহবাজ শ্বৰীফক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে৷ অৰ্থাৎ ইমৰান খান ক্ষমতাচ্যুত হোৱাৰ লগে লগে শ্বহবাজ শ্বৰীফে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব৷ উল্লেখ্য, পাকিস্তানৰ নেশ্বনেল এছেম্বলীত ৩৪২খন আসন আছে৷ গতিকে সংখ্যাগৰিষ্ঠতাৰ বাবে কোনো এটা দল বা মিত্ৰজোঁটক ১৭২জন সাংসদ লাগে৷ পূৰ্বে ইমৰান খান চৰকাৰৰ সমৰ্থনত আছিল ১৭৮জন সাংসদ৷ কিন্তু ইমৰান খান চৰকাৰৰ সপক্ষে ভোট নিদিয়ে বুলি নিজ দলৰে ২৪জন সাংসদে ঘোষণা কৰিছে৷ এতিয়া এই বাতৰি আহিছে যে ৫০জন সাংসদে ইমৰান খানৰ সংগ এৰিব৷ ফলত ইমৰান খানৰ গাদী যোৱাটো নিশ্চিত৷ উল্লেখ্য, পাকিস্তানৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত ইমৰান খানে চীনৰ হেঁচাত আমেৰিকাৰ বিৰোধিতা কৰিবলৈ লয়৷ দুয়োখন দেশৰ মাজৰ সম্পৰ্ক ইমানেই বেয়া হয় যে এতিয়া বিপদৰ সময়ত আমেৰিকাই সহায় কৰিবলৈ অস্বীকাৰ কৰিছে৷ যাৰ ফলত পাকিস্তানৰ সেনাও ইমাৰান খানৰ প্ৰতি ক্ষুব্ধ হৈছে৷