Logo
image

মহামাৰীৰ সৈতে সহাৱস্থান

ক’ভিড-১৯ মহামাৰীয়ে ভাৰতত ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ মহামাৰীত আক্ৰান্ত দেশৰ ভিতৰত ভাৰতে ক্ৰমাৎ শীৰ্ষস্থানৰ ফালে গতি কৰিছে৷ প্ৰতিদিনে যদি প্ৰায় এক লাখ লোক আক্ৰান্ত হয়, তেন্তে কিছুদিনৰ ভিতৰতে আমেৰিকাক অতিক্ৰম কৰি কৰ’না আক্ৰান্ত দেশৰ তালিকাত ভাৰত শীৰ্ষত উপনীত হ’ব৷ সম্প্ৰতি ভাৰতত এই মহামাৰীত প্ৰতি মিনিটত এজন লোকৰ মৃত্যু হৈছে৷ পৰিস্থিতি উন্নত নহ’লে হয়তো প্ৰতি ছেকেণ্ডত একোজন লোকৰ মৃত্যু হ’ব৷ ইপিনে ভাৰতত এতিয়া উৎসৱৰ বতৰ আৰম্ভ হৈছে৷ বিভিন্ন পূজা-পাতল, উৎসৱ-পাৰ্বণ পালন কৰাত চৰকাৰী নীতি-নিৰ্দেশনা যিমানেই নাথকক কিয়, মানুহে পৰম্পৰা হয়তো এৰিব নোৱাৰিব৷ ইপিনে চৰকাৰেও যিহেতু আনলক পৰ্যায়ত বহুতো শিথিলতা আনিছে, গতিকে জনসাধাৰণে স্বাভাৱিকভাৱেই দৈনন্দিন কৰ্মসূচী পালন কৰিব৷ শেহতীয়াকৈ ২১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰো নিৰ্দেশ দিছে৷ শিক্ষাৰ্থীয়ে অভিভাৱকৰ পৰা আপত্তিবিহীন পত্ৰ লৈ আহি শিক্ষানুষ্ঠানত পাঠদান কৰিব পাৰিব বুলি চৰকাৰে ঘোষণা কৰিছে৷ মহামাৰীয়ে কালৰূপ ধৰাৰ সময়ত এনে কাৰ্যই শিক্ষক-শিক্ষাৰ্থীক বিপদৰ ফালে ঠেলি দিয়া নহ’বনে? অৱশ্যে স্বাস্থ্য সচেতন কিছুসংখ্যক লোকে চৰকাৰে নিৰ্দেশনা দিয়া স্বাস্থ্যবিধি মানি চলিব যদিও আন একাংশই স্বাস্থ্যবিধি উলংঘা কৰাটো স্বাভাৱিক৷ যিহেতু জীৱন-ধাৰণৰ বাবে আমি সকলোৱে নিজৰ দায়িত্ব পালন কৰিব লাগিব, সেয়ে স্বাস্থ্যবিধি মানি কৰ’না মহামাৰীৰ স’তে সহাৱস্থান কৰি আমাৰ জীৱন আগবঢ়াই নিব লাগিব৷ তদুপৰি অসমসহ কেইখনমান ৰাজ্যৰ বিধানসভা নিৰ্বাচন যিহেতু সমুখত, সেয়ে ৰাজনৈতিক দলসমূহেও এই সময়ত ক’ভিড প্ৰট’কল ভংগ কৰি হ’লেও সভা-সমিতি অনুষ্ঠিত কৰিব৷ ইতিমধ্যে অসমত নিৰ্বাচনী বাতাৱৰণ এটা আৰম্ভ হৈছেই৷ এনে অৱস্থাত কৰ’না মহামাৰীৰ ভয়ত কোনো দলেই যে পিছপৰি নাথাকে, সেই কথা নিশ্চিত৷ কিন্তু ৰাজনৈতিক নেতাই নিজ উদ্দেশ্য সাধনৰ বাবে সভা-সমিতি পাতিলেও স্বাস্থ্যৰক্ষাৰ ব্যৱস্থাও হয়তো তেওঁলোকে কৰি যাব৷ তদুপৰি তেওঁলোকৰ চিকিৎসাৰ বাবে চিকিৎসকৰ অভাৱ সততে নহ’ব৷ কিন্তু সৰ্বসাধাৰণ নাগৰিকে এনেবোৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিজকে ক’ভিড-১৯ত আক্ৰান্ত কৰাৰ আশংকা অধিক থাকিব৷ তদুপৰি হাস্পতালসমূহত যিহেতু বিছনাৰ অভাৱ, সেয়ে সৰ্বসাধাৰণ লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’লে চিকিৎসা যে লাভ কৰিব, সেই আশা নকৰাই ভাল৷ আনহাতে বহু আশাৰে বাট চাই থকা ক’ভিড-১৯ৰ ভেকচিনো ২০২১ চনৰ প্ৰথম ত্ৰৈমাসিকতহে উপলব্ধ হোৱাৰ সম্ভাৱনা আছে বুলি শুকুৰবাৰে লোকসভাত প্ৰকাশ কৰে কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী অশ্বিনী চৌধুৰীয়ে৷ মন্ত্ৰীজনে প্ৰকাশ কৰা অনুসৰি ভাৰতত ক’ভিড-১৯ৰ ভেকচিনৰ প্ৰথম পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষা সফল হোৱাৰ পাছত দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা চলি আছে৷ উল্লেখ্য, ভাৰতত সাতটা প্ৰতিষ্ঠান ক্ৰমে ছেৰাম ইন্‌ষ্টিটিউট অৱ ইণ্ডিয়া, কেডিলা হেল্‌থকেয়াৰ লিমিটেড, ভাৰত বায়’টেক ইণ্টাৰনেশ্বনেল লিমিটেড, ৰিলায়েন্স লাইফ ছায়েঞ্চেজ প্ৰাইভেট লিমিটেড, অৰবিন্দ ফাৰ্মা লিমিটেড আৰু জেনোভা বায়’ফাৰ্মাচিউটিকেল্‌ছ লিমিটেডক চেণ্ট্ৰেল ড্ৰাগ্‌ছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰ’ল অৰ্গেনাইজেশ্বনে ক’ভিড-১৯ ভেকচিন উৎপাদনৰ বাবে যাৱতীয় অনুমতি প্ৰদান কৰিছে৷ যিহেতু ভেকচিনৰ উৎপাদনৰ পৰ্যায়লৈ এতিয়ালৈ বহুদূৰ বাকী, সেয়ে জনসাধাৰণে স্বাস্থ্যবিধি মানি, মাস্ক ব্যৱহাৰ কৰি আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰি নিজক সুৰক্ষিত ৰখাৰ লগতে সমাজখনকো সুৰক্ষিতকৰিব লাগিব৷