Logo
image

অসমৰ পৰিবহণ ক্ষেত্ৰত সংযোজন ২০ খনকৈ অত্যাধুনিক মাৰ্চিডিজ বাছ

আমাৰ অসম, ০৬ নৱেম্বৰঃ অসমৰ পৰিবহণ ক্ষেত্ৰত সংযোজিত হ'ল ২০ খনকৈ অত্যাধুনিক মাৰ্চিডিজ বাছ৷ শুকুৰবাৰে গুৱাহাটীত প্ৰথম পৰ্যায়ৰ ২০ খন অত্যাধুনিক মাৰ্চিডিজ বাছৰ অন্তৰ্ভুক্তিকৰণৰ ফ্লেগ্ অফ্ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ভাৰত পেট্ৰ'লিয়াম কৰ্প'ৰেচন লিমিটেড (BPCL)ৰ কৰ্প'ৰেট সামাজিক দায়ৱদ্ধতা কাৰ্যসূচীৰ অংশ হিচাপে ১০ খন ষ্টেয়াৰলিফ্ট হুইলচেয়াৰ দিব্যাংগসকলৰ বাবে আগবঢ়ায়। অনুষ্ঠানটোত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী, Daimler Bus India-ৰ মুখ্য কাৰ্যবাহী বিষয়া কাৰ্ল আলেকজেণ্ডাৰ ছিডেলৰ লগতে বিশিষ্ট ব্যক্তিসকল৷