Logo
image

পদত্যাগ নিশ্চিত ইমৰানৰ

আমাৰ অসম, ৩১মাৰ্চঃ আজিৰ ৰজা কাইলৈ খৰিভাৰী৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ অৱস্থাও ঠিক একেই৷ ক্ৰিকেটৰ পথাৰত তেওঁ শেষ বললৈকে যুঁজি অপৰাজেয় হৈ থকাৰ অনেক নজিৰ আছে৷ সেয়ে তেওঁক ক্ৰিকেটৰ পথাৰত সমগ্ৰ বিশ্বই কিং খান বুলি কৈছিল৷ পিছে ইমৰাণ খান নিয়াজিয়ে ক্ৰিকেটৰ পথাৰৰ কিং খানৰ মৰ্যাদা ৰাজনীতিৰ পথাৰত অটুত ৰাখিব নোৱাৰিব বুলি একপ্ৰকাৰ নিশ্চিত হৈছে৷ জোট চৰকাৰৰ অন্তিমটো বৃহৎ দল এম কিউ এম বা মুট্টাহিদা কোৱামী মুভমেণ্টে বুধবাৰে বিয়লি ইমৰাণ খানৰ শাসনাধিষ্ঠিত পাকিস্তান টেহৰিক-ই-ইনছাফ দলৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাত ইমৰাণ খানৰ চৰকাৰখন স্পষ্টভাৱে সংখ্যালঘূ হৈ পৰিছে আৰু অহা ৩ এপ্ৰিলৰ অনাস্থা ভোটৰ পূৰ্বেই ইমৰাণ খানে প্ৰধানমন্ত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগ কৰিব বুলি প্ৰবল চৰ্চা আৰম্ভ হৈছে৷ অসমৰ্থিত বাতৰি অনুসৰি প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ চৰকাৰী বাসগৃহ সম্প্ৰতি পাক সেনাই ঘেৰি পেলাইছে৷ অৱশ্যে, তাৰ পূৰ্বেই তেওঁ দেশৰ সেনাবাহিনীৰ মুৰব্বী জেনেৰেল কামাৰ জাভেদ বাজৱা আৰু বিশ্বজুৰি কুখ্যাত কিন্তু দেশখনৰ শক্তিশালী চোৰাংচোৱা সংস্থা আই এছ আইৰ মুৰব্বী জেনেৰেল নাদিম আঞ্জুমৰ সৈতে এখন গোপন বৈঠকত মিলিত হয়৷ দুই জেনেৰেলে ইমৰাণ খানক প্ৰধানমন্ত্ৰীৰ বাসভৱনত সাক্ষাৎ কৰাৰ পাছতে ইমৰাণে বুধবাৰে সন্ধিয়া জাতিৰ উদ্দেশ্যে প্ৰদান কৰিবলগীয়া ভাষণৰ কাৰ্যসূচী বাতিল কৰে৷ সেই বৈঠকতে তেওঁ পদত্যাগৰ সিদ্ধান্ত লৈ বিৰোধী দলক দায়িত্ব এৰি দিয়াতো নিশ্চিত হোৱা বুলি অসমৰ্থিত সূত্ৰত প্ৰকাশ৷ সেয়ে তেওঁ জাতিৰ উদ্দেশ্যে দিবলগীয়া ভাষণ বাতিল কৰে আৰু যিকোনো মুহূৰ্ততে পদত্যাগ ঘোষণা কৰিব বুলি সংবাদ মাধ্যমত প্ৰৱল চৰ্চা হৈছে৷ ৩৪২খন আসন সম্বলিত পাকিস্তান নেশ্বনেল এচেম্বলিত টিকি থাকিবৰ বাবে ১৭২জন সদস্যৰ সমৰ্থন প্ৰয়োজন৷ সম্প্ৰতি ইমৰাণ খানৰ সপক্ষে আছে নিজ দলৰ ১৫৫জন সদস্যৰ সৈতে মুঠ ১৬৪জনৰ সমৰ্থন৷ তাৰ পৰাও এজন-দুজনকৈ আঁতৰি আছে৷ আনহাতে, শ্বেহবাজ শ্বৰীফ আৰু বিলৱাল ভুট্টো জাৰদাৰি নেতৃত্বাধীন বিৰোধীৰ সদস্য সংখ্যা ১৭৫লৈ বৃদ্ধি পাইছে৷