Logo
image

আহি গ’ল ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন গাড়ী

প্ৰদূষণমুক্ত গাড়ীত উঠি সংসদলৈ আহিল মন্ত্ৰী নীতিন গাডকাৰী

আমাৰ অসম, ৩১ মাৰ্চঃ পেট্ৰ’ল-ডিজেলৰ ভয়ংকৰ মূল্যবৃদ্ধি, তেনে গাড়ীৰ পৰা প্ৰদূষণ বৃদ্ধি আদিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া নতুন নতুন বৈদ্যুতিক গাড়ী আৰু হাইড্ৰ’জেনত চলা গাড়ীৰ নিৰ্মাণ দ্ৰুত হাৰত বাঢ়িবলৈ ধৰিছে৷ সেউজ হাইড্ৰ’জেনচালিত এই নতুন গাড়ীয়ে পেট্ৰ’ল-ডিজেলৰ প্ৰয়োজনীয়তা হ্ৰাস কৰাৰ লগতে বায়ু প্ৰদূষণ ৰোধৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ বহু প্ৰতীক্ষাৰ অন্তত ভাৰতলৈ আহিল প্ৰথমখন হাইড্ৰ’জেনচালিত গাড়ী৷ কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথ, পৰিবহণ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি এই গাডীত উঠি সংসদলৈ আহে৷ ফলত ভাৰতৰ পথত গ্ৰীন হাউড্ৰ’জেনেৰে চলা গাড়ীৰ সংখ্যা অতি সোনকালেই বৃদ্ধি পাব বুলি আশা কৰা হৈছে৷ এই অত্যাধুনিক গাড়ীখনত উঠি কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰী সংসদলৈ অহাৰ ছবি আৰু ভিডিঅ’ভাইৰেল হৈছে৷ স্বচ্ছ ইন্ধনৰ দ্বাৰা চলা এই গাড়ীখনে দেশৰ জনতাৰ আকৰ্ষণ বৃদ্ধি কৰিছে৷ এই অত্যাধুনিক গাড়ীখন টয়টা কোম্পানীয়ে পাইলট প্ৰজেক্টৰ অংশস্বৰূপে নিৰ্মাণ কৰি উলিয়াইছিল৷ ইয়াত আছে অত্যাধুনিক ইন্ধন চেল৷ এই অত্যাধুনিক ইন্ধন চেলে অক্সিজেন আৰু হাইড্ৰ’জেনৰ সংমিশ্ৰণত বিদ্যুৎ উৎপাদন কৰিব আৰু এই বিদ্যুতৰ দ্বাৰাই গাড়ীখন চলিব৷ নীতিন গাড়কাৰীয়ে প্ৰকাশ কৰে যে এই গাড়ীখন সম্পূৰ্ণ পৰিৱেশ অনুকূল আৰু কোনোধৰণৰ প্ৰদূষণ সৃষ্টি নহয় ইয়াৰ দ্বাৰা৷