Logo
image

আজি ভাৰতলৈ ৰাছিয়াৰ বিদেশ মন্ত্ৰী

ভাৰতীয় টকা-ৰুবলেৰে ব্যৱসায়, তেল আৰু সামৰিক সহযোগিতাক লৈ হ’ব আলোচনা

আমাৰ অসম,৩১ মাৰ্চঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে আজি ভাৰত ভ্ৰমণ কৰিব ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গেই লাভৰভে৷ যুদ্ধৰ মাজতে ৰাছিয়াৰ বিদেশ মন্ত্ৰীয়ে ভাৰতৰ ভ্ৰমণ কৰাটোক লৈ সমগ্ৰ বিশ্বতে চৰ্চা আৰম্ভ হৈছে৷ উল্লেখ্য, ৰাছিয়াই এমাহ পূৰ্বে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ পাছতে আমেৰিকা, ইউৰোপ আৰু নাটোৰ সদস্য ৰাষ্ট্ৰই ৰাছিয়াৰ বিৰুদ্ধে আৰোপ কৰে কঠোৰতম নিষেধাজ্ঞা৷ যাৰ ফলত ৰাছিয়াৰ ব্যৱসায়, অৰ্থনীতিত অতি বেয়া প্ৰভাৱ পৰিছে৷ ৰাছিয়াৰ অৰ্থনীতি প্ৰায় ধবংস হৈছে আৰু ৰুবলৰ মূল্য একেবাৰে কমি গৈছে৷ গতিকে এই পৰিস্থিতিত ৰাছিয়াই বন্ধু দেশবোৰৰ সৈতে বাণিজ্যিক সম্পৰ্ক অধিক বৃদ্ধিৰ কৰাৰ বাবে আগবাঢ়িছে৷ ভাৰতে যিহেতু ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত নিৰপেক্ষ স্থিতি গ্ৰহণ কৰিছে, গতিকে ভাৰত আৰু ৰাছিয়াৰ মাজত ব্যৱসায় অব্যাহত আছে৷ ভাৰতে ৰাছিয়াৰ পৰা তেলকে ধৰি আন আন সামগ্ৰী ক্ৰয় অব্যাহত ৰাখিছে৷ সেয়ে ভাৰতৰ দৰে গুৰুত্বপূৰ্ণ বন্ধু দেশক গুৰুত্ব দিছে ৰাছিয়াই৷ ভাৰতৰ সৈতে ৰাছিয়াই বাণিজ্যিক সম্পৰ্কৰ লগতে সামৰিক সহযোগিতা, তেল ক্ৰয়-বিক্ৰয়ৰ সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰিব৷ সেয়ে ৰাছিয়াৰ বিদেশ মন্ত্ৰীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ৷ আমেৰিকা, জাৰ্মানীৰ দৰে দেশে বিষয়টোক অধিক গুৰুত্ব সহকাৰে লৈছে৷ ভাৰত আৰু ৰাছিয়াই যদি টকা আৰু ৰুবলেৰে ব্যৱসায় কৰে, তেন্তে আমেৰিকাৰ ডলাৰৰ যথেষ্ট ক্ষতি হ’ব৷ গতিকে পৰিস্থিতিৰ বুজ ল’বলৈ আমেৰিকাই ডেপুটী ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাক ভাৰতলৈ প্ৰেৰণ কৰিছে৷