Logo
image

নিদ্ৰাহীনতাই আনিব পাৰে কেইবাটাও বিপদ

এজন পূৰ্ণবয়স্ক মানুহৰ বাবে প্ৰতিদিনে ৬ ঘণ্টা টোপনিৰ প্ৰয়োজন৷  কিন্তু অনিদ্ৰাত ভুগিলে টোপনি পাতলীয়া হোৱাৰ উপৰি কেতিয়াবা দুই-এঘণ্টাহে টোপনি আহিব পাৰে৷ অনিদ্ৰাই বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে৷ ব্যস্ততাপূৰ্ণ জীৱনৰ বাবেও বহুতেই সময়মতে  শোৱাৰ সময় স্থিৰ কৰিব নোৱাৰে৷  কামৰ হেঁচাত টোপনিৰ পৰিমাণ ক’ব নোৱাৰাকৈয়ে হ্ৰাস পাই আহে৷  এনে ধৰণে টোপনিৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলত শৰীৰত বিভিন্নধৰণৰ বেমাৰৰ উপসৰ্গই দেখা দিব পাৰে৷ প্ৰতিদিনে শোৱাৰ এটা নিৰ্দিষ্ট সময় থাকিব লাগে৷ শোৱাৰ সময়ৰ তাৰতম্য হ’লেই টোপনি পাতলীয়া হোৱাৰ উপৰি লাহে লাহে অনিদ্ৰাজনিত সমস্যাত ভুগিব পাৰে৷ এই অনিদ্ৰাই শেষত গৈ শৰীৰৰ বাবে কেইবাটাও গুৰুতৰ বিপদ মাতি আনিব পাৰে৷ 

১. অনিদ্ৰাই মাতিব পাৰে মৃত্যুৰ আশংকাঃ ব্ৰিটেইনৰ এক গৱেষণাত পোহৰলৈ আহিছে যে দীৰ্ঘ সময়ৰ বাবে অনিদ্ৰাত ভুগিলে মৃত্যুৰ আশংকা বৃদ্ধি পাব পাৰে৷ অনিদ্ৰাত ভোগা লোকৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ সাধাৰণ মানুহতকৈ বেছি৷ অনিদ্ৰাই বহুতো ৰোগৰ কাৰক হৈ পৰে৷ 

২. যৌন সমস্যাঃ পৰ্যাপ্ত টোপনি নহ’লে যৌন জীৱনত নেতিবাচক প্ৰভাৱ পৰে৷ বিশেষকৈ পুৰুষৰ ক্ষেত্ৰত সেই সমস্যা অনেক বেছি৷ যিসকলে পলমকৈ শুবলৈ যায় তেওঁলোক পৰ্যাপ্ত টোপনিৰ পৰা বঞ্চিত হয়৷ যাৰ বাবে শৰীৰত টেষ্টোষ্টেৰণৰ মাত্ৰা কমি যায়৷ ই হ’ল এটা যৌন হৰমন৷ এই হৰমন কমি গৈ থাকিলে যৌন আকাংক্ষা কমি যায়৷

৩. স্মৃতি হ্ৰাস টোপনি পৰ্যাপ্ত নহ’লে মগজুত বিৰূপ প্ৰভাৱ পৰে৷ যাৰ ফলত স্মৃতিভ্ৰংশৰ দৰে ৰোগত ভুগিব পাৰে৷ নিদ্ৰাহীনতাৰ বাবে মগজুৱে সঠিকভাৱে কাম কৰাৰ শক্তি হেৰুৱায়৷ যাৰ বাবে দৈনন্দিনৰ কাম-কাজত গুৰুতৰ সমস্যাৰ সৃষ্টি হয়৷ 

৪. অন্যান্য ৰোগঃ পৰ্যাপ্ত টোপনি কমি গ’লে অন্যান্য ৰোগে সহজে আক্ৰমণ কৰিব পাৰে৷ বিশেষকৈ ডায়েবেটিছ, হূদৰোগ, উচ্ছ ৰক্তচাপ আদি সমস্যাত ভোগাসকলৰ বাবে ই জীৱন নাশৰ আশংকা বঢ়াই তুলিব পাৰে৷