Logo
image

মই ইণ্টাৰনেশ্যনেল মানুহ, অসমীয়া নকওঁ! আজমলৰ সদম্ভ ঘোষণা

আমাৰ অসম, ১ এপ্ৰিলঃ ব্যৱসায় কৰিব অসমত৷ ৰাজনীতি কৰিব অসমত৷ অসমক প্ৰতিনিধিত্ব কৰি যাব ৰাজ্যসভালৈও৷ অসমৰ বায়ু পানী খায়ে চলাব সাম্প্ৰদায়িকতাৰ ৰাজনীতি৷ তাৰ পাছতো অসমীয়া ভাষাৰ প্ৰতি অপমান মানিব পাৰি কেনেকৈ? কিন্তু অসমীয়া কোনো কাৰণতে নকও বুলি শুকুৰবাৰে অসম বিধানসভা চৌহদতে সদম্ভে ঘোষণা কৰিলে ইউ ডি এফ বিধায়ক চিৰাজুদ্দিন আজমলে৷ অসম বিধানসভা চৌহদত সাংবাদিকে অসমীয়াত সোধা প্ৰশ্নৰ উত্তৰ অসমীয়াত দিবলৈ অস্বীকাৰ কৰে৷ তেওঁ কয়–‘অসমীয়াত নকও৷ আমি ইণ্টাৰনেশ্বনেল মানুহ৷ ইংৰাজী নক’লে দুনীয়াৰ মানুহে নাজানে৷ অসমীয়া দুনীয়াৰ মানুহে জানে নেকি? নাজানে৷ অসম বিধানসভাত কেইজন মানুহ আছে যি মোৰ দৰে ইংৰাজী ক’ব পাৰে? এজন বা দুজন মানুহে ইংৰাজীত ক’ব পাৰে৷ মই ব্যতিক্ৰম৷ ইউ ডি এফ কেৱল অসমতে সীমাৱদ্ধ নহয়৷ এতিয়া ইউ ডি এফ এটা ৰাষ্ট্ৰীয় দল৷ মোৰ দাদা বদৰুদ্দিন আজমল এতিয়া ইণ্টাৰনেশ্বনেল ফিগাৰ৷’ এয়া প্ৰতিজন অসমীয়াৰ বাবে অপমান৷ এয়া অসমবাসীৰ প্ৰতি অপমান৷ দাবী উঠিছে–এই মন্তব্যৰ বাবে ছিৰাজুদ্দিন আজমলে অসমবাসীৰ ওচৰত ক্ষমা খোজক৷ অসমতে থাকিব, অসমতে ব্যৱসায় কৰিব, অসমৰ কেঁচা সামগ্ৰীৰে ব্যৱসায় সম্প্ৰসাৰণ কৰিব, অসমতে ৰাজনীতি কৰিব আৰু অসমীয়া ভাষাটোক এনেকৈ অপমান কৰিব, এয়া সহ্যৰ বাহিৰত৷ আজমল পৰিয়ালে এই মন্তব্যৰ বাবে অসমবাসীৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা খোজা উচিত৷ আমাৰ আইক কোনোৱে অপমান কৰিব আৰু আমি হাত সাৱটি বহি থাকিম সেয়া হ’ব নোৱাৰে৷ বাকী আজমলে কি ৰাজনীতি কৰে, ক’ত কৰে, সেয়া তেওঁৰ গণতান্ত্ৰিক অধিকাৰ, কিন্তু মোৰ আইক অপমান কৰাতো তেওঁৰ কোনো অধিকাৰ হ’ব নোৱাৰে৷ এই মন্তব্যৰ বাবে ক্ষমা নোখোজা পৰ্যন্ত আজমলক ৰাজহুৱাভাৱে বৰ্জন কৰিব লাগে৷ অসমৰে জনগাঁথনিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব লাগে৷ স্মৰ্তব্য কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল– ‘ইংৰাজী নাজানিলে বাহিৰত কাম নাই৷ অসমীয়া লিখিব জনা মানুহে অসমতহে চাকৰি পাব লাগে বুলি কোনো কথা নাই৷’ভাষা, সংস্কৃতি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি শাসনৰ বাঘজৰী হাতত লোৱা বিজেপি চৰকাৰৰ আমোলত অসমতে অসমীয়াৰ অস্তিত্ব বিপন্ন হৈ পৰিছে৷ ঘাইকৈ তিনিচুকীয়াৰ দৰে ব্যৱসায়িক চহৰত একাংশ অনাঅসমীয়া দুষ্কৃতিকাৰীৰ অতপালিয়ে চৰমসীমা অতিক্ৰম কৰিছে৷ বহিৰাগতৰ আগ্ৰাসনে অসমীয়াক কেওদিশৰ পৰা চেপি-খুন্দি অনা তিনিচুকীয়াৰ দৰে চহৰত পৰিস্থিতিয়ে এনে পৰ্যায় পাইছেগৈ যে অসমীয়া ভাষাত কথা পাতিলেও সহ্য কৰিব নোৱৰা হৈছে এচাম অনাঅসমীয়াই৷ অতি শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ফোন ৰেকৰ্ডিঙক কেন্দ্ৰ কৰি তিনিচুকীয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ৰেকৰ্ডিঙটোত শুনিবলৈ পোৱা গৈছে অসমীয়াত কথা পতাৰ বাবে এজন অনাঅসমীয়া ব্যক্তিয়ে এজন যুৱকক অশ্লীল ভাষাৰে গালি দিয়া৷ জানিব পৰা মতে, ৩০ মাৰ্চত তিনিচুকীয়া চহৰৰ চিৰাপট্টী অঞ্চলৰ জনৈক অৰবিন্দ সিং নামৰ লোকজনে কুৰিয়াৰ ডেলিভাৰী দিয়া যুৱক এজনক অসমীয়াত কথা কোৱাৰ বাবে ম’বাইলত অশ্ৰাব্য ভাষাৰে গালি-গালাজ কৰে৷ উক্ত ফোন ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ পাছতে অনাঅসমীয়া লোকজনে অসমতে থাকি অসমীয়া ভাষাৰ প্ৰতি কটু মন্তব্য কৰি সমগ্ৰ অসমীয়া জাতিক অপমান কৰাৰ বিৰুদ্ধে একাধিক দল, সংগঠন প্ৰতিবাদমুখৰ হৈ উঠিছে৷ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতি, তাই আহোম যুৱ পৰিষদ, গোৰ্খা ছাত্ৰ সন্থাৰ জিলা সমিতিৰ উপৰি সদৌ অসম ভোজপুৰী যুৱ-ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ তৰফৰ পৰা সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অপচেষ্টা চলোৱা লোকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত তিনিচুকীয়া সদৰ থানাত এজাহাৰ দাখিল কৰা হৈছে৷

অসমীয়া ভাষাক অপমান কৰা এআইইউডিএফ দলৰ বিধায়ক ছিৰাজুদ্দিন আজমল আৰু দলটোৰ সভাপতি বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ কৰি শুকুৰবাৰে অসম জাতীয় পৰিষদে [এজেপি] আজমলবাহিনীৰ সাম্প্ৰদায়িক আৰু অসমীয়াবিদ্বেষী ৰাজনীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰে৷ গুৱাহাটীৰ জু-ৰোডস্থিত এজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সন্মুখত বিয়লি শতাধিক দলীয় কৰ্মী সমবেত হৈ ‘বদৰুদ্দিন আজমল মুৰ্দাবাদ, ছিৰাজুদ্দিন আজমল মুৰ্দাবাদ, অসমত সাম্প্ৰদায়িক ৰাজনীতি নচলিব, অসমত অসমীয়া বিদ্বেষ নচলিব, অসমত অসমীয়া ভাষা ক’বই লাগিব, এআইইউডিএফ বিজেপিৰ দালাল’আদি শ্লোগান দিয়ে৷ বৃহস্পতিবাৰে ৰাজ্যসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ পক্ষ্যত ভোট দিয়া বুলি উল্লেখ কৰি এআইইউডিএফ দলৰ সভাপতি বদৰুদ্দিন আজমল আৰু তেওঁৰ ভাতৃ তথা বিধায়ক ছিৰাজুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ কৰি এজেপিৰ প্ৰতিবাদকাৰীসকলে পৰিস্থিতি উত্তাল কৰি তোলে৷ প্ৰতিবাদস্থলীত দলৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে কয়–‘বদৰুদ্দিন আজমলৰ ভাতৃ তথা বিধায়ক ছিৰাজুদ্দিন আজমলে শুকুৰবাৰে দুপৰীয়া অসম বিধানসভাৰ বাহিৰত সাংবাদিকসকলৰ আগত অসমীয়া ভাষাত কথা ক’বলৈ অস্বীকাৰ কৰে৷ তেওঁ কয় যে তেওঁ ইন্টাৰনেচনেল মানুহ, গতিকে তেওঁ ইন্টাৰনেচনেল ভাষাত কথা ক’ব৷ ইন্টাৰনেচনেল মানুহৰ অসমত কি কাম? তেওঁ ইন্টাৰনেচনেল ভাষাত কথা কওক, তাত আপত্তি কৰিবলগীয়া নাই৷ কিন্তু তেওঁ অসমীয়া ভাষা কেইজনে জানে বুলি কিয় ক’ব৷ তেওঁ নিজেই দেখোন লোকপিয়লত নিজৰ মাতৃভাষা অসমীয়া বুলি লিখায়৷ তেওঁৰ ভাতৃ বদৰুদ্দিন আজমলে নিজকে এজন শ্ৰেষ্ঠ অসমীয়া বুলি দাবী কৰে৷ ডিঙিত গামোচা লৈ ফুৰে৷ গতিকে অসমীয়াত কথা নকওঁ আৰু অসমীয়া কেইজনে কয় বুলি কৈ ছিৰাজুদ্দিন আজমলে নিজৰ মন-মানসিকতাৰ আচল স্বৰূপ উদঙাই দিলে৷ উক্ত বক্তব্যৰে তেওঁ অসমীয়া ভাষা আৰু জাতিক অপমান কৰিলে৷ এনে কাৰ্য সহ্য কৰা নহ’ব৷’বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলটোৰ বিজেপিৰ সৈতে থকা গোপন বুজাবুজি বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যসভাৰ নিৰ্বাচনত এআইইউডিএফৰ বিধায়কে বিজেপি প্ৰাৰ্থীক ভোট দিয়াৰ জৰিয়তে উন্মোচিত হ’ল বুলি মত প্ৰকাশ কৰি ৰহমানে লগতে কয়– ‘বিজেপিৰ ‘এক দেশ এক ধৰ্ম এক ভাষা’নীতিৰ অংশস্বৰূপে বিজেপিয়ে অসমীয়া ভাষাক হত্যা কৰাৰ হকে কাম কৰি থকাৰ ষড়যন্ত্ৰ ইতিমধ্যেই ফাদিল হৈছে৷ বদৰুদ্দিন আজমলৰ ভাতৃ ছিৰাজুদ্দিন আজমলৰ উক্ত অসমীয়াবিদ্বেষী বক্তব্য বিজেপিৰ ষড়যন্ত্ৰৰে অংশবিশেষ৷’ছিৰাজুদ্দিন আজমলে অসমীয়া ভাষা আৰু জাতিক অপমান কৰা কাৰ্যৰ বাবে অসমীয়া জাতিৰ ওচৰত ৰাজহুৱা ক্ষমা খোজাৰো দাবী উত্থাপন কৰে জাতীয় পৰিষদৰ মুখপাত্ৰজনে৷