Logo
image

বিশ্বাসঘাতক বিচাৰি চলাথ কৰিছে কংগ্ৰেছ, ইউডিএফে

আমাৰ অসম, ২ এপ্ৰিলঃ গড্ডাৰ বা বিশ্বাসঘাতক কোন? ৰাজ্যসভাৰ কাইলৈ শনিবাৰে খালী হ’বলগীয়া ৰাজ্যসভাৰ দুখন আসনৰ বিপৰীতে বৃহস্পতিবাৰে হৈ যোৱা নিৰ্বাচনৰ পাছত এইটো আটাইতকৈ বেছি চৰ্চিত প্ৰশ্ন৷ বিশ্বাসঘাতক বিচাৰি চলাথ কৰিছে কংগ্ৰেছ ইউ ডি এফে৷ অসম বিধানসভাত বিজেপি মিত্ৰজোঁটৰ হাতত আছিল ৮২খন আসন৷ বিৰোধী শিবিৰৰ হাতত আছিল ৪৪খন আসন৷ ৰাজ্যসভাৰ একোখন আসনত জয়লাভ কৰিবলৈ  লাগে ৪২টাকৈ ভোট৷ বিজেপি মিত্ৰজোঁটে হাতত দুয়োখন আসনত জয়লাভ কৰিব পৰাকৈ নাই পৰ্যাপ্ত সংখ্যা৷ আনহাতে বিৰোধীৰ প্ৰাৰ্থী জয়ী হ’বলৈ আছে প্ৰয়োজনতকৈ বেছি ভোট৷ তাৰ পাছতো দুয়োখন আসনৰ বিপৰীতে প্ৰাৰ্থিত্ব দিয়াই নহয়, দুয়োখন আসনত জয়লাভ কৰিবই বুলি নিৰ্বাচনৰ পূৰ্বেই ঘোষণা কৰিছে শাসকীয় দলটোৰ মুৰব্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কিন্তু ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফলৰ পাছতো দেখা গ’ল বিজেপিয়ে পূৰ্বে দাবী কৰাৰ দৰে ৯.১১ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিলে মিত্ৰজোঁটৰ দুই প্ৰাৰ্থী৷ ৩৫টা ভোট লাভ কৰি তৃতীয় স্থানত থাকিবলৈ বাধ্য হ’ল বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুন বৰা৷ অৰ্থাৎ ৰিপুন বৰাক বিৰোধী পক্ষৰে কেইবাজনো বিধায়কে গড্ডাৰ বা বিশ্বাসঘাতকতা কৰা বাবে তেওঁ পৰাজয় বৰণ কৰিবলগীয়া হ’ল৷ কংগ্ৰেছৰ ৰহাৰ বিধায়ক শশীকান্ত দাসে ৰাজহুৱাকৈ ঘোষণা কৰিছে যে তেওঁ ৰাজ্যসভাত বিজেপিক ভোট দিছে৷ এটা ভোট নাকচ হৈছে৷ কংগ্ৰেছ বিধায়ক চিদ্দিক আহমেদে বেলটত ‘১’লিখাৰ পৰিৱৰ্তে ‘One’লিখা বাবে নিশ্চয় বাতিল হৈছে তেওঁৰ ভোট৷ যিটো কাৰণত দলে ইতিমধ্যে আহমেদক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন কৰিছে৷ বিধায়ক শশীকান্ত আৰু চিদ্দিক আহমেদৰ ভোট বাদ দিলেও ৰিপুন বৰাই পাব লাগে ৪২টা ভোট৷ যি মেজিক নম্বৰ পালে ৰাজ্যসভালৈ পুনৰ যাব পাৰে ৰিপুন বৰা৷ কিন্তু তেওঁ পালে ৩৫টা ভোট৷ অৰ্থাৎ মিত্ৰতাত আৱদ্ধ সদস্যসংখ্যাতকৈ সাতটা ভোট কমকৈ পালে আৰু কোন ৭জন বিধায়কে বিশ্বাসঘাতকতা কৰিলে ৰিপুন বৰাক তাক লৈ ব্যাপক চৰ্চা হৈছে৷ কংগ্ৰেছে দাবী কৰা মতে ইউ ডি এফৰ ৭জন বিধায়কে বিশ্বাসঘাতকতা কৰিছে৷ কৰিমউদ্দিন বৰভূঞা, আব্দুল আজিজ, আশ্ৰাফুল ইছলাম, ৰফিকুল ইছলাম আৰু আমিনুল ইছলামে বিশ্বাসঘাতকতা কৰাৰ সন্দেহ কৰিছে কংগ্ৰেছে৷ কংগ্ৰেছৰে মিত্ৰতাত আৱদ্ধ হোৱাৰ পাছতো ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল গুৱাহাটীলৈ আহিয়েই কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে আক্ৰমণাত্মক হোৱা কথাটোৱে এই সম্ভাৱনাক আৰু বেছি নিশ্চয়তা প্ৰদান কৰিছে৷ স্মৰ্তব্য ইউ ডি এফে দাবী কৰিছে তেওঁলোকৰ ভোট সঠিক ঠাইতে পৰিছে৷ কংগ্ৰেছৰ বিধায়কেহে ৰিপুন বৰাক বিশ্বাসঘাতকতা কৰিছে৷ ইফালে বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে বাৰম্বাৰ ঘোষণা কৰিছে ‘ইউ ডি এফৰ ভোট আমাক নালাগে৷’ইউ ডি এফৰ ভোট নোপোৱা বুলি দাবী কৰিব খোজে বিজেপিয়ে৷ হয়তো দলৰ ভাৱমূৰ্তি নষ্ট হোৱাৰ ভয়ত বিজেপিয়ে এনে ৰাজনীতি কৰিব বিচাৰিছে৷ গোটেই বিষয়টো ধুসৰ কৰিবলৈ বিজেপিৰ একাধিক বিধায়কে পাকে-প্ৰকাৰে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ আৰু চি পি আই [এম] বিধায়ক মনোৰঞ্জন তালুকদাৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়া বুলি প্ৰতিষ্ঠা কৰিব বিচাৰিছে৷ স্মৰ্তব্য যে ইউ ডি এফে বিগত সময়ত কেইবাবাৰো মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক মকুলি প্ৰশংসা কৰি আহিছে৷ চৰকাৰৰ কাম-কাজক ভূৰি ভূৰি প্ৰশংসা কৰি আহিছে ইউ ডি এফৰ একাধিক বিধায়কে৷ কাজেই ৰিপুন বৰাক কংগ্ৰেছ বিধায়ক চিদ্দিক আহমেদৰ উপৰি ইউ ডি এফৰ বিধায়কে যে বিশ্বাসঘাতকতা কৰিছে সেয়া প্ৰায় নিশ্চিত৷উল্লেখ্য, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বে দাবী কৰিছিল কংগ্ৰেছৰ ৬-৭জন বিধায়কে বিজেপিক ভোট দিব৷ কংগ্ৰেছৰ ভোটেৰেই আমি জিকিম৷ ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতে মুখ্যমন্ত্ৰীজনে কয় যে কংগ্ৰেছৰ ৬-জ্জটা ভোট লাভ কৰিছোঁ৷ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতো অৰ্থাৎ বৃহস্পতিবাৰে মাজনিশা সংবাদ মেল আয়োজন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়– নিৰ্বাচন গণতান্ত্ৰিক আছিল৷ আমি বিবেক ভোট দিবলৈ আহ্বান জনাইছিলোঁ৷ আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিৰোধীৰ কেইবাজনো বিধায়কে আমাক ভোট দিছে৷ ইয়াৰ বাবে কংগ্ৰেছ, চিপিআই [এম], ৰাইজৰ দল আৰু ইউ ডি এফক ধন্যবাদ জনাইছোঁ৷ এই নিৰ্বাচন যথেষ্ট টান হ’লহেঁতেন কিন্তু যোৱা পৰহি ৰিপুন বৰাক সমৰ্থন কৰা দলসমূহৰ মাজত হুলস্থূল হ’ল তাৰ পাছতে আমি নিশ্চিত হ’লো যে আমি বিপুল ভোটত জিকিম৷ কাৰণ নিৰ্বাচনৰ আগত কোনো দলে কাজিয়া-পেচাল নকৰে৷ কিন্তু আমি প্ৰথমবাৰ দেখিলোঁ বিৰোধীৰ ৰাজনৈতিক অপৰিপক্কতা৷

ৰাজ্যসভাৰ নিৰ্বাচনত আশা কৰা মতেই জয়লাভ কৰাৰ পাছতে কালি বিজেপি, ইউপিপিএল আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণগৌড়া নাৰ্জাৰী কোক্‌ৰাঝাৰত উপস্থিত হয়৷ কোক্‌ৰাঝাৰ চহৰৰ বডোফা নগৰৰ কদমতলাস্থিত ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যালযত নৱ-নিৰ্বাচিত সাংসদজনক আদৰিবলৈ বিপুল আয়োজন কৰা হয়৷ সেইমৰ্মে তেওঁ কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে প্ৰতিকুল বতৰকো নেওচি বেণ্ডপাৰ্টিৰ সুৰৰ তালে নৃত্য প্ৰদৰ্শন কৰি আনন্দত মতলীয়া দলীয় নেতা-কৰ্মী আৰু সদস্য, সমৰ্থকসকলে পুষ্পবৃষ্টি কৰি ফুলৰ মালা আৰ’নাই, গামোচা আৰু বিভিন্ন জনগোষ্ঠীয় গামোচাৰ লগতে ফুলৰ থোপাৰে উষ্ম আদৰণি জনায়৷ উল্লেখ্য, বিজয়ী সাংসদজনক লৈ আজি কোক্‌ৰাঝাৰ চহৰত ইউপিপিএল দলে বৃহৎ বিজয় সমদল উলিওৱাৰ বাবে যো-জা চলাইছিল যদিও সাংসদজন জৰুৰী কামত গুৱাহাটীলৈ উভতি যাবলগীয়া হোৱাত শেষ মুহূৰ্তত উক্ত কাৰ্যসূচী বাতিল কৰা হয়৷ নৱ-নিৰ্বাচিত সাংসদ নাৰ্জাৰীয়ে আজি দলীয় কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি ৰাজ্যসভাৰ নিৰ্বাচনত তেওঁক অসমৰ উন্নয়নৰ স্বাৰ্থত আৰু বিটিআৰৰ স্বাৰ্থত ভোটপ্ৰদান কৰি বিজয় হোৱাত সহায় কৰা প্ৰতিজন বিধায়কলৈ ধন্যবাদ জ্ঞাপন কৰে৷ বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, অগপ সভাপতি অতুল বৰালৈকো ৰাজ্যসভা নিৰ্বাচনত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে৷ তদুপৰি, ৰাজ্যসভাৰ এজন সাংসদ হিচাপে বিটিআৰৰ লগতে সমগ্ৰ ৰাজ্যৰ সকলো জাতি-জনগোষ্ঠীৰ সমস্যা সন্দৰ্ভত ৰাজ্যসভাৰ মজিয়াত মাত মাতি যাব বুলি কয়৷ তদুপৰি, অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰতি মতে, ৰাজ্যসভাত এখন আসন মিত্ৰদল ইউপিপিএলক এৰি দিয়াকলৈ আজি ধন্যবাদ দি বিজেপি আৰু অগপৰ নেতৃত্ববৃন্দক মুকলিকৈ ধন্যবাদ প্ৰদান কৰে৷  সৱকা সাথ সৱকা বিকাশ শ্লোগানেৰে বিজেপিৰ দৰে ৰাষ্ট্ৰীয় দল এটা সৰু আঞ্চলিকতা দলক লগত লৈ কাম কৰাত উন্নয়নৰ গতি ত্বৰাম্বিত কৰিব বুলি কয়৷ বিটিআৰ চুক্তিৰে শান্তি প্ৰতিষ্ঠা হোৱাত আজি বিটিআৰ অঞ্চলতো দীৰ্ঘদিনৰ পৰা দাবী কৰি অহা ‘আফস্পা’ আইন প্ৰত্যাহাৰ কৰাৰ কথাও তেওঁ উল্লেখ কৰি কয় যে অসমৰ পৰা কুখ্যাত আফস্পা আইন কেন্দ্ৰীয় চৰকাৰে প্ৰত্যাহাৰ কৰাটো শান্তি আৰু উন্নয়নৰ শুভলক্ষণ বুলি মন্তব্য  কৰে৷ উল্লেখ্য যে, ৰাজ্যসভাৰ সাংসদ হিচাবে নিৰ্বাচিত হোৱা ৰণগৌড়া নাৰ্জাৰীয়ে আজি পুৱাই পোনে পোনে কোক্‌ৰাঝাৰ জিলাৰ দোতমাৰ থুলংগাপুৰীত বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ স্মৃতিসৌধ আৰু প্ৰতিমূত্তিৰ্ত মাল্যাৰ্পণ কৰি আশীৰ্বাদ বিচাৰে৷