Logo
image

ৰাছিয়াক ইউক্ৰেইনৰ প্ৰথমটো আঘাত, উৰুৱাই দিলে তৈলভাণ্ডাৰ

আমাৰ অসম, ১ এপ্ৰিলঃ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই সামৰিক অভিযান আৰম্ভ কৰাৰ পাছত ৰুছ ভূ-খণ্ডত ইউক্ৰেইনে চলোৱা প্ৰথমটো বৃহৎ আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে৷ এটা ভিডিঅ’ত দেখা গৈছে কেইবাখনো হেলিকপ্টাৰে ৰাছিয়াৰ এটা তৈল ভাণ্ডাৰ ক্ষেপণাস্ত্ৰৰে উৰুৱাই দিয়াৰ দৃশ্য৷ এই ঘটনাত কেইবাজনো লোক আহত হোৱাৰ লগতে ৰাছিয়াৰ প্ৰশাসনে অঞ্চলটোৰ বাসিন্দাসকলক নিৰাপদ স্থানলৈ লগে লগে স্থানান্তৰ কৰে৷ ৰাছিয়াই দাবী কৰা মতে এই আক্ৰমণৰ বাবে ইউক্ৰেইনে কেইবাখনো এম আই-২৪ হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে৷ যি অঞ্চলত আক্ৰমণটো চলোৱা হৈছিল সেই অঞ্চলটো ইউক্ৰেইনৰ সীমান্তৰ পৰা ৩৫ কিলোমিটাৰ নিলগত অৱস্থিত৷ ভিডিঅ’টোত হেলিকপ্টাৰ কেইখনে অতি কম উচ্ছতাৰ পৰা তৈল ভাণ্ডাৰটোলৈ লক্ষ্য কৰি কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা প্ৰত্যক্ষ হয়৷ ইপিনে  শেহতীয়াকৈ ইউক্ৰেইনৰ কেইবাখনো চহৰত ৰুছ সেনাই পুনৰ আৰম্ভ কৰিছে তীব্ৰ গোলা বৰ্ষণ৷ ইয়াৰ মাজতে ৰাছিয়াৰ সামৰিক অভিযানৰ পাছতে ৰুছ সেনাই নিজৰ অধীনলৈ নিয়া চেৰণবিলৰ পাৰমাণৱিক বিদ্যুৎ কেন্দ্ৰটোৰ পৰা হঠাৎ আঁতৰি যাবলৈ আৰম্ভ কৰিছে৷ কিহৰ বাবে হঠাৎ পাৰমাণৱিক বিদ্যুৎ কেন্দ্ৰটো ৰুছ সেনাই এৰিবলৈ বাধ্য হ’ল সেই বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই৷ একাংশই ধাৰণা কৰা মতে ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰাৰ পাছদিনাই এই পাৰমাণৱিক বিদ্যুৎ কেন্দ্ৰটো নিজৰ দখললৈ নিছিল৷ কিন্তু শেহতীয়াকৈ বিদ্যুৎ কেন্দ্ৰটোৰ চৌপাশে থকা গভীৰ অৰণ্যত তেজষ্ক্ৰিয়তাৰ মাত্ৰা বাঢ়িবলৈ ধৰাত ৰুছ সেনা বাহিনী সেই স্থানৰ পৰা পলায়ন কৰা বুলি ধাৰণা কৰিছে পৰ্যবেক্ষক মহলে৷

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতে ভাৰত ভ্ৰমণলৈ অহা ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক বৈঠকত মিলিত হয়৷ প্ৰায় ৪০ মিনিট ধৰি চলে এই বৈঠক৷ উক্ত বৈঠকত ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধকে ধৰি বিভিন্ন বিষয় সম্পৰ্কে দুয়োজন নেতাৰ মাজত আলোচনাই ঠাই পায়৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে বৈঠকৰ বিষয়ে এক বিবৃতিত জনোৱা মতে ৰাছিয়াৰ বৈদেশিকমন্ত্ৰীজনে মোদীক ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে বিস্তাৰিতভাৱে অৱগত কৰে৷ তদুপৰি ইউক্ৰেইন-ৰাছিয়াৰ শান্তি আলোচনাৰ তথ্যও দিয়ে লাভৰভে৷ ইপিনে মোদীয়ে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীজনক হিংসা পৰিত্যাগৰ বাবে আহ্বান জনোৱাৰ লগতে যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে ছাৰ্গেই লাভৰভে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে আন এক বৈঠকত মিলিত হয়৷ উক্ত বৈঠকত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ বিষয়টোৱে স্থান পায়৷ বৈঠকৰ পাছত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীজনে সংবাদ মাধ্যমৰ আগত কয়–‘ভাৰত এখন গুৰুত্বপূৰ্ণ দেশ৷ ভাৰতে বিচাৰিলে আন্তৰ্জাতিক সমস্যা সমূহৰ সমাধানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে৷ লগতে মোদীক ৰাষ্ট্ৰপতি ভ্‌লাদিমিৰ বাৰ্তা জনোৱাৰ বাবে তেওঁৰ এই ভাৰত ভ্ৰমণ বুলি উল্লেখ কৰে৷ উল্লেখ্য যে বৈঠকত ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয়ৰ বিষয়টোও ঠাই পায়৷ তদুপৰি আমেৰিকা আৰু  পশ্চিমীয়া দেশ সমূহে জাৰি কৰা নিষেধাজ্ঞাৰ পাছত ৰাছিয়া আৰু ভাৰতৰ বাণিজ্যিক যোগাযোগৰ দিশ নিৰ্দেশ সম্পৰ্কেও বৈদেশিক মন্ত্ৰীদুজনে আলোচনা কৰে৷ এই ক্ষেত্ৰত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীজনে ভাৰত-ৰাছিয়াৰ সম্পৰ্কত আমেৰিকাৰ নিষেধাজ্ঞাৰ কোনো প্ৰভাৱ নপৰে বুলি স্পষ্ট কৰি দিয়ে৷ উল্লেখ্য যে যুদ্ধ পৰিস্থিতিৰ মাজতে ছাৰ্গেই লাভৰভৰ ভাৰত ভ্ৰমণক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ইতিমধ্যেই উষ্মা প্ৰকাশ কৰিছে৷ তদুপৰি আমেৰিকাৰ বাণিজ্য সচিব জিলা ৰাইমণ্ডে ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয়ৰ বাবে কৰা চুক্তিক ‘চূড়ান্ত হতাশাজনক’বুলি আখ্যা দিছে৷ ইয়াৰ মাজতে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীজনৰ ভাৰত ভ্ৰমণে বিশেষ তাৎপৰ্যবহন কৰিছে৷