Logo
image

বিধায়কৰ বাবে হেলিপেড, দহ মহলীয়া টুইন টাৱাৰ

আমাৰ অসম, ১ এপ্ৰিলঃ ২০২৬ চনৰ ভিতৰত নতুন ৰূপ পাব অসম বিধানসভাই৷ কেইবছৰমানৰ পূৰ্বে আজমল পুত্ৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম আজমলে বিধানসভাৰ চৌহদত বিচাৰিছিল জিম আৰু চুইমিংপুল৷ চুইমিংপুল নহ’লেও আজি বিধানসভাৰ ভিতৰত বিধায়কৰ বাবে মুকলি হ’ল শৰীৰ চৰ্চা কেন্দ্ৰ৷ অৰ্থাৎ এইবাৰ বিধায়কৰ ফিটনেছত চকু দিছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ বিধানসভাৰ অধ্যক্ষ তথা সকলো মন্ত্ৰী তথা শাসকীয় দলৰ বিধায়কৰ উপস্থিতিত আজি বিধানসভাৰ চৌহদত এই জিম মুকলি কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ এই জিমত ট্ৰেড মিলকে ধৰি অত্যাধুনিক সা-সুবিধাৰ লগতে শৰীৰ চৰ্চা প্ৰশিক্ষকো ব্যৱস্থা থাকিব৷ এই জিম মুকলি কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়াৰ পৰা বিধানসভাৰ চৌহদত বিধায়ক সকলৰ লাইফ ইণ্টাৰষ্টিং হ’ব৷ আনহাতে আজি বিধানসভাত মুকলি হ’ল নতুন ডিজিটেল পুথিভৰালো৷ এই পুথিভৰালৰ জৰিয়তে ডিজিটেল কৰা হ’ব বিধানসভাৰ সকলো নথিপত্ৰ৷ এই পুথিভৰাল সকলোৰে বাবে মুকলি হ’ব৷ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদৰি কৰা অনুসৰি বিধায়ক তথা জনতাই একেলগে পুথি পঢ়িব পাৰিব এই পুথিভৰালত৷ লগতে বিধানসভাত আৰম্ভ হ’ব এখন বিশেষ কেণ্টিন৷ য’ত বিধায়কৰ লগ কৰিবলৈ অহা জনতাইয়ো বহিব পাৰিব৷ সময় দিব পাৰিব সমষ্টিৰ পৰা অহা লোকসকলক৷ কেৱল বিধায়কৰ বাবেই নহয় সাংসদৰ বাবেও নিৰ্মাণ হ’ব অতিথিশালা, লগতে নিৰ্মাণ হ’ব বিধায়কৰ এটি ক্লাব৷ অসম বিধানসভা চৌহদত নিৰ্মাণ হ’ব এটা ১০ মহলীয়া অত্যাধুনিক অট্টালিকা৷ অট্টালিকাত থাকিব হেলিপেডৰ সুবিধা৷ প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰাক্তন অধ্যক্ষৰ বাবেও আছুতীয়া আবাস৷ শুকুৰবাৰে এই ভৱনৰো আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুঠতে বশিষ্ঠত টুইন টাৱাৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত বিধানসভা চৌহদত নিৰ্মাণ হ’ব টু টাৱাৰ৷ বশিষ্ঠৰ পৰিৱৰ্তে অসম বিধানসভা চৌহদত নিৰ্মাণ হ’ব এই টুটাৱাৰ অট্টালিকা৷ মুঠ ৫৯.৪৯ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া অট্টালিকাৰ জৰিয়তে ৪২ গৰাকী বিধায়কক আৱাসৰ সুবিধা প্ৰদান কৰিবলৈ সক্ষম হ’ব৷ জিম, পুথিভৰাল মুকলিৰ লগতে নতুন আৱাসৰ আধাৰশিলা স্থাপনকে ধৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০২৬ ত নতুন ৰূপ পাব অসম বিধানসভাই৷