Logo
image

ৰক্তদানৰ পূৰ্বে এইকেইটা কথা জানি লওক

ৰক্তদানৰ বিষয়ে বহুতৰে সাধাৰণ ধাৰণাও নাই৷ বহুসংখ্যক লোকে ৰক্তদান কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি ভাবে৷ আন একাংশই কেনেকুৱা অৱস্থাত ৰক্তদান কৰিব পাৰি সেই বিষয়ে জ্ঞাত নহয়৷ যাৰে বাবে ৰক্তদান বহুতৰ বাবে এটা সংশয়ৰ কাৰণ হৈ পৰে৷ ৰক্তদানক লৈ মানুহৰ নানা সংশয় আছে৷ সাধাৰণতে এজন মানুহৰ পৰা এক ইউনিট তেজ লোৱা হয়৷ এই এক ইউনিট তেজ ৰক্তদান কৰোতাজনৰ দেহত এসপ্তাহৰ ভিতৰত পুনৰ তৈয়াৰ হয়৷ এক ইউনিট ৰক্তদান কৰিলে এজন সুস্থ মানুহৰ বাবে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়৷ কিন্তু কেইটামান বিশেষ কাৰণত যিকোনো লোকে ৰক্তদান কৰিব নোৱাৰে–

১. কোনো ৰোগ থাকিলেঃ ৰক্তজনিত কোনো ৰোগত ভুগি থাকিলে তেনে লোকে ৰক্তদান কৰিব নোৱাৰে৷ ইয়াৰ ভিতৰত হৈছে এইড্‌ছ আক্ৰান্ত, হৃদৰোগ, উচ্চ ৰক্তচাপ, কেন্সাৰ, কিডনীৰ অসুখত ভুগি থাকিলে ৰক্তদান কৰিব নোৱাৰি৷ এনিমিয়া ৰোগত আক্ৰান্ত লোকেও ৰক্তদান কৰিব নোৱাৰে৷ শৰীৰত যদি হিম’গ্লবিনৰ মাত্ৰা ১২.৫ থাকে তেতিয়াও ৰক্তদান কৰিব নোৱাৰে৷ হৃদস্পন্দনৰ হাৰ যদি ৫০১ কম হয় আৰু ১০০১ বেছি হয় তেতিয়াও ৰক্তদান কৰাত বাধা আছে৷ হাপানি, টিবি বা কোনো ধৰণৰ এলাৰ্জিৰ সমস্যা থাকিলেও ৰক্তদান কৰিব নোৱাৰে৷

২. বয়স আৰু ওজনঃ ১৮ৰ পৰা ৬৫ বছৰ বয়সৰ ভিতৰত হ’লে ৰক্তদান কৰিব পাৰে৷ কম পক্ষেও ৪৫ কেজি ওজন নহ’লে ৰক্তদান কৰিব নোৱাৰে৷ জ্বৰত আক্ৰান্ত হৈ থাকিলেও ৰক্তদানত বাধা আছে৷

৩. টাটুঃ ৰক্তদানৰ পূৰ্বে যদি ছমাহৰ ভিতৰত টাটু কৰে তেতিয়াও ৰক্তদান কৰিব নোৱাৰে৷ তদুপৰি ৰক্তদান কৰাৰ ২৪ ঘণ্টাৰ আগলৈকে সুৰাপান কৰা উচিত নহয়৷ একেদৰে ৰক্তদান কৰাৰ দুঘণ্টাৰ আগলৈকে ধূমপান কৰাটো অনুচিত৷

৪. টীকাকৰণঃ হেপাটাইটিছ-বি বা অন্য টীকা লোৱাৰ ছমাহৰ ভিতৰত ৰক্তদান কৰিব নালাগে৷ ইয়াৰ উপৰি ক’ভিড টীকা লোৱাৰ দুইৰ পৰা তিনি সপ্তাহৰ পাছতহে ৰক্তদান কৰিব পাৰে৷

৫. অন্তঃসত্ত্বাঃ অন্তঃসত্ত্বা অৱস্থাত ৰক্তদান কৰাত বাধা আছে৷ ইয়াৰ উপৰি গৰ্ভপাত হোৱাৰ পাছৰ ছমাহলৈকে ৰক্তদান কৰাত বাধা আছে৷ ৰক্তদান কৰাৰ ক্ষেত্ৰত প্ৰয়োজনত চিকিৎসকৰ পৰা পৰামৰ্শ লোৱা উচিত৷